Logo
image

টকা বিচাৰি দিছপুৰ পালেহি জন আব্ৰাহাম

আমাৰ অসম, ৬ মে’: সুন্দৰ সুঠাম দেহৰ গৰাকী হৈও ভাৱলেশহীন মুখাৱয়ব আৰু অভিনয়ৰ অভিব্যক্তি নথকাৰ বাবে বলীউডত স্থায়ীভাৱে কেতিয়াও খোপনি ল’ব নোৱাৰিলে জন আব্ৰাহামে৷ অভিনয়তকৈ দেশজুৰি জন আব্ৰাহাম অধিক বিখ্যাত অথবা জনপ্ৰিয় হৈ পৰিল ভাৰতীয় পেছাদাৰী ফুটবল লীগ আই এছ এলৰ অন্যতম দল নৰ্থইষ্ট ইউনাইটেড এফছিৰ মালিক হৈ৷ ফুটবলৰ উন্নতি সাধনতকৈ ধন ঘটাৰ মূল পন্থা হিচাপে আই এছ এলৰ নৰ্থইষ্ট ইউনাইটেড এফছি নামৰ দল এটাৰ গৰাকী হ’লেও এতিয়া জন আব্ৰাহামৰ সেই ব্যৱসায়ত ধন আহৰণতকৈ ব্যয় অধিক হৈ পৰিছে৷ প্ৰথম দুই-তিনিটা বছৰত  উত্তৰ-পূবৰ, ঘাইকৈ গুৱাহাটীৰ ফুটবল অনুৰাগীয়ে ষ্টেডিয়াম  ভৰাই পেলাই অভিলেখ সৃষ্টি কৰাৰ সময়ত জন আব্ৰাহামে সেই দলৰ জৰিয়তে টকাও ঘটিছিল হোৰাহোৰে৷ এতিয়া দেশৰ পেছাদাৰী লীগখনে ৭ বছৰ অতিক্ৰম কৰি অষ্টম বছৰত ভৰি দিয়াৰ সময়ত যেন সেই ৰামো নাই, অযোধ্যাও নাই৷ আচলতে জন আব্ৰাহামৰ হাতত দল চলাব পৰাকৈ টকা নাই৷ সেয়ে আৰ্থিক সাহায্য বিচাৰি নৰ্থইষ্ট ইউনাইটেড এফছিৰ মালিক আৰু বলীউডৰ অভিনেতা বৃহস্পতিবাৰে কাষ চাপিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ অসমৰ ফুটবললৈ তেনে বিশেষ কোনো অৰিহণা নথকা আৰু অসমৰ কোনো ফুটবলাৰ নথকা নৰ্থইষ্ট ইউনাইটেড এফছি দলৰ মালিক জন আব্ৰাহামক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অন্ততঃ এই ক্ষেত্ৰত মধ্যভোগীৰ ভূমিকা লোৱা অসমৰ কেইবাজনো ব্যক্তি আৰু আন কেইজনমান মধ্যভোগীয়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে বৃহস্পতিবাৰে তেনে এটা ধাৰণা দিছে৷ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান ধন দি নৰ্থইষ্ট ইউনাইটেড এফছিৰ মালিক জন আব্ৰাহামক সহায় কৰিব সেই বিষয়ে মুখ্যমন্ত্ৰী অথবা তেওঁৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোনো মন্তব্য এতিয়ালৈকে কৰা হোৱা নাই৷ এই ধন চৰকাৰী হ’ব নে কোনো বেচৰকাৰী কোম্পানীৰ পৰা স্পনছৰ হিচাপে গোটাই দিব সেই সন্দৰ্ভতো এতিয়াও পৰিষ্কাৰ চিত্ৰ দেখা পোৱা হোৱা নাই৷ 

কাৰ্যালয় গুৱাহাটীৰ, নাম নৰ্থইষ্ট ইউনাইটেড এফছি৷ কিন্তু জন আব্ৰাহামৰ এই ফুটবল দলটোত উত্তৰ-পূৰ্বাঞ্চল বাদেই অসমৰ কোনো চিন-মোকাম নাই৷ এতিয়ালৈকে আৰম্ভণিৰ তিনিটামান ছিজনত অসমৰ দুৰ্গা বড়ো, এলেন দেউৰী আৰু হলিচৰণ নাৰ্জাৰীয়ে নৰ্থইষ্ট ইউনাইটেড এফছিত স্থান লাভ কৰিছিল৷ প্ৰথম ছিজনত দুৰ্গা বড়োৱে প্ৰতিপক্ষৰ গ’লবাৰ কঁপাই দিয়াকৈ মৰা শ্বটৰ কথা দৰ্শকে আজিলৈকে মনত ৰাখিলেও পিছৰ ছিজনতে পাহৰি জন আব্ৰাহামে তেওঁক দলৰ পৰ বিতাড়িত কৰিলে৷ এলেন আৰু হলিচৰণৰ অৱস্থাও তদ্ৰুপ৷ জন আব্ৰাহামৰ নৰ্থইষ্ট ইউনাইটেড এফছি নাম উত্তৰ-পূবক লৈ হ’লেও দলত এতিয়া উত্তৰ-পূবৰ কোনো ফুটবলাৰ নাই৷ প্ৰথম দুটা ছিজনত ১০ শতাংশ অংশীদাৰিত্বৰে সহ স্বত্ত্বাধিকাৰী হৈ আছিল মেঘালয়ৰ আগশাৰীৰ হোটেল ব্যৱসায়ী লাৰচিং মিং চাওয়ান৷ মিং ভাৰতীয় ফুটবল ফেডাৰেছনৰ পৰা আঁতৰাৰ লগে লগে তেওঁক ষড়যন্ত্ৰ কৰি আব্ৰাহাম বাহিনীয়ে মালিকীস্বত্ত্বৰ পৰাও বিতাড়িত কৰিলে৷ সেই দিশৰ পৰা এতিয়া দলটোৰ মালিকানা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰো নাই, অসমৰ মালিক থকা দূৰৈৰে কথা৷ জন আব্ৰাহামৰ নৰ্থইষ্ট ইউনাইটেড এফছিয়ে ২০১৮-১৯ ছিজনত চতুৰ্থ আৰু ১৫ তথা ১৬ত দুবাৰকৈ পঞ্চম স্থান লাভ কৰাৰ বাহিৰে বাকী সকলো ছিজনতে শেষৰ ফালৰ পৰাহে প্ৰথম-দ্বিতীয় হৈছে৷ অৰ্থাৎ দলৰ প্ৰদৰ্শন তেনেই দুখলগা৷ প্ৰথমটো বৰ্ষত গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত যি পৰিমাণৰ দৰ্শকে নৰ্থইষ্ট ইউনাইটেড এফছিৰ খেল উপভোগ কৰিছিল সেয়া আছিল ভাৰতীয় ফুটবলৰ, ঘাইকৈ আই এছ এলৰ সৰ্বকালৰ দৰ্শক সংখ্যাৰ অভিলেখ৷ ইয়াৰ জৰিয়তে স্বাভাৱিকতে জন আব্ৰাহামে দলটোৰ বাবে বৃহৎ অংকৰ স্পনছৰশ্বিপ লাভ কৰিছিল৷ প্ৰথম কেইটামান বছৰত তেওঁ ৰইনাৰে ধন চপাইছিল৷ এতিয়া লাহে লাহে ষ্টেডিয়ামৰ দৰ্শক নোহোৱা হৈ পৰিল আৰু টেলিভিছনৰ ভিউৱাৰো কমি আহিল৷ সেয়ে তাৰ লগত তাল মিলাই কমি আহিল স্পনছৰশ্বিপৰ ধন৷ এতিয়া ফুটবল দলেৰে ঘটা ধনৰ পৰিমাণ কমি অহাত জন আব্ৰাহাম অসমৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিছে আৰ্থিক সাহায্য বিচাৰি৷ একাধিক ক্ৰীড়া সংগঠনৰ সৈতে জড়িত মুখ্যমন্ত্ৰীয়ে তেওঁক সহায়ৰ আশ্বাসো দিছে৷ পিছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নূ্যনতম অৱদান বা অৰিহণা নথকা নৰ্থইষ্ট ইউনাইটেড এফছিৰ মালিক জন আব্ৰাহাম কোন সতেৰে আৰু কোন লজ্জাৰে অসম চৰকাৰৰ কাষ চাপিছে সেই লৈ ক্ৰীড়ামহলত প্ৰশ্ন উত্থাপিত হৈছে৷ ৰাজ্যত বিভিন্ন ক্ৰীড়াত অনেক সংগঠন আৰু খেলুৱৈয়ে ধনৰ অভাৱত সংগ্ৰাম কৰি থকাৰ সময়ত বলীউডী অভিনেতাৰ চখ পূৰণ কৰিবলৈ অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্য প্ৰদান কৰাটো কিমানদূৰ সমীচীন সেই প্ৰশ্নও উত্থাপন কৰিছে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে৷ জন আব্ৰাহাম নৰ্থইষ্ট ইউনাইটেড এফছিক এতিয়া অমৃত চিমেণ্টে স্পনছৰ কৰি আছে৷ দলৰ সাজ-পোছাক যোগান ধৰি ছিক্সপ্তছিক্স নামৰ কোম্পানীটোৱে৷ সেয়ে দল চলাব নোৱৰাকৈ নৰ্থইষ্ট ইউনাইটেড এফছিৰ ধনৰ অভাৱ হোৱা নাই৷ আচলতে জন আব্ৰাহামক ধন ঘটিবলৈ লাগে বাবেহে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিছে, যাৰ অসমলৈ কোনো অৱদানেই নাই৷