Logo
image

আকাশত ওলাল জোন ঈদ আৰম্ভ

আমাৰ অসম, ২ মে’: সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ’ব পৱিত্ৰ ঈদ উল ফিটৰ৷ কেন্দ্ৰীয় হিলাল কমিটী, অসমৰ সভাপতি শেখ ফখৰউদ্দিন আহমেদ কাচিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে দেওবাৰে সন্ধিয়া এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে৷ বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে যে অসম তথা ভাৰতবৰ্ষত জোন দেখাৰ খবৰ পোৱা নগ’ল, সেয়েহে অহা ৩ মে’, মঙলবাৰে ভাৰতবৰ্ষৰ লগতে অসমতো ঈদ পালন কৰা হ’ব৷ এই উপলক্ষে কেন্দ্ৰীয় হিলাল কমিটীয়ে সদৌ অসমবাসী ৰাইজক ঈদ মোবাৰক জনাইছে৷ লক্ষণীয় যে আজি কেন্দ্ৰীয় হিলাল কমিটীয়ে মঙলবাৰে ঈদ ঘোষণা কৰাৰ লগে লগে মাজত মাত্ৰ সোমবাৰৰ দিনটোহে বাকী থাকিল৷ উল্লেখ্য যে বিগত দুটা বৰ্ষ ক’ভিডৰ বাবে ঈদ পালন কৰিব নোৱাৰাৰ বাবে এইবাৰ ঈদক লৈ মুছলমান ধৰ্মাৱলম্বী ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে৷ মঙলবাৰে পুৱা দুই ৰাকাট ৱাজিব নামাজ পঢ়ি মুছলমান ধৰ্মাৱলম্বী লোকসকলে ত্যাগ আৰু ভ্ৰাতৃত্ব উৎসৱ ঈদ উল ফিটৰ পালন কৰিব৷ ইতিমধ্যে পৱিত্ৰ ঈদ উপলক্ষে ৰাজ্যৰ ঈদগাহসমূহ ৰংবিৰঙী ফুলেৰে সজাই তোলা হৈছে৷ সুন্দৰভাৱে সজাই পৰাই থোৱা ঈদগাহসমূহত সকলোৱে সমিল-মিলেৰে ঈদ উদযাপনৰ বাবে সাজু হৈছে৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিখন চহৰ-নগৰ, গাঁৱে-ভূঞে ঈদৰ বজাৰৰ সকলো সামগ্ৰী উপলব্ধ হৈ পৰিছে৷ কিন্তু পৱিত্ৰ ঈদৰ প্ৰাক্‌ক্ষণত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ম্লান কৰিছে ঈদৰ উৎসাহ৷