Logo
image

কাগজ কলৰ ৩০৮ কোটি টকা মুকলি

আমাৰ অসম, ৪ মে’: অৱশেষত পেপাৰ মিলৰ দুৰ্ভগীয়া কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ৷ এইচ পি চিৰ অধীনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰাপ্য বকেয়াৰ চুক্তি অনুযায়ী প্ৰথম পৰ্যায়ত ৩০৮.৭৫ কোটি টকা মোকলাই দিয়াত কেবিনেটে অনুমোদন জনালে৷ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কাগজ কল দুটাৰ কৰ্মচাৰীৰ বাবে ৭০০ কোটি টকাৰ সাহায্য পেকেজৰ ৩০৮.৭৫ কোটি টকা মুকলিত অনুমোদন জনায়৷ এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়– ‘কাগজ কলৰ কৰ্মচাৰীৰে বুজাবুজি চুক্তিমৰ্মে প্ৰাপ্ত বকেয়াৰ ৩০৮.৭৫ কোটি টকা মোকলাই দিয়াৰ বাবে কেবিনেটে অনুমোদন জনাইছে৷ প্ৰত্যেকজন কৰ্মচাৰীয়ে তৎকালীনভাৱে বকেয়াৰ এই ধন লাভ কৰিব৷ আনহাতে, কাগজ কলৰ ১০০জন কৰ্মচাৰীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ বৰ্তমান ১০০জনতকৈ অধিক লোকে আবেদন জনাইছে৷ সেই আবেদনসমূহ পৰীক্ষা কৰি এসপ্তাহৰ ভিতৰত প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিম৷’ উল্লেখ্য, কাগজ কলৰ কৰ্মচাৰীয়ে বৰ্তমান ৬৩ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ লগতে ধনৰ অভাৱত উপযুক্ত চিকিৎসা অবিহনে ১০৩জন বিষয়া-কৰ্মচাৰীৰ মৃত্যুও হৈছে৷ অৱশ্যে চৰকাৰে প্ৰাপ্য বকেয়া হিচাপে ৫৭০ কোটি টকা মোকলাই দিব বুলি চুক্তি কৰিছিল যদিও এতিয়া ৩০৮.৭৫ কোটি টকাহে দিয়াৰ কথা ঘোষণা কৰাত কৰ্মচাৰীসকলে এই ধন কেনেকৈ ভাগ-বটোৱাৰা কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷