Logo
image

কাইলৈ গুৱাহাটীত ৰাষ্ট্ৰপতিৰ সভা

আমাৰ অসম, ৩ মে’: দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ মাত্ৰ দুটা মাহ আৰু এটা সপ্তাহৰ বিৰতিৰ অন্তত মঙলবাৰে বিয়লি পুনৰ এক তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব৷ ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানৰে গুৱাহাটীলৈ আহিবলগীয়া ৰাষ্ট্ৰপতিগৰাকী নিশাটো পূৰ্বৰ দৰে কইনাধৰাত ১ নং চৰকাৰী অতিথিশালাত থকাৰ কথা৷ ৪ মে’ত ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়াৰ প্ৰাকক্ষণত ভাষণৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত চলি থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্ৰীমন্ত শংকৰদেব কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল’ব৷ অনুষ্ঠানত কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় জাহাজ, বন্দৰ জলপথ আৰু আয়ুসমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় ডনাৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মা, অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখি, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব৷ ইয়াৰ পূৰ্বে বিগত ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আহিছিল ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে৷ সেইবাৰো কইনাধৰাত ৰ নং চৰকাৰী অতিথি শালাত কটোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ধিয়াৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত এক বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল৷ ইতিমধ্যে বিগত কেইদিনত বৰষুণে স্বাভাৱিক জনজীৱন জুৰুলা কৰা গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে ৰাষ্ট্ৰপতিৰ আগমণ উপলক্ষে পথত ষ্ট্ৰীট লাইট, স্থাপন, বাট-পথৰ মেৰামতি আৰু কলাক্ষেত্ৰ চৌহদৰ শেহতীয়া সৌন্দৰ্যবন্ধনৰ কাম কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতিৰ আগমণ উপলক্ষে বাট পথৰ মেৰামতি, সৌন্দৰ্য বৰ্ধনাকে ধৰি যিখিনি আন্তঃগাঁথনিৰ কাম কৰা হৈছিল তাৰ বেছিভাগেই বিগত এটা মাহ ধৰি মাজে সময়ে হৈ থকা বৰষুণৰ ফলত নষ্ট হৈ গৈছে৷