Logo
image

বিজয়ৰ বৰ্ষপূৰ্তি কোনে কেনেকৈ পালিলে

আমাৰ অসম, ৩ মে’: ৰাজ্যত দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনলৈ অহা বিজেপি মিত্ৰজোঁটৰ জয়ৰ সোমবাৰে বৰ্ষপূৰ্তি৷ বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা কেইবাজনো বিধায়কে সোমবাৰে উদ্‌যাপন কৰে বৰ্ষপূৰ্তি অনুষ্ঠান৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি পৰিচিত বিধায়ক তৰংগ গগৈয়ে সমষ্টিটোৰ ১৪ খন পঞ্চায়তত কেক কাটি উদ্‌যাপন কৰে বৰ্ষপূৰ্তি৷ ইয়াৰে কেইবাটাও অনুষ্ঠানত বিধায়ক গগৈয়ে বিহুনৃত্য কৰি, বিহুগীত গাই আনন্দোৎসৱত ভাগ লয়৷ পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বৰ্ষপূৰ্তি উপলক্ষ্যে মিৰ্জাস্থিত শ্ৰীশ্ৰী মা নিজেশ্বৰী মন্দিৰত আশীষ লোৱাৰ উপৰি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে৷ উল্লেখ্য, ২০২১ চনৰ আজিৰ দিনটোতে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছিল৷ ১০ মে’তহে শপত লৈছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে৷ চৰকাৰ গঠন কৰিয়ে এবছৰ পূৰ হোৱাৰ পূৰ্বে গণি গণি ১ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ কিন্তু আজিৰ তাৰিখলৈ চাই ১০ মে’১ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিয়াটো সম্ভৱ নহয়৷

সমষ্টিৰ ১৪টা পঞ্চায়তত কেক কাটি  বৰ্ষপূৰ্তি উদ্‌যাপন বিধায়ক তৰংগ গগৈৰ

বিগত বৰ্ষৰ ২ মে’ত নাহৰকটীয়া বাসীৰ আস্থা আৰু বিপুল সমৰ্থনত নাহৰকটীয়াৰ ইতিহাসত প্ৰথম বাৰৰ বাবে বিজেপি বিধায়ক ৰূপে বিধান সভালৈ নিৰ্বাচিত হৈছিল নাহৰকটীয়াৰ যুৱনেতা তৰংগ গগৈ৷ উল্লেখ্য যে সেই সময়ত সমগ্ৰ ৰাজ্যত অব্যাহত থকা ক’ভিড ভয়াবহতাৰ বাবে চৰকাৰে ক’ভিড সম্পৰ্কীয় নীতি নিয়ম কঠোৰভাৱে বলৱ ৰখাত উক্ত নিৰ্বাচনত বিজয়ী সকলে ব্যৰ্থ হৈছিল সামাজিক ভাৱে আনন্দোৎসব কৰিবলৈ৷ ইয়াৰ পৰিৱৰ্তে বিধায়ক তৰংগ গগৈয়ে বিধায়ক ৰূপে দায়িত্ব লৈয়েই সমষ্টিটোৰ উন্নয়নৰ বাবে আৰম্ভ কৰিছিল অক্লান্ত সংগ্ৰাম, যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত শিক্ষা, পথ, স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত দেখা গল যথেষ্ট ইতিবাচক ফলাফল৷ এনে পদক্ষেপ আৰু কায্যসূচী সমূহৰ ফলত সমষ্টিটোৱে ৰাজ্যখনৰ ভিতৰতে যি এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ প্ৰতি আকৃষ্ট হৈয়ে বিগত এটা বছৰতে নাহৰকটীয়াত বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দলৰ সহস্ৰাধিক নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত৷ মনকৰিবলগীয়া যে সমষ্টিটোৰ মুঠ ১৪খন পঞ্চায়তত থকা বিজেপিৰ নেতা কৰ্মী আৰু শুভাকাংক্ষী য়ে সোমবাৰে প্ৰতিটো পঞ্চায়ততে তৰংগ গগৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ এটা বৰ্ষ পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠানৰ৷ উক্ত অনুষ্ঠান সমূহত নেতা কৰ্মী সকলৰ লগতে শুভাকাংক্ষী সকলে তৰংগ গগৈৰ বিধায়ক ৰূপে এটা বৰ্ষ পূৰ্ণ হোৱাৰ আনন্দত কেক কাটি বৰ্ষপূৰ্তি উদ্‌যাপন কৰাৰ লগতে বিগত এটা বৰ্ষত সমষ্টি টোৰ উন্নয়নৰ বাবে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক কৃতজ্ঞতাৰে সোঁৱৰণ কৰে৷ উল্লেখ্য যে ইয়াৰে কেইবাটাও অনুষ্ঠানত বিধায়ক গৰাকীয়ে নিজেই উপস্থিত থাকি কেক কটাৰ লগতে বিহু নৃত্য, বিহু গীত আদি পৰিৱেশন কৰি আনন্দোৎসৱত অংশগ্ৰহণ কৰে৷ আনহাতে বিধায়ক গৰাকীয়ে তেওঁৰ এই এবছৰীয়া উন্নয়নৰ যাত্ৰাত দলীয় নেতা কৰ্মী সকলৰ লগতে শুভাকাংক্ষী সকলে তেওঁৰ প্ৰতি আগবঢ়াই অহা সহযোগিতাই তেওঁক উন্নয়ন মূলক কাম কৰি যাবলৈ অধিক উৎসাহিত কৰে বুলি মন্তব্য কৰি আগন্তুক সময়তো সমষ্টিটোৰ উন্নয়নৰ অবিৰত যাত্ৰাত সকলোকে অংশীদাৰ তথা সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ 

দিনজোৰা কাৰ্যসূচীৰে বৰ্ষপূৰ্তি পালন কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই

২০২১ ইং বৰ্ষৰ ২ মে’ৰ দিনটোত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আন আন সমষ্টিৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হেমাংগ ঠাকুৰীয়া৷ সেয়েহে পলাশবাৰীত আজি দিনযোৰা কাৰ্যসূচীৰে এবছৰীয়া বৰ্ষপুৰ্তি উদযাপন কৰে বিধায়ক ঠাকুৰীয়াই৷ পুৱা মিৰ্জাস্থিত শ্ৰীশ্ৰী মাঁ নিজেশ্বৰী মন্দিৰত আশিস লয় বিধায়কজনে৷ এই পবিত্ৰ স্থানৰ পৰাই যোৱা বছৰৰ বিধান সভা নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়ত আশিস লৈ গৈছিল বিধায়কজনে৷ আজি নিজৰ এবছৰীয়া কাৰ্যকালৰ পূৰ্ণ হোৱাত এবছৰীয়া দিনটোত পুনৰ মনত পেলাই আশিস ল’বলৈ আহে শ্ৰীশ্ৰী নিজেশ্বৰী মন্দিৰলৈ৷ তাৰ পিছতে সোণতলাস্থিত দ্বীপশিখা ফাউণ্ডেচনে গঢ়ি তোলা কৰ্কট ৰোগীৰ শুশ্ৰূষা কেন্দ্ৰত উপস্থিত হৈ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে আৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়ায়৷ বৰ্ষপুৰ্তি উপলক্ষে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পৃষ্ঠপোষকতাত মিৰ্জাস্থিত সতোপাৰা ৰাইজ গয়ৰহ মন্দিৰ প্ৰাঙ্গনত দলীয় কাৰ্যকৰ্তাৰ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে৷ দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত মতবিনিময় অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াই কেক কাটি এবছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰে৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি পলাশবাৰী সমষ্টিৰো উন্নয়নৰ খতিয়ান দাঙি ধৰে৷ সভাত ৰাজ্যিক সদস্য অনুপ কুমাৰ মেধি, অঞ্জন গোস্বামীসহ বহুকেইজন বিজেপিৰ নেতাই উপস্থিত থাকে৷ মতবিনিময় অনুষ্ঠানৰ পিছতে দুটি বিহু দলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত শতাধিক দলীয় নেতা-কৰ্মী আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে৷