Logo
image

লাহে লাহে চেঞ্চুৰীৰ দিশে কেৰাচিনো

আমাৰ অসম, ৭ মে’: পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ চেঞ্চুৰী কোবোৱাৰ দিশে আগবাঢ়িছে কেৰাচিনৰ মূল্যই৷ ক্ৰমাৎ মহঙা হৈ পৰিছে কেৰাচিন৷ মূল্যবৃদ্ধিৰে কোঙা কৰাৰ সময়ত ৰন্ধন গেছ ক্ৰয় কৰিবলৈ টকা জোৰা মাৰিব নোৱাৰা দুখীয়া লোকসকলৰ বাবে কেৰাচিনেই প্ৰধান ইন্ধন যদিও এতিয়া এক লিটাৰ কেৰাচিন কিনিবলৈও ভাবিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই ১০০টকাৰ সীমা অতিক্ৰম কৰাৰ পাছত কেৰাচিনো যেন লাহে লাহে পিছে পিছে আগবাঢ়িছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও আজিৰ তাৰিখত সমবায়ৰ দোকানত প্ৰতিলিটাৰ কেৰাচিনৰ মূল্য ৮০ টকা৷ অথচ এবছৰ পূৰ্বে প্ৰতি লিটাৰ কেৰাচিনৰ মূল্য আছিল ২৫-৩০ টকা৷ কেৰাচিনৰ ব্যাপক মূল্যবৃদ্ধিৰ বাবে হিতাধিকাৰী দুখীয়া ৰাইজে তেল কিনিবলৈ এৰি দিয়া বুলি অভিযোগ উঠিছে৷ চৰকাৰে কেৰাচিনৰ ব্যৱহাৰ নোহোৱা কৰাৰ পৰিকল্পনা কৰিলেও আজিৰ তাৰিখত ৰাজ্যৰ বৃহৎ সংখ্যক লোকে খৰিৰ জুইত ভাত ৰান্ধে৷ স্বাভাৱিকতেই এইসকল লোকে কেৰাচিনকে মূল ইন্ধন হিচাপে ব্যৱহাৰ কৰে৷ কিন্তু দুবেলা-দুমুঠিৰ বাবে চিন্তা কৰা লোকসকলৰ বাবে কেৰাচিন এতিয়া ব্যয়বহুল হৈ পৰিল৷ চৰকাৰী সুলভ মূল্যৰ দোকানত হিতাধিকাৰীয়ে প্ৰতি লিটাৰত ৮০ টকা দৰত কেৰাচিন ক্ৰয় কৰিলেও ক’লা বজাৰত প্ৰতি লিটাৰ কেৰাচিন ১২০-১৩০ টকাকৈ ক্ৰয় কৰিবলগীয়া হৈছে৷ মূল্যবৃদ্ধিৰ প্ৰকোপত কেৰাচিনো কিনিবলৈ একাংশ লোকে ধনৰ জোৰা মাৰিব নোৱাৰিলে, জীয়াই থকাতেই ভীষণ সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত৷