Logo
image

ৰাজ্যত বৃদ্ধি পাইছে মানসিক ৰোগী

আমাৰ অসম, ৬ মে’: এফালে অভাৱ, অনাটন, তীব্ৰ মানসিক চাপ, চৰম দাৰিদ্ৰতা পৃষ্ঠ জীৱন৷ আনফালে মুষ্টিমেয় একাংশৰ ভোগ প্ৰাচুৰ্য৷ মূল্যবৃদ্ধিৰ জুই আৰু নিষ্ঠুৰ যন্ত্ৰ যুগৰ ৰথ চক্ৰই পৃষ্ঠ কৰিছে সকলোকে৷ দৈনিক ১৮ ঘণ্টা শ্ৰম কৰিও এমুঠি ভাতৰ যোগান ধৰিব পৰা নাই বহুতে, আন বহুতেই আকৌ এটা কাম বিচাৰি হাবুডুবু খাইছে৷ ইয়াৰ মাজতে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্য৷ জানিব পৰা মতে ২০২১ বৰ্ষত কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে ১২ হাজাৰ মানসিক ৰোগীৰ চিকিৎসা হৈছে৷ এয়া পূৰ্বৰ বছৰ বোৰতকৈ যথেষ্ট বেছি৷ মানসিক স্বাস্থ্য সমীক্ষাৰ বাবে ইতিমধ্যে অসম চৰকাৰে তথ্য কেন্দ্ৰীয়  চৰকাৰলৈ প্ৰেৰণ কৰিছে৷ ইউনিচেফে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিডৰ পৰিস্থিইতৰ বাবে ১০-১৯ বছৰ বয়সৰ ১৩ শতাংশ কিশোৰ-কিশোৰীয়েই মানসিক সমস্যাৰ সন্মুখীন হৈছে৷ ক’ভিডৰ পাশ্বক্ৰিয়াই শিশু তথা কিশোৰৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে৷ ক’ভিডকালীন পৰিস্থিতিত অত্যাধিক মোবাইলৰ ওপৰত নিৰ্ভৰশীল হোৱা তথা মানুহৰ লগত সম্পৰ্ক ছেদ হোৱাটো শিশুসকলৰ মানসিক স্বাস্থ্যৰ অন্যতম ক্ষতিকাৰক দিশ বুলি বিবেচনা কৰিছে মনোৰোগ বিশেষজ্ঞসকলে৷