Logo
image

গায়ক, অভিযন্তা খেলুৱৈসহ আলফালৈ শতাধিক উচ্ছশিক্ষিত

আমাৰ অসম, ১২ মে’: স্বাধীন অসমৰ সপোন লৈ বিদ্ৰোহী সংগঠন আলফা [স্বাধীন] লৈ এজনৰ পাছত এজনকৈ অসমীয়া যুৱক-যুৱতীৰ সোঁত অব্যাহত আছে৷ আলফাই গুপ্তচৰগিৰিৰ অভিযোগত দুজনকৈ তেজাল যুৱকক শিবিৰতে গুলীয়াই হত্যা কৰাৰ দৰে ভয়ংকৰ ঘটনাৰ বিষয়ে অৱগত হৈও আলফা গমনৰ পৰা বাদ পৰি যোৱা নাই যুৱপ্ৰজন্ম৷ ‘কা’বিৰোধী আন্দোলনৰ পাছৰ পৰাই যেন আলফাত ব্যাপক হাৰত যুৱক-যুৱতীয়ে যোগদান কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে, আলফাত যোগদান কৰা বহুকেইজন চাকৰি লাভ নকৰি হা-হুমুনিয়াহ কৰা শিক্ষিত যুৱক-যুৱতী বুলিও জানিব পৰা গৈছে৷ আলফাত যোগদান কৰা কোনোবাজন যদি পি এইচ ডি ডিগ্ৰীধাৰী, আন কোনোবাজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ কোনোবাজন অভিযন্তা, কোনোবাজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু আন কোনোজন আৰক্ষী জোৱান৷ কোনোৱে যদি সন্তান-পত্নীক এৰি আলফাৰ শিবিৰ পাইছেগৈ, আন কোনোৱে আকৌ ৰোগীয়া পিতৃ-মাতৃক এৰি থৈ গৈছে৷ বুধবাৰে অসমৰ ভিন্ন প্ৰান্তৰৰ পৰা পাঁচজন যুৱকে আলফাত যোগদানৰ তথ্য পোহৰলৈ আহিছে৷ খোৱাঙৰ দুই নং চৰাইহাবি গাঁৱৰ অভিলেষ বৰা নামৰ এজন উদীয়মান কণ্ঠশিল্পীয়ে আলফাত যোগদান কৰিছে৷ সন্তান আৰু পত্নীক এৰি যোৱা যুৱকজনে বন্ধুৰ জৰিয়তে পৰিয়ালক আলফাত যোগদানৰ কথা জানিবলৈ দিছে৷ ইফালে গুৱাহাটীৰ মানৱ ডেকা নামৰ চিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী এজন যুৱকেও আলফাত যোগদানৰ সন্দেহ কৰা হৈছে৷ মহানগৰীৰ গীতামন্দিৰৰ বাসিন্দা যুৱকজনে ভাতৃলৈ মেছেজ প্ৰেৰণ কৰি আলফাত যোগদানৰ ইংগিত দিছে৷ ইপিনে, বাগ্‌সাৰ মুছলপুৰৰ সৌৰভ ৰাজবংশী, ওদালগুৰিৰ পানেৰীৰ হিমাংশু ভূঞা আৰু ওদালগুৰিৰ বাহমোল্লাৰ জাকাৰিয়া হুছেইন নামৰ যুৱক তিনিজনো আলফাত যোগদানৰ সন্দেহ কৰা হৈছে৷ ২০১৮ চনৰ মাজভাগৰ পৰা যোৱা ৬ মে’লৈ আলফা [স্বা]ত যোগ দিছে ২ শতাধিক উচ্ছ শিক্ষিত যুৱক-যুৱতীয়ে৷ একাংশ বুদ্ধিজীৱীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে এই দাবী কৰিছে৷ ২০১৮ চনৰ পৰা এতিয়ালৈ এজন পি এইচ ডি ডিগ্ৰীধাৰী, চাৰিজন অভিযন্তা, ৬ জন স্নাতকোত্তৰ আৰু ডেৰ শতাধিক স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে আলফা [স্বা]ত যোগদান কৰিছে বুলি তথ্য পোৱা গৈছে৷ দুদিন পূৰ্বে জ্যেষ্ঠ সাংবাদিক তথা বুদ্ধিজীবী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আলফা [স্বা] লৈ যুৱক-যুৱতীৰ গমন সন্দৰ্ভত এটা মন্তব্য কৰিছিল৷ আলফা [স্বা]ত অশিক্ষিত যুৱক-যুৱতীয়েহে যোগ দি আছে বুলি কৰা চক্ৰৱৰ্তীৰ মন্তব্যৰ পাছতে আলফাই এটা প্ৰতিক্ৰিয়াসূচক বাৰ্তাত শেহতীয়াভাৱে সংগঠনটোত যোগ দিয়া বহুকেইজন যুৱক-যুৱতীৰ শিক্ষাগত অৰ্হতাৰ কথা প্ৰকাশ কৰিছে৷ তেওঁলোক হ’ল ক্ৰমে- গোলঘাট মৰঙীৰ ঋতুৰাজ বৰা স্নাতক [কলা], শদিয়াৰ জনাৰ্দন গগৈ স্নাতক [কলা], সৰুপথাৰৰ পদ্ম গগৈ স্নাতক [বাণিজ্য], বাগ্‌সাৰ শালবাৰীৰ উদ্ধৱ দাস স্নাতক [কলা], ছিপাঝাৰৰ হিৰকজ্যোতি বৰা স্নাতক [কলা], শদিয়াৰ চুনু গগৈ স্নাতক [কলা], ধেমাজীৰ পাৰ্থজিত কোঁৱৰ স্নাতক [কলা], মাৰ্ঘেৰিটাৰ মহন্ত বৰুৱা স্নাতক [কলা], লখিমপুৰৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া স্নাতকোত্তৰ [কলা], মৰণৰ খোৱাং চৰাইবাহীৰ অভিলেষ বৰা স্নাতক [বিজ্ঞান], মুছলপুৰৰ সৌৰভ ৰাজবংশী স্নাতক [বিজ্ঞান], ওদালগুৰিৰ ভেৰগাঁৱৰ জাকাৰিয়া আহমেদ স্নাতক [কলা], সোণাৰীৰ পৰাগজ্যোতি চেতিয়া স্নাতক [কলা], ৰঙিয়াৰ ৰিংকু আহমেদ, গীতানগৰৰ মানৱ ডেকা কনিষ্ঠ অভিযন্তা, কাকপথাৰৰ অচু্যত নেওগ স্নাতক [কলা], কাকপথাৰৰ মমতা নেওগ, ওদালগুৰিৰ পানেৰীৰ হিমাংশু ভূঞা স্নাতক [বিজ্ঞান], গোৱালপাৰাৰ লক্ষ্মীপুৰৰ চাইফুল ইছলাম বি ফাৰ্ম, আলফালৈ এইদৰে যুৱক-যুৱতীৰ গমনৰ তথ্য প্ৰকাশ পাই থকাটো নিত্যান্তই চিন্তনীয় বিষয়৷ কি কাৰণত এনেদৰে বহু যুৱক-যুৱতীয়ে সংগ্ৰামৰ কাঁইটীয়া পথত খোজ দিছে সেয়া পৰ্যালোচনা কৰাৰ সময় এতিয়া আহি পৰিছে৷

দুবছৰীয়া সন্তানক এৰি আলফালৈ খোৱাঙৰ যুৱক

পুনৰ উজনিৰ এজন যুৱকৰ আলফালৈ গমন৷ পত্নী, দুবছৰীয়া সন্তানক এৰি এইবাৰ আলফালৈ [স্বাধীন] গ’ল ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত অভিলেখ¸¸ বড়া নামৰ এজন যুৱক৷ ২ নং চৰাইহাবি গাঁৱৰ নিৱাসী তথা শিক্ষক উচ্ছকমল বড়াৰ একমাত্ৰ পুত্ৰ অভিলেখ¸ বড়াই ৫ মে’ত ম’বাইল মেৰামতি কৰোঁগৈ বুলি এখন স্কুটী লৈ ঘৰৰ পৰা ওলাই গৈছিল৷ তেতিয়াৰে পৰা ঘৰলৈ ঘূৰি অহা নাই অভিলেখ বড়া৷ ম’বাইল ফোনটোও বন্ধ হৈ আছে৷ স্কুটীখনৰো বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই৷ লগৰ বন্ধুৰ সৈতে যোগাযোগ কৰাত অভিলেখ বড়াই আলফাত [স্বাধীন] যোগদান কৰিবলৈ যোৱাৰ কথা অৱগত হয় পৰিয়ালৰ লোকে৷ অভিলেষে ক’ৰবালৈ যাব বুলি সমনীয়াৰ আগত অৱগত কৰিছিল৷ আলফালৈ যোৱা বুলি গম পাই পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে যুৱকজনৰ নিৰুদ্দেশ সন্দৰ্ভত খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে৷ উল্লেখ্য যে, মৰাণ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী অভিলেখ এজন উদীয়মান কণ্ঠশিল্পীও৷ সৰুৰে পৰা গীত গাই ভাল পায় অভিলেখে¸৷ নিজকে কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল অভিলেখে৷ ১৩ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত গীত পৰিৱেশন কৰাৰ কথা আছিল যুৱকজনৰ৷ ইফালে অভিলেখক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে অভিলেষৰ পিতৃ-মাতৃ আৰু পত্নীয়ে৷ পূৰ্বে এক দুৰ্ঘটনাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল অভিলেখক৷ সম্পূৰ্ণ সুস্থ নহয় বুলিও অৱগত কৰিছে পৰিয়ালৰ লোকে৷ যুৱকজনক ঘৰলৈ ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃ আৰু পত্নীয়ে৷

সন্ধানহীন মুছলপুৰৰ যুৱক, আলফালৈ যোৱাৰ সন্দেহ

ৰাজ্যজুৰি পুনৰ চৰ্চিত হৈছে আলফা স্বাধীনলৈ ৰাজ্যৰ যুৱক-যুৱতীৰ গমন অব্যাহত আছে নেকি৷ বাগসা জিলাৰ মুছলপুৰ মনসাৰ এজন যুৱকৰ নিৰুদ্দেশে সৃষ্টি কৰিছে এনে অনৰূপ সন্দেহৰ৷ বিগত সাত দিনে সন্ধান নাই মনসাৰ সৌৰভ ৰাজবংশী নামৰ যুৱকজনৰ৷ আলফালৈ গ’ল নেকি সৌৰভ ৰাজবংশী? এতিয়াও পৰিয়ালৰ লোকে বিশ্বাস কৰা নাই একমাত্ৰ সন্তান সৌৰভ আলফালৈ যোৱা বুলি৷  মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীপুৰদেওৰ গাঁৱৰ মনসাৰ  পৱিত্ৰ ৰাজবংশী আৰু জোনালী ৰাজবংশীৰ একমাত্ৰ সন্তান সৌৰভ ৰাজবংশী যোৱা চাৰি মে’ত ঘৰৰ পৰা কৰ্মসংস্থাপন বিচাৰি ওলাই গৈছিল গুৱাহাটীলৈ৷ কিন্তু ঘৰৰ পৰা যোৱা দিন ধৰি সৌৰভৰ নাই কোনো খৱৰ৷ ফোন এটিও কৰা নাই পিতৃ - মাতৃলৈ৷ সৌৰভৰ মোৱাইলটোও অফ থকা কাৰণে পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই সৌৰভৰ লগত৷ উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে মুছলপুৰ আৰক্ষী থানাত সৌৰভৰ নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰে৷ ইফালে ছ’চিয়েল মিডিয়াত সৌৰভ আলফালৈ যোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছে যদিও পিতৃ- মাতৃৰ মতে সৌৰভ আলফালৈ যোৱা নাই৷ হয়তো কিবা কাৰণত মোবাইল অফ কৰি পৰিয়ালৰ লগত যোগাযোগ ৰাখিব পৰা নাই৷ ঘৰৰ পৰা যোৱাৰ সময়তো মাতৃক মাত লগাই গৈছিল সৌৰভে৷ কিন্তু বিগত সাত দিনে সৌৰভে পৰিয়ালৰ সৈতে কোনো যোগাযোগ নকৰাত সৃষ্টি হৈছে সন্দেহৰ৷ সঁচাকৈ সৌৰভে আলফা স্বাধীনত যোগদান কৰিলে নেকি? মাতৃ জোনালী ৰাজবংশীয়ে কয়–  ‘সৌৰভ আলফালৈ যাব বুলি মোৰ মনে নধৰে৷ সি কোনো দিনে আলফাৰ কথা কোৱা নাছিল৷ সি স্থানীয় এছ বি আইৰ চি এছ পি এটাৰ কৰ্মৰত হৈ আছিল৷ আজি সাত দিনে তাৰ খবৰ নাই৷  আজি এই সন্দৰ্ভত আমি মুছলপুৰ আৰক্ষী থানাত লিখিতভাৱে সন্ধানহীন হোৱা বুলি জনাইছোঁ৷ সি আলফালৈ যোৱা সন্দৰ্ভত আমাৰ পৰিয়ালৰ হাতত একো তথ্য নাই৷’