Logo
image

‘সোণ’ বিচাৰি গৈ পৰেশ বৰুৱাৰ ঘৰ পালেগৈ ভূপেন বৰা

আলোচনাৰ আশা এৰিলে পৰেশৰ পৰিয়ালে

আমাৰ অসম, ৬ মে’: জুয়ে পোৰা সোণৰ টুকুৰা বিচাৰি উজনি ভ্ৰমণলৈ অহা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা উপস্থিত হ’ল উত্তৰ-পূবৰ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা[স্বা] অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা৷ ডিব্ৰুগড়ৰ চাবুৱা জেৰাইগাঁৱৰ আলফা [স্বা] অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰি আলফা[স্বা] আৰু চৰকাৰৰ আলোচনা ত্বৰাম্বিত কৰাৰ বাবে আহ্বান জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, আমি দীৰ্ঘদিনৰ পৰাই কংগ্ৰেছ দলে শান্তি আলোচনা হোৱাটো বিচাৰি আহিছোঁ৷ কেন্দ্ৰ আৰু ৰাজ্যত আমাৰ চৰকাৰ থাকোঁতেও এই সন্দৰ্ভত যথেষ্ট পদক্ষেপ লোৱা হৈছিল৷ কিছু সুফল পোৱা গ’ল, কিন্তু সম্পূৰ্ণ মীমাংসা য’ত ৰাইজে উপনীত হোৱাটো বিচাৰিছিল সেইটো নহ’ল৷ আনহাতে, ২৬ জানুৱাৰীত আলফাৰ [স্বা] মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জনোৱা শান্তিৰ আহ্বানক চৰকাৰে গুৰুত্বসহকাৰে লৈ বিবেচনা কৰাৰ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বহু যুৱক-যুৱতী আলফাত [স্বা] যোগদান কৰিছে৷ এয়া যথেষ্ট উদ্বিগ্নতাৰ বিষয়৷ আলফাৰ চেতনাৰ প্ৰতি ভাবিত হৈছে৷ বন্দুক-বাৰুদেৰে যে সমস্যাৰ সমাধান নহ’ব এই কথাবোৰ যোৱা কিছুদিনত আমি উপলব্ধি কৰিছোঁ৷ ৰাজনৈতিক সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজনীতিজ্ঞ দৃষ্টিভংগীৰে সমাধানৰ সূত্ৰ উলিয়াব বুলি আমি আশাবাদী৷ সেইদৰে অসমৰ বহু যুৱক-যুৱতী আলফাত [স্বা] যোগদানৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই সমস্যাটো যিহেতু ৰাজনৈতিক সমস্যা৷ গতিকে দীৰ্ঘদিনৰ পৰা আমি কৈ আহিছোঁ ইয়াৰ ৰাজনৈতিক সমাধান লাগিব৷ যেতিয়ালৈকে ৰাজনৈতিকভাৱে সমস্যাৰ সমাধান কৰিব নোৱাৰে তেতিয়ালৈকে উঠি অহা প্ৰজন্মক বাধা দিব কেনেকৈ? শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ হতাশা দূৰ কৰিবলৈ চৰকাৰৰ দায়িত্ব আছিল৷ নিৰ্বাচনৰ আগত চৰকাৰে স্বাৱলম্বী, আত্মনিৰ্ভৰশীল আৰু অসম ভাৰতবৰ্ষৰ নিয়োগ সৃষ্টিকাৰী ৰাজ্য হ’ব বুলি কৈছিল৷ এনেবোৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ ফলতো অসমৰ নৱ-প্ৰজন্মক যথেষ্ট হতাশ কৰিছে৷ যেতিয়া হতাশাই চূড়ান্ত ৰূপ পায় তেতিয়াই মানুহে কঠিন সিদ্ধান্ত গ্ৰহণ কৰে৷ আজি যুৱ-প্ৰজন্মই আলফালৈ যোৱাটো কোনো সহজ কথা নহয়, সেয়া কঠিন সিদ্ধান্ত৷ নিজৰ জীৱনক উছৰ্গা কৰিবলৈ তেওঁলোক ওলাই গৈছে৷ জীয়াই থাকিব বিচৰা মানুহখিনিয়ে জীৱন উছৰ্গা কৰিবলৈ কেতিয়া ওলাই যায়? চৰকাৰে যুৱ-প্ৰজন্মক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে৷ প্ৰতাৰণা কৰাৰ ফলশ্ৰুতিত বহু যুৱক-যুৱতী আলফালৈ ঢাপলি মেলিছে৷ ইফালে সাংবাদিকে চৰকাৰৰ কেবিনটেৰ নামত আয়োজন ৰাজ আতিথ্যৰ সন্দৰ্ভত সমালোচনা কৰিলে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা চৰকাৰক৷ কেবিনটেৰ নামত চৰকাৰে পিকনিক আয়োজন কৰিছে বুলি কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা কেবিনেটৰ নামত পিকনিক আয়োজন কৰি আহিছে৷ ৩৫ বিধ ব্যঞ্জনৰ খাদ্য আগতে অসমৰ মানুহে শুনাই নাছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকৰ পাছতে গম পাইছে এজন মানুহে খাদ্য খোৱাৰ সময়ত ৩৩-৩৫ বিধ ব্যঞ্জন প্ৰয়োজন হয়৷ এতিয়া ছাগৈ কাজিৰঙাটো যোগাৰ কৰিছে৷ এইটো তেওঁলোকৰ নিত্য নৈমিত্তিক কাৰ্য হৈ পৰিছে৷ কিছুদিনৰ মূৰে মূৰে দলীয় সতীৰ্থসকলক লৈ এসাজ ভালদৰে খোৱা৷

জুইয়ে পোৰা সোণ বিচাৰি মাৰ্ঘেৰিটাত ভূপেন বৰা

২০১৪ চনৰ পৰা ৰাজ্যত ধাৰাবাহিকভাৱে বিভিন্ন নিৰ্বাচনত মুখ থেকেচা খোৱা অসমৰ কংগ্ৰেছ দলটো পুনৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুইয়ে পোৰা সোণ বিচাৰি আজি উপস্থিত হয় এসময়ৰ কংগ্ৰেছ দলৰ দুৰ্গৰূপে পৰিচিত ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত৷ সভাপতি ভূপেন বৰা আৰু দেবব্ৰত শইকীয়াৰ নেতৃত্বত অহা কংগ্ৰেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰে৷ দলটোক কিদৰে পুনৰ শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত দলীয় কৰ্মীসকলৰে মতবিনিময় কৰে৷ শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে সভাখনত৷ ২০১৪ চনৰ পৰা ধাৰাবাহিকভাৱে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মীসকলক প্ৰশংসা কৰি সভাপতিজনে কয় যে দলীয় কৰ্মীসকলৰ দিহা-পৰামৰ্শ, সমালোচনা আৰু সঠিক নিৰ্দেশনাৰে দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হ’ব৷  বিভাজনৰ ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত দলে কাম কৰিব বুলিও মন্তব্য কৰে৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই সাংবাদিকৰ আগত কয় যে গণতন্ত্ৰৰ প্ৰতি বিজেপি দলে ভাবুকি আনিছে কংগ্ৰেছ দলক জীয়াই ৰাখিলেহে গণতন্ত্ৰ জীয়াই থাকিব৷ নেতাজনে বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে৷  গণতন্ত্ৰত প্ৰলোভনৰ ৰাজনীতি চলা উচিত নহয় বুলিও কয়৷ এফালে অৰুণোদয় নামত ধন দিছে অন্যফালে গেছ, পেট্ৰ’লত কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ দিছে৷ বিজেপিয়ে জনসাধাৰণক অৰ্থনৈতিক স্বাধীনতা দিয়াৰ বিপৰীতে আদানি, আম্বানিকহে অৰ্থনৈতিক স্বাধীনতা দি ভাৰতৰ জনসাধাৰণক আদানি আম্বানিৰ গোলাম কৰিব খুজিছে৷ কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি মত প্ৰকাশ কৰে৷ কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ দল ত্যাগ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত নেতাজনে কয় যে সুবিধাবাদী আৰু পদবীলোভী হোৱাৰ বাবে তেনে হ’ব পাৰে৷ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তাৰা প্ৰসাদ দিহিঙীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অংশগ্ৰহণৰ পাছতে ডিগবৈ অভিমুখে সভাপতিজন ৰাওনা হয়৷

চতিয়া সমষ্টিত কংগ্ৰেছ ত্যাগৰ জোৱাৰ

এপিচিচিৰ সভাপতি ভূপেন বৰাৰ তৃণমূল যাত্ৰাৰ সময়তেই চতিয়া সমষ্টিত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে৷ কিছুদিন পূৰ্বে চতিয়া সমষ্টিৰে কেইবাজনো কংগ্ৰেছী নেতাই দল ত্যাগ কৰাৰ পাছত বৃহস্পতিবাৰে সমষ্টিটোৰ জামুগুৰিহাটত প্ৰায় শতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ নৱগঠিত জামুগুৰি পৌৰসভাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বাপুজি ভৱনত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ পৰা বিগত পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয়বৰণ কৰা নেতা-কৰ্মীসহিতে শতাধিক কংগ্ৰেছীয়ে বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত এইদৰেই আনুষ্ঠানিকভাৱে যোগদান কৰে৷ যোগদান কাৰ্যসূচীৰ অন্তত বিধায়কজনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমুখী যাত্ৰাত আকৰ্ষিত হৈয়েই এইদৰে কেৱল মোৰ সমষ্টিতেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিজেপিত যোগদানৰ ধাৰা অব্যাহত আছে৷ কংগ্ৰেছ সভাপতি ভূপেন বৰা চতিয়া সমষ্টিলৈ আহিলে এমুঠিমান মানুহ লৈ খালি চকীৰ সন্মুখত ভাষণ দিব লাগিব বুলিও কটাক্ষ কৰে বিধায়ক পদ্ম হাজৰিকাই৷ আনহাতে, চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালৰ পূৰ্বে বিধায়কসকলক একেলগ কৰি মুখ্যমন্ত্ৰীয়ে কামৰ খতিয়ানৰ লগতে সমষ্টিৰ অভাৱ-অভিযোগৰ ওপৰতো আলোচনা কৰাৰ যি পদক্ষেপ হাতত লৈছে সেয়া আদৰণীয় বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷