Logo
image

‘বাঘজান’ক লৈ নিৰ্মিত অসমৰ ছবি কানলৈ

‘আমাৰ অসম’,৫ মে'ঃ ৯ বছৰীয়া ‘বুম্বা ৰাইড’, মানে ইন্দ্ৰজিৎ পেগুৱে জীৱনত কেতিয়াও চিনেমা চাই পোৱা নাই, চিনেমা হল বা মাল্টিপ্লেক্স দেখা দূৰঅস্ত৷ ম’বাইলৰ কেমেৰাৰ বাহিৰে কেতিয়াবা মুভি কেমেৰা দেখাৰ প্ৰশ্নই নুঠে৷ সেই ‘বুম্বা ৰাইড’ অৰ্থাৎ ইন্দ্ৰজিৎ পেগু এইবাৰ ওলাইছে আক্ষৰিক অৰ্থতে সাত সাগৰ তেৰ নদী পাৰ হৈ কান আৰু নিউয়ৰ্ক ইণ্ডিয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল জিনিবলৈ৷ ইতিমধ্যে নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ‘বুম্বা ৰাইড’ নামৰ ছবিখনৰ নাম ভূমিকাত অভিনয় কৰা ইন্দ্ৰজিৎ পেগু শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটাৰ বাবে মনোনীত হৈছে৷ অহা ৭ মে’ৰ পৰা হ’বলগীয়া নিউয়ৰ্কৰ উক্ত চলচ্ছিত্ৰ মহোৎসৱত ইন্দ্ৰজিতে শ্ৰেষ্ঠ শিশু অভিনেতাৰ শিতানত বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ খবৰ ৰাজ্যবাসীৰ বাবে পুৰণি হ’ল৷ য’ত ‘বুম্বা ৰাইড’ৰ উপৰি ‘অৰ্জুন’ ছবিত অভিনয়ৰ বাবে অৰ্ণব আবদাগিৰেই, ‘দাল-ভাত’ত অভিনয়ৰ বাবে জিনয় হাৰিয়া, ‘ডেইড়’ত অভিনয়ৰ বাবে শ্ৰেয়স কোটা আৰু ‘গান্ধী এণ্ড কোম্পানী’ত অভিনয়ৰ বাবে ৰেয়ান শ্বাহ তথা হিৰণ্য ঝিনঝুনৱাড়িয়াই একে শিতানত শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে৷ সেই কৃতিত্ব লাভ কৰা ইন্দ্ৰজিৎ পেগু অভিনীত ‘বুম্বা ৰাইড’ নামৰ পূৰ্ণ দৈৰ্ঘৰ ছবিখন এইবাৰ প্ৰদৰ্শিত হ’ব কান চলচ্ছিত্ৰ মহোৎসৱত৷

একে কান চলচ্ছিত্ৰ মহোৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্ৰদৰ্শিত হ’ব বাঘজান নামৰ অসমীয়া ছবিখন৷ জয়ছেং চাই দহোটিয়াই নিৰ্মাণ কৰা বাঘজান নামৰ ছবিখন এইবাৰ কান মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব বুলি মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ঘোষণা কৰিছে৷ অনুৰাগ ঠাকুৰে জনোৱা মতে, ফ্ৰান্সৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ  ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এইবাৰ ফৰাচী চৰকাৰৰ উদ্যোগত ভাৰতীয় ছবিত কান চলচ্ছিত্ৰ মহোৎসৱত বিশেষ সুযোগ প্ৰদান কৰা হৈছে৷ সেই অনুসৰি উক্ত চলচিচত্ৰ মহোৎৱৰ ফিল্ম বাজাৰ শাখালৈ অসমৰ বাঘজান নামৰ ছবিখনৰ উপৰি আৰু আন চাৰিখন ছবি প্ৰেৰণ কৰা হ’ব৷ অহা ১৭-২২ মে’লৈ অনুষ্ঠিত হ’বলগীয়া কান চলচিচত্ৰ মহোৎসৱৰ ফিল্ম বাজাৰ শাখাত অসমৰ বাঘজান নামৰ ছবিখনৰ লগতে শৈলেন্দ্ৰ চাহু নিৰ্মিত ছত্তিশগড়ৰ হিন্দী ছবি বাইলাডিলা, আনখন হিন্দী ছবি এক জগহঅপনি, কানাৰা ছবি ফলোৱাৰ আৰু আন এখন কানাড়া ছবি শিৱম্মা প্ৰদৰ্শিত হ’ব৷ মৰাণৰ জয়চেং চাই দহোটিয়াই নিৰ্মাণ কৰা বাঘজান নামৰ ছবিখন ফ্ৰান্সৰ এই বিখ্যাত চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলৈ লাভ কৰা সুবিধাই অসমক গৌৰৱান্বিত কৰিছে৷ উল্লেখ্য, বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভোগ কৰা স্থানীয় বাসিন্দাৰ মৰ্মবেদনা এই ছবিত প্ৰদৰ্শিত হৈছে৷

ইপিনে একেখন কান চলচিচত্ৰ মহোৎসৱত ভিন্ন শাখাত অসমৰ পূৰ্ণ দৈৰ্ঘৰ ছবি ‘বুম্বা ৰাইড’ প্ৰদৰ্শিত হ’ব বুলি ছবিখনৰ প্ৰযোজক লুইত বৰ্মনে জানিবলৈ দিছে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ চলচ্ছিত্ৰ মহোৎসৱ সঞ্চালকালয়ৰ পৰা ‘বুম্বা ৰাইড’ অহা ২২ মে’ত কান চলচিচত্ৰ মহোৎসৱৰ মূল ছবিঘৰ ‘অলিম্পিয়া থিয়েটাৰ’ত প্ৰদৰ্শন কৰিবলৈ নিৰ্বাচিত কৰা বুলি ছবিখনৰ প্ৰযোজক-পৰিচালকক জনাইছে৷ ছবিখন পৰিচালনা কৰিছে ‘গড অন দ্য বেলকনি’ নামৰ ছবিখনেৰে বহু পুৰস্কাৰ লাভ কৰা পৰিচালক বিশ্বজিৎ বৰাই৷ এই ছবিখনো ভাৰত আৰু ফ্ৰান্সৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ সন্মান দি বিশেষ শাখাত প্ৰদৰ্শন কৰা হ’ব৷ এই অসমীয়া ছবিখনৰ লগতে সেই বিশেষ শাখালৈ ভিন্ন ভিন্ন ভাষাৰ মুঠতে পাঁচখন ভাৰতীয় ছবি কান মহোৎসৱলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত নিৰ্বাচিত কৰা বুলি ভাৰতীয় চলচ্ছিত্ৰ মহোৎসৱ সঞ্চালকালয়ে ই-মেইলৰ জৰিয়তে প্ৰযোজক আৰু পৰিচালকক জনাইছে৷