Logo
image

প্ৰৱঞ্চক প্ৰেমিকক ৰঙাঘৰলৈ পঠিয়ালে আৰক্ষী বিষয়াই

আমাৰ অসম, 6 মে’: বাজিব লাগিছিল চেহনাই৷ আয়তীৰ উৰুলি, জাত জাত বিয়া নামৰ মাজত পদূলিত শাহু আইয়ে গালত চুমা আঁকি আদৰি তেওঁক লৈ যাব লাগিছিল ৰভা তলিলৈ৷ অহা নৱেম্বৰত বিয়াৰ দিন ঠিক হৈছিল৷ পিছে হ’ল ওলোটা৷ কেইটামান মাহৰ পাছত যিজন যুৱকক দৰাৰ ৰূপত নিজৰ ঘৰৰ পদূলিত ফুল, ধূপ, চাকিৰে আদৰিব লাগিছিল সেইজন যুৱকক হাতকেৰেয়া লগাই অনা হ’ল থানালৈ৷ আদৰি আনিলে কইনাই নিজে আৰক্ষীৰ পোছাকত৷ প্ৰৱঞ্চনা খোদ আৰক্ষী বিষয়াক৷ যি আৰক্ষীক দেখিলে ঠগ-প্ৰৱঞ্চক দূৰতে বিদূৰ হয়, তেনে আৰক্ষী বিষয়াকে প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক৷  এই প্ৰৱঞ্চকজনৰ নাম ৰাণা পাগাগ৷ ঘৰ মাজুলীত৷  নগাঁও সদৰ থানাত কৰ্মৰত মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাক প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল মাজুলীৰ ৰাণা পাগাগ৷ জোনমণি ৰাভাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ২০২১ চনৰ জানুৱাৰী মাহত মাজুলীত জোনমণি কৰ্মৰত হৈ থাকোঁতে তাৰ যুৱক ৰাণা পাগাগৰ লগত পৰিচয় হৈছিল৷ ৰাণাই নিজকে পৰিচয় দিছিল অ’এন জি চিৰ জন-সম্পৰ্কৰক্ষী বিষয়া হিচাপে৷ ৰাণাই মহিলা আৰক্ষী বিষয়া ৰাভাক বিয়া পতাৰ প্ৰস্তাব দিছিল৷ নিজে মাছ কমিউনিকেচনৰ ছাত্ৰী হিচাপে এই পদটোৰ প্ৰতি জোনমণি আকৰ্ষিত আছিল৷ ৰাণাৰ বিয়াৰ প্ৰস্তাৱৰ কথা জোনমণিয়ে ঘৰত জনাইছিল৷ সেইমৰ্মে ঘৰৰ সকলোৰে মতত অহা নৱেম্বৰ মাহত দুয়োৰে বিয়াৰ কথা আছিল৷ জোনমণিৰ মতে বিয়া ঠিক হোৱা বাবে দুয়োৰে মাজত সাধাৰণ সম্পৰ্ক আছিল যদিও প্ৰেমত হাবু-ডাবু খোৱা নাছিল৷ পাছলৈ ৰাণাৰ কথা-বতৰা, চাল-চলনত জোনমণিৰ সন্দেহ ওপজে৷ ৰাণা আছিল স্বভাৱতে অস্থিৰ প্ৰকৃতিৰ৷ শেহতীয়াভাৱে তিনিজন লোকে ৰাণাই তেওঁলোকক অ’ এন জি চিৰ ঠিকা দিয়াৰ নামত পঁচিশ লাখ টকাৰ প্ৰৱঞ্চনা কৰাৰ কথা অৱগত কৰাত ৰাণাৰ প্ৰকৃত চৰিত্ৰ জোনমণিৰ চকুৰ আগলৈ আহে৷ জোনমণি ৰাভাই কৰা তদন্তত ৰাণা এটা প্ৰৱঞ্চক বুলি নিশ্চিত হয়৷ ৰাণা যে বৰ্তমান অ’ এন জি চিৰ বিষয়া নহয় সেই কথা নিশ্চিত হয়৷ তদন্তত ৰাণা প্ৰৱঞ্চক বুলি বিষয়াজনে জানিব পাৰে৷ কালি ৰাণাই আৰক্ষী বিষয়া জোনমণি ৰাভাক লগ কৰিবলৈ নগাঁৱলৈ আহে৷ নগাঁৱলৈ আহি ৰাণাই নিশাটো নগাঁৱত পাৰ কৰে৷ প্ৰৱঞ্চকজন নগাঁৱত বাহৰ পাতি থকাৰ সময়তে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক চাকৰি আৰু বিভিন্নজনৰ পৰা ঠিকা দিয়াৰ নামত টকা লোৱা সম্পৰ্কত সোধা-পোছা কৰাত ৰাণাই সুদুত্তৰ দিব নোৱাৰিলে৷ বহুলোকক প্ৰৱঞ্চনা কৰা ৰাণা পাগাগক আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে জোণমণি ৰাভাই৷ আৰক্ষীয়ে জোনমণিৰ এজাহাৰৰ ভিত্তিত ৰাণাক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে৷ প্ৰৱঞ্চক ৰাণাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ৫২৭/২০২২ নম্বৰৰ এটা গোচৰ ৰজু হৈছে৷ আৰক্ষীয়ে প্ৰৱঞ্চক ৰাণা পাগাগৰ পৰা ২টা লেপটপ, ১৩টা ষ্টাম্প, ৯খন পাচবুক আৰু চেকবুক, পানকাৰ্ড, আধাৰ কাৰ্ড, ২টা ৱাকিটকী, ১টা পেনড্ৰাইভ জব্দ কৰিছে৷ উল্লেখ্য যে, পূৰ্বে বিজেপিৰ এজন বিধায়কক ফোনত ধমক দি সামাজিক মাধ্যমত চৰ্চিত হৈছিল জোনমণি ৰাভা নামৰ মহিলা আৰক্ষী বিষয়াগৰাকী৷