Logo
image

নিৰ্মাণত আসোঁৱাহ মাজুলী দলঙৰ কাম সাময়িকভাৱে বন্ধ

আমাৰ অসম, ৫ মে'ঃ মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত সংঘটিত হোৱা বিসংগতি তথা আসোঁৱাহৰ তথ্য পোহৰলৈ অহাৰ পাছতে গড়কাপ্টানী বিভাগৰ নিৰ্দেশমৰ্মে দলঙৰ খুঁটাৰ পকী কাম সাময়িকভাৱে বন্ধ ৰাখিছে বিভাগে৷  ইউ পি ব্ৰিজ কন্সট্ৰাকশ্বন কোম্পানীটোয়ে নিৰ্মাণ কৰা বহুপ্ৰত্যাশিত হেঁপাহৰ মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ আৰু ১১ নম্বৰ খুঁটাৰ পাইলিঙৰ জইনিঙত বালি আৰু চিমেণ্টৰ  মিহলোৱা পৰিমাণ তাৰতম্য ৰখাৰ বাবে বৃহৎ ফাঁক ধৰা পৰিছিল৷ কোম্পানীটোৰ কৰ্মৰত অভিযন্তা তথা কৰ্মচাৰীসকলে বিসংগতিৰ কথা স্বীকাৰ কৰা ঘটনাই দলং নিৰ্মাণৰ নামত অদূৰ ভৱিষ্যতে মাজুলীৰ জনসাধাৰণক বিপদৰ গৰাহলৈ ঠেলি দিয়াৰ উপক্ৰম হৈছে৷ উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক দলং নিৰ্মাণৰ শুভাৰম্ভ কৰা বহুচৰ্চিত মাজুলী-যোৰহাট সংযোগী দলঙৰ পুঁজিৰ পৰিমাণ ৯২৫ কোটি টকা৷ বৰ্তমানলৈ দহটা খুঁটা নিৰ্মাণৰ কাম চলি আছে৷ ইয়াৰ লগে লগে বহু আশাৰে হেঁপাহৰ দলংখনলৈ বাট চাই আছে মাজুলীবাসী৷  এনে সময়তে দলঙত ধৰা পৰা এই বিসংগতিয়ে চকু কপালত তুলিছে মাজুলীবাসীৰ৷  এই সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞাই কয়, ‘বৰ্তমান নেচনেল হাইৱে কতৃৰ্পক্ষই বিষটো তদন্ত কৰিছে৷ ইতিমধ্যে উচ্ছপদস্থ কাৰিকৰী বিষয়া আহিছে৷ কাৰ্যবাহী অভিযন্তা প্ৰশান্ত শইকীয়াই আমাক জনাইছে যে বৰ্তমান খুঁটা নিৰ্মাণকাৰ্যত বহু বিসংগতি আছে বুলি অনুধাৱন কৰি নিৰ্মাণকাৰ্য বন্ধ ৰাখিছে৷ আৰু কাৰিকৰীভাৱে যদি খুঁটাখিনিত বিসংগতি ওলায় তেনে নিৰ্মিত খুঁটাকেইটাও ভাঙি দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ গতিকে আমি ক’ব বিচাৰিছোঁ ইউ পি ব্ৰিজ কন্সষ্ট্ৰাকচন কোম্পানীয়ে এনেধৰণৰ দুৰ্নীতিৰে মাজুলীবাসীৰ বহু আশাৰ দলংখনৰ নিৰ্মাণত কৰা লৰা-ধেমালিক আমি গৰিহণা দিছোঁ৷ এই কাৰ্যৰ উচিত তদন্ত আৰু পৰীক্ষণৰ দাবী জনাইছোঁ৷’ ইফালে দলঙৰ বিসংগতিৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সমগ্ৰ মাজুলীবাসীক৷ উদ্বিগ্নতা প্ৰকাশ কৰি কমলাবাৰী সত্ৰৰ বৈষ্ণৱ প্ৰভাত বুঢ়াভকতে কয়, ‘দলং নিৰ্মাণৰ বিসংগতিৰ খবৰে সমগ্ৰ বিশ্ববাসীক শংকিত কৰিব৷  এই দলং কেৱল মাজুলী-যোৰহাট সংযোগী দলঙেই নহয়৷ সমগ্ৰ বিশ্বৰ পৰ্যটকৰ আগমনৰ পথ হ’ব৷ তেনেস্থলত নিৰ্মাণৰ প্ৰাৰম্ভিক অৱস্থাতেই যদি এনে হয় তেনে ইয়াৰ উচিত নিৰ্মূলৰ ব্যৱস্থা সংশ্লিষ্ট বিভাগে কৰিব লাগিব৷ ইয়াৰ প্ৰতি প্ৰতিবেদনো ৰাজহুৱা কৰিব লাগিব৷’ ইতিমধ্যে গুৱাহাটীৰ পৰা এটা বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছেহি মাজুলীত৷ কালিলৈ বিশেষজ্ঞৰ দলে পৰীক্ষণ কৰিব খুঁটাসমূহ৷ প্ৰয়োজন সাপেক্ষে বিসংগতি ওলোৱা দুয়োটা খুঁটা ভাঙি পুনৰ নিৰ্মাণ কৰিব বুলিও উল্লেখ কৰে।