Logo
image

পঞ্চমৰ পৰা নৱমলৈ একেখনেই প্ৰশ্নকাকত

গুণোৎসৱৰ নুবুজা সাঁথৰ!

আমাৰ অসম, ১২ মে’: ক’ভিডে বিধবস্ত কৰা শিক্ষাখণ্ডক পুনৰুজ্জীৱিত কৰাৰ বাবে অভাবনীয় খেলিমেলিৰ মাজেৰে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ ইতিমধ্যে আন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীকো পূৰ্বৰ বিদ্যালয়লৈ আনি অনুষ্ঠিত কৰা হয় প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ আনকি শতাধিক শিক্ষাবিহীন আৰু সহস্ৰাধিক এজনীয়া শিক্ষক থকা বিদ্যালয়ক সামৰি অনুষ্ঠিত কৰা হয় গুণোৎসৱ৷ প্ৰথম পৰ্যায়ত গুণোৎসৱত মূল্যায়নৰ প্ৰশ্নতো দেখা যায় সীমাহীন বিসংগতি৷ বুধবাৰৰ পৰা ৪৬ হাজাৰ বিদ্যালয়ক সামৰি আৰম্ভ কৰা গুণোৎসৱ যে কেৱল ইচ্ছা পূৰণৰ তাগিদাৰ ফলত অধিক খৰখেদাকৈ আৰম্ভ কৰা হ’ল সেয়া শিক্ষক সমাজৰ লগতে বৌদ্ধিক সমাজে আগৰ পৰাই কৈ আহিছে৷ সেয়া যে সত্য আজি প্ৰমাণিত হ’ল৷ চৰাইদেউ জিলাত মঙলবাৰে নিশা ন বজা পৰ্যন্ত শিক্ষকে পোৱা নাছিল গুণোৎসৱৰ প্ৰশ্নকাকত৷ বহুকেইখন জিলাত নিশা দুপৰলৈ শিক্ষকে পোৱা নাই গুণোৎসৱৰ বাবে প্ৰয়োজনীয় যাৱতীয় নথি-পত্ৰ৷ আজিৰে পৰা আৰম্ভ হোৱা দহখন জিলাৰ মুঠ ১০৩খন শিক্ষক বিহীন, ১১২৩খন এজনীয়া শিক্ষক থকা বিদ্যালয়ক সামৰি আৰম্ভ হোৱা স্ব-মূল্যায়নৰ প্ৰশ্ন কাকত দেখি শিক্ষক অভিভাৱক সকলোৰে চকু কপালত উঠিছে৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে অভিযোগ কৰামতে, স্ব-মূল্যায়নৰ বাবে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নখনেই ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰৰো মূল্যায়ন কৰোৱা হৈছে৷ যদি এই অভিযোগ সত্য হয় তেনেহ’লে গুণোৎসৱ অনুষ্ঠিত কৰাৰ নামত যে এক প্ৰহসন হৈছে সেই কথা বহলাই কোৱাৰ প্ৰয়োজন নাই৷ পঞ্চম আৰু নৱম শ্ৰেণীৰ শিশুৰ মাজৰ পাৰ্থক্য অনুধাৱন কৰা নহ’ল নে ইয়াৰ অন্তৰালত প্ৰাথমিক বিদ্যালয়বোৰ বেয়া বুলি প্ৰমাণিত কৰাৰ কৌশল লুকাই আছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ ইয়াৰোপৰি বঙালী মাধ্যমৰ প্ৰশ্নকাকতখনত বানান বিভ্ৰাটৰ উপৰিও লক্ষ্মীনাথ নামটোকে লক্ষ্মীনাথ কৰি থোৱাও পৰিলক্ষিত হৈছে৷ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা পোৱা খৱৰ মতে ২০২০ চনৰ ছাত্ৰ ছাত্ৰীৰ তথ্য মতে বৰ্হিমূল্যায়নৰৱবাবে ওএমআৰশ্বীট প্ৰদান কৰা হৈছে৷ ইয়াৰ ফলত বৰ্হিমূল্যায়নৰ দিনা সকলো বিদ্যালয়তে যে হাহাকাৰৰ সৃষ্টি হ’ব সেয়া নিশ্চিত৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰশ্ন কাকত কম বেছি হোৱাৰ ফলত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে গুণোৎসৱত মূল্যায়ন কৰিবলৈ পোৱা-নোপোৱাটো সন্দেহৰ আৱৰ্তত৷  অতি পৰিতাপৰ কথা আজি যিকেইখন জিলাত গুণোৎসৱ আৰম্ভ হৈছে সেই কেইখন জিলাৰ নিম্ন প্ৰাথমিকৰ পৰা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিজন নডেল শিক্ষকে হাতপুথিখন মাত্ৰ এদিনপূৰ্বে বেছিভাগতে সূৰ্যাস্তৰ পাছতহে পাবলৈ সক্ষম হৈছে৷ যাৰবাবে শিক্ষক সকলে হাতপুথিখন পঢ়ি নিজে প্ৰস্তুত হোৱাৰ সুবিধা নাপালে৷ কিহৰ স্বাৰ্থত চৰকাৰ তথা শিক্ষা বিভাগে পৰিকল্পনাহীন ভাবে ইমান খৰখেদাকৈ গুণোৎসৱ অনুষ্ঠিত কৰিব লগা হ’ল, ইয়াৰ পৰা কি আশা কৰিব পাৰি বুলি মুকলি প্ৰশ্ন কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে৷ আনহাতে প্ৰথম শ্ৰেণীকো এই গুণোৎসৱে সামৰি ল’ব বুলি ঘোষণা কৰাৰ পাছতো আজি প্ৰথম শ্ৰেণীৰ শিশু সকলক কিয় স্ব-মূল্যায়ন কৰোৱা নহ’ল সেয়াও এক সাথঁৰ হৈ থাকিল৷ সন্মিলনীৰ তৰফৰ পৰা সকলো ভুল সংশোধনৰ বাবে দাবী জনাইছে৷