Logo
image

দিছপুৰৰ আশিসধন্য গৌতম কনষ্ট্ৰাক্‌চনৰ ভঙা-গঢ়াৰ খেলা

আমাৰ অসম, ৬ মে’: পুনৰবাৰ চৰ্চাত বিতৰ্কিত নিৰ্মাণকাৰী প্ৰতিষ্ঠান শ্ৰী গৌতম কনষ্ট্ৰাকচন৷ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অহৈতুক দৰদ থকা গৌতম কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে যেন অভিযোগৰ অন্ত নাই৷ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ প্ৰতিটো নিৰ্মাণ কাৰ্যতে আসোঁৱাহ থকাৰ পাছতো ৰহস্যজনক কাৰণত গৌতম কনষ্ট্ৰাকচনকে লোক নিৰ্মাণ বিভাগে ইটোৰ পিছত সিটো বৃহৎ বৃহৎ ঠিকা আবণ্টন দিয়াৰ অভিযোগ উঠিছে৷ এইবাৰ গৌতম কনষ্ট্ৰাকচনে ৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ উদ্বোধনৰ দুমাহ নৌহওঁতেই দেৱালত মেলিছে চিৰাল ফাট৷ লখিমপুৰ নগৰৰ সমীপৰ চাবতিত জিলা অসামৰিক হাস্পতালৰ চৌহদতে বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা মেডিকেল কলেজ হাস্পতালখন বিগত ১৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল৷ কিন্তু এতিয়া মেডিকেল কলেজখনৰ অৱস্থা দেখি ৰাইজৰ চকু কপালত উঠিছে৷ কিয়নো কলেজখনৰ প্ৰশাসনিক ভৱনকে ধৰি প্ৰায়কেইটা ভৱনৰ দেৱালত চিৰাল ফাট মেলিছে৷ পাঁচশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কলেজখন উদ্বোধনৰ দুমাহৰ ভিতৰতে এনেদৰে দেৱালসমূহ ফাটিবলৈ লোৱা ঘটনাই নিৰ্মাণশৈলী অথবা নিৰ্মাণ সামগ্ৰীৰ মানদণ্ডকলৈ প্ৰশ্ন উঠিছে৷ গৌতম কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা এই কলেজখনৰ তদাৰকৰ দায়িত্বত আছিল লোক নিৰ্মাণ বিভাগ৷ এটা প্ৰতিষ্ঠিত নিৰ্মাণ প্ৰতিষ্ঠানৰ এনে কাম-কাজ চৰকাৰী বিয়াগোম লোক নিৰ্মাণ বিভাগে তদাৰক কৰাৰ পাছতো কেনেদৰে দেৱালত ফাট মেলিবলৈ পালে সেয়া এতিয়া ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন৷ লক্ষণীয় বিষয়টো হৈছে গৌতম কনষ্ট্ৰাকচনে কেৱল লখিমপুৰ মেডিকেল কলেজেই নহয়, লোক নিৰ্মাণ বিভাগৰ অধীনত ৰাজ্যৰ কেইবাখনো হাস্পতাল, ষ্টেডিয়ামৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে৷ আনকি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামতো জড়িত আছে গৌতম কনষ্ট্ৰাকচন৷ প্ৰতিটো কামতে নিৰ্মাণ আসোঁৱাহ পৰিলক্ষিত হোৱাৰ পাছতো ৰহস্যজনক কাৰণত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই৷ অভিযোগ অনুসৰি গৌতম কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী বিনোদ সিংঘী বিলাসীপাৰা সমষ্টিৰ বিজেপি বিধায়ক অশোক সিংঘীৰ ভাতৃ হোৱাৰ সুবাদতে দিছপুৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ স্মৰ্তব্য যে বৰ্ডাৰ আউট পোষ্ট নিৰ্মাণৰ ঠিকাৰ বিল আদায়ৰ বাবে বিভাগীয় কতৃৰ্পক্ষক ৪০ লাখ টকা উৎকোচ দিবলৈ গৈ বিগত ২০১৯ চনত গৌতম কনষ্ট্ৰাকচনৰ সঞ্চালক বিনোদ সিংঘী চি বি আইৰ হাতত  গ্ৰেপ্তাৰো হ’ব লগা হৈছিল৷ শেহতীয়াকৈ নলবাৰী মেডিকেল কলেজ সংযোগী নিৰ্মীয়মান দামোধৰ পথৰ বিসংগতিৰ বাবে গৌতম কনষ্ট্ৰাচনৰ কাম-কাজ বন্ধ কৰি দিছিল স্থানীয় লোকে৷ আনহাতে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰ লগতে ডিব্ৰুগড়তো ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কাম-কাজক লৈ স্থানীয় লোক ক্ষোভিত হৈ পৰিছে৷