Logo
image

অসমৰ ৫৭জনৰ বিৰুদ্ধে আছে ৰাজদ্ৰোহৰ গোচৰ

আমাৰ অসম, ১২ মে’: উচ্ছতম ন্যায়ালয়ে ঐতিহাসিক ৰায় যোগে ব্ৰিটিছে প্ৰৱৰ্তন কৰা দেশদ্ৰোহ আইনৰ ওপৰত স্থগিতাদেশ আৰোপ কৰাৰ পাছত অসমৰ ৫৭জন অভিযুক্তৰ গোচৰৰ ক্ষেত্ৰত আশাৰ ৰেঙনিয়ে দেখা দিছে৷ বুধবাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তিনিজনীয়া খণ্ড বিচাৰপীঠে ভাৰতীয় দণ্ডবিধিৰ ১২৪ [এ] ধাৰাত আৰোপিত গোচৰত স্থগিত ৰাখিবলৈ নিৰ্দেশ দি ১৫২ বছৰ পুৰণি আইনৰ ৰাষ্ট্ৰদ্ৰোহৰ ধাৰাত নতুনকৈ কোনো এজাহাৰ পঞ্জীয়ন কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে৷ লক্ষণীয় বিষয়টো হৈছে স্বদেশ আৰু স্বজাতিৰ বাবে কোনোৱে মাত-মাতিলেই শাসকপক্ষই এনে ব্যক্তিৰ ওপৰত জাপি দিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ৷ আনকি স্বজাতিৰ বাবে কবিতা লিখা বা দেৱাল অংকন কৰাজনকো সজোৱা হৈছিল ৰাষ্ট্ৰদ্ৰোহী৷ জনসভাত শাসকপক্ষক সমালোচনাৰে উদাত্ত ভাষণ দিয়া বা সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰাজনকো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কাৰাগাৰৰ অন্ধ কোঠালৈ নিক্ষেপ কৰাটো সহজ পৰিঘটনাত পৰিণত হৈছিল৷ বিশেষকৈ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ শাসন ভাৰ লোৱাৰ পাছতে বিজেপি দুষ্কাৰ্যৰ বিৰুদ্ধে মাত মতা সকলৰ বিৰুদ্ধে ক’লা আইনখনক প্ৰতিশোধ পূৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ২০১৪ চনৰ পৰা ২০২০ চনলৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়নৰ শীৰ্ষত আছে অসম৷ অসমৰ মুঠ ৫৭ জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে দণ্ডবিধিৰ ১২৪ [এ] ধাৰাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন কৰিছে৷ অৱশ্যে ইয়াৰে অধিকাংশক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে৷ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন হৈ থকা সকলৰ ভিতৰত কৃষক নেতা, বুদ্ধিজীৱী, সাংবাদিকৰ পৰা আৰম্ভ কৰি ফেচবুকত পাকিস্তানত সমৰ্থন কৰা সাধাৰণ যুৱকো আছে৷ ‘কা’বিৰোধী আন্দোলনৰ সময়তে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল কৃষক নেতা  তথা বৰ্তমান ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ৷ অখিল গগৈৰ উপৰি কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো ৰাষ্ট˜দ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আনহাতে, ২০১৯ চনত ‘কা’বিৰোধী এখন সভাত স্বাধীন অসমৰ প্ৰসংগ উত্থাপন কৰাৰ অভিযোগত অসম আৰক্ষীয়ে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ ধাৰাত ৰুজু কৰিছিল গোচৰ৷ অসম আৰক্ষীয়ে নিজাববীয়াকৈ এই গোচৰ ৰুজু কৰাৰ পাছতেই বিশিষ্ট বুদ্ধিজীৱীজনৰ সমৰ্থত থিয় দিছিল ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোক৷ তদুপৰি উক্ত সভাখনৰ উদ্যোক্তা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধেও ৰুজু কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ৷ ইপিনে, কাশ্মীৰৰ পুৱলামা সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ পাছতেই ফেচবুকত ভাৰতবিৰোধী তথা পাকিস্তানৰ সমৰ্থনত পোষ্ট দি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হ’বলগা হৈছিল মঙলদৈৰ হাফিজুৰ ৰহমান নামৰ যুৱকজন৷ আনহাতে, দিল্লীৰ ৰাজপথত ‘কা’বিৰোধী আন্দোলনক নেতৃত্ব দি এবছৰো অধিক সময়ত তিহাৰ জে’লত ৰাষ্ট˜দ্ৰোহৰ গোচৰত বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছিল অসম জীয়ৰী তথা জে এন ইউৰ গৱেষক ছাত্ৰী দেবাংগনা কলিতাই৷ অৱশ্যে, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসমৰ আটাইকেইজনে জামিনত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’লেও বৰ্তমানেও আদালতলৈ তাঁতবাতি কাঢ়ি থাকিবলগা হৈছে৷ তথ্য অনুসৰি অসমত ৰুজু হোৱা ৰাষ্ট˜দ্ৰোহৰ গোচৰৰ বিপৰীতে বৰ্তমান ৪টা গোচৰতহে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ অৱশ্যে, ইয়াৰে ২৫টা গোচৰৰ ক্ষেত্ৰত আদালতত শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে৷ লক্ষণীয়ভাৱে ঝাৰখণ্ডত ‘কা’বিৰোধী আন্দোলনৰ সময়ত ৩,০০০ লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন কৰিছিল যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা প্ৰত্যাহাৰ কৰিছিল৷ আইন জনতাক ভয় খুৱাবলৈ বা সাধাৰণ জনতাৰ কণ্ঠ ৰোধ কৰিবলৈ নহয়, তেওঁলোকৰ মাজত সুৰক্ষাৰ বাতাবৰণ সৃষ্টিৰ বাবেহে আইন বলৱৎ কৰা হয় বুলি মন্তব্য কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে সকলো গোচৰ প্ৰত্যাহাৰ কৰিছিল৷ অথচ অসমত ‘কা’বিৰোধী আন্দোলনৰ সময়ত বিভিন্নজনৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিছিল, যিসকলে আজিও আইনী পাকচক্ৰত সোমাই গাঁঠিৰ ধন ভাঙি মুক্তিৰ বাবে যুঁজ অব্যাহত ৰাখিবলগীয়া হৈছে৷ স্বাভাৱিকভাৱে সৰ্বোচ্ছ ন্যায়ালয়ৰ বুধবাৰৰ ৰায়দানে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত অসমীয়াসকলেও আশাৰ ৰেঙনি যেন দেখা পাইছে৷