Logo
image

ৰাজ্যৰ আইটিআইৰ দায়িত্ব ল’ব টাটাই

আমাৰ অসম, ৪ মে’: শুৱালকুছি আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ’বলগীয়া ৪.০৮ কিলোমিটাৰ ৪ লেনযুক্ত দলঙৰ বাবে অসম কেবিনেটে ৩১,১৯৭ কোটি টকীয়া অনুমোদন দিয়ে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে মঙলবাৰে উক্ত প্ৰকল্পৰ পুঁজিত অনুমোদন জনায়৷ তদুপৰি কেবিনেটে বৰাঝাৰৰ বিমানবন্দৰ আৰু নামনি অসমৰ জিলাসমূহৰ মাজৰ দূৰত্ব ২৫ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ লগতে বিমানবন্দৰৰ পৰা শুৱালকুছি আৰু আমিনগাঁৱলৈ সুচল যোগাযোগ নিশ্চিতকৰণত অনুমোদন জনায়৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা এইচ এফ এ [নগৰ]ৰ অধীনত নিৰ্মিত সকলো অসম্পৰ্ণ গৃহৰ অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত হিতাধিকাৰীসকলক সকাহ প্ৰদান কৰিবলৈ ৰাজ্যিক ৰাজসাহায্য ৫০,০০০ ৰ পৰা ৬০,০০০ টকালৈ বৃদ্ধি, প্ৰধানমন্ত্ৰী আৱাস যোজনা এইচ এফ এ [নগৰ]ৰ হিতাধিকাৰী নেতৃত্বাধীন নিৰ্মাণ [বি এল চি]ৰ অধীনত ঘৰবোৰ আগতীয়াকৈ সম্পূৰ্ণকৰণৰ বাবে মূধচ পৰ্যায়ত উপনীত হিতাধিকাৰীলৈ তৃতীয় কিস্তি হিচাপে ৩০,০০০ টকা মুকলিত অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে আনুমানিক ১১৬.৩ কোটি অতিৰিক্ত ব্যয়েৰে ১,১৬,৩৮০ গৰাকী হিতাধিকাৰী লাভান্বিত হ’ব৷ এনেধৰণৰ উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰা অসম প্ৰথমখন ৰাজ্য৷ কেবিনেটে গুৱাহাটী গেটৱে’ ঘাটত টাৰ্মিনেল আৰু নদীমুখ আন্তঃগাঁথনি নিৰ্মাণৰ ঠিকাত অনুমোদন জনায়৷ ২৮৯.৪৫ টকা ব্যয় সপেক্ষে প্ৰকল্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰ্যটন সম্ভাৱনীয়তা বৃদ্ধিৰ লগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত উন্নত আৰু সুৰক্ষিত যোগাযোগ ব্যৱস্থা হ’ব৷ ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন কোম্পানী হিচাপে অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেড [এ আই ডব্লিউ চি এল]গঠন কৰে৷ কোম্পানীৰ কাৰ্যসমূহ ৰিভাৰ ক্ৰুইজকে ধৰি অসমৰ ভিতৰত ব্যয়সাপেক্ষ জল পৰিবহণ সেৱা স্থাপন, পৰিচৰ্যা আৰু নিয়ন্ত্ৰণ, সকলো বতৰ অনুকূল বন্দৰ, ঘাট, যাত্ৰী, টাৰ্মিনেল আদিৰ পৰচিৰ্যা আৰু উন্নীকৰণৰ টাটা কৰা টেকন’লজী লিমিটেডৰ সহযোগিতাত ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু ৪৩খন চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক ‘উৎকৰ্ষ কেন্দ্ৰ’লৈ উন্নীতকৰণত অনুমোদন জনায় কেবেনেটে৷ ইয়াৰে ৮৭ শতাংশ ব্যয় বহন কৰিব টাটাই৷ বাকী অংশ বহন কৰিব ৰাজ্য চৰকাৰে৷ চাহ প্ৰক্ৰিয়াকৰণ, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প আৰু বস্ত্ৰ আদি উদ্যোগত কৰ্মৰত অসমৰ দক্ষ শ্ৰমিকসকলক দক্ষতা বিকাশৰ বাবে সুবিধা প্ৰদান কৰাৰ বাবে ২,৩৯০ কোট টকা ধাৰ্য কৰা হৈছে৷ চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তিত অনুমোদন জনায়৷ সেই মতে স্নাতক শিক্ষক ৩,৫৬৪, স্নাতকোত্তৰ শিক্ষক ১,৩০৪ মুঠ ৪,৮৬৪ শিক্ষকৰ পদত অনুমোদন জনোৱা হয়৷ বঙাইগাঁও, ধেমাজি, গোলাঘাট আৰু মৰিগাঁৱত নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণত প্ৰশাসনিক অনুমোদন জনায় কেবিনেটে৷ প্ৰকল্পসমূহ নাবাৰ্ড আন্তঃগাঁঠনি উন্নয়ন সাহায্য [নিডা] আৰু অসম আন্তঃগঠনি বিত্তীয় প্ৰাধিকৰণ [আইফা]ৰ অধীনত নিৰ্মাণ হ’বলগা প্ৰকল্পৰ প্ৰকল্প ব্যয় ২,০০০ কোটি টকা৷ ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ বায়গড় জিলাৰ তিৱাৰে গাঁৱত ‘অসম কমপ্লেক্স’ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷ ইয়াৰ বাবে ভূমিৰ মূল্য সন্দৰ্ভত আলোচনাৰ বাবে গঠিত সমিতিয়ে ২০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব৷