Logo
image

দিছপুৰ কলেজৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা হৰলুকী

আমাৰ অসম, ৬ মে’: গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে চাইবাৰ অপৰাধ৷ বিশেষকৈ চাইবাৰ অপৰাধীয়ে কলেজ সমূহৰ একাউণ্টক লক্ষ্য হিচাপে বাচি লৈছে৷ মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক কৰিছে চাইবাৰ অপৰাধীয়ে৷ চাইবাৰ অপৰাধীয়ে গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা ৭৬ লাখ টকা চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷  উল্লেখ্য, দিছপুৰ মহাবিদ্যালয়ৰ বেংক অৱ বৰোদাৰ দিছপুৰ শাখাত এটা একাউণ্ট আছিল৷  দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নবজ্যোতি বৰাই অলপতে এটা পাৰ্টিক ৩০০৮ টকাৰ এখন চেক প্ৰদান কৰিছিল৷ যোৱা ২ মে’ত বেংক অৱ বৰোদা দিছপুৰ শাখাৰ পৰা এটা দুষ্ট চক্ৰই আৰ টি জি এছ পদ্ধতিৰে কলকতাৰ ইউনিয়ন বেংকলৈ কলেজৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা হৰলুকি হোৱা বুলি আজি তথ্য লাভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নবজ্যোতি বৰাই৷ ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ নবজ্যোতি বৰাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ১০৯৪/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ অধ্যক্ষৰ চহী জাল কৰি কলকতাৰ বেংকলৈ আৰ টি জি এছৰে টকা ট্ৰেন্সফাৰ কৰা বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ নবজ্যোতি বৰাই সন্দেহ প্ৰকাশ কৰিছে৷ ইপিনে মোটা অংকৰ ধন ট্ৰেন্সফাৰ কৰাৰ সময়ত বেংক অৱ বৰোদাৰ দিছপুৰ শাখাৰ কতৃৰ্পক্ষই দিছপুৰ কলেজৰ অধ্যক্ষৰ লগত যোগাযোগ কৰিব লাগিছিল বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ নবজ্যোতি বৰাই উল্লেখ কৰে৷ ধন হৰলুকি কৰাৰ ঘটনাত বেংক অৱ বৰোদাৰ দিছপুৰ শাখাৰ কৰ্মচাৰী জড়িত আছে বুলি অধ্যক্ষজনে সন্দেহ প্ৰকাশ কৰিছে৷