Logo
image

এপিএছচিৰ চক্ৰবেহুত বন্দী বহু যোগ্য প্ৰাৰ্থী

ইডব্লিউএছৰ ভুৱা প্ৰমাণপত্ৰ

আমাৰ অসম, ১২ মে’: সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত ভুৱা ই ডব্লিউ এছ প্ৰমাণ-পত্ৰৰে অযোগ্য প্ৰাৰ্থীক বাছনি কৰাৰ অভিযোগ কোনো নতুন নহয়৷ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী চমুকৈ ই ডব্লিউ এছ প্ৰমাণ-পত্ৰৰ নামত এতিয়া ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত ক’লা বজাৰ গঢ়ি উঠিছে৷ আধ্যৱন্ত পৰিয়ালৰ সন্তানে ধনৰ বিনিময়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ক মেনেজ কৰি ই ডব্লিউ এছ চাৰ্টিফিকেট সংগ্ৰহ কৰাই নহয়, এনে চাৰ্টিফিকেটৰ বিপৰীতে চহকী প্ৰাৰ্থীকে আৰ্থিকভাৱে পিছপৰা দেখুৱাই কোনো বিভাগীয় অনুসন্ধান অবিহনে চৰকাৰী চাকৰিত নিযুক্তি দি আহিছে৷ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাত ই ডব্লিউ এছ  প্ৰমাণ-পত্ৰৰ জালিয়াতি সংঘটিত হোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ সঁচা প্ৰমাণ হ’ল শেহতীয়া জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা পদৰ ফলাফলত৷ আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ পাছতো ভুৱা ই ডব্লিউ এছ প্ৰমাণ-পত্ৰৰে জলসিঞ্চনৰ মেকানিকেল সহকাৰী অভিযন্তাৰ পদত যোৰহাটৰ স্বাগত প্ৰবীন শইকীয়া নামৰ এজন প্ৰাৰ্থীয়ে বাছনি লাভ কৰিবলৈ সক্ষম হৈছে৷ উক্ত বাছনি তালিকা প্ৰকাশৰ পাছতেই ই ডব্লিউ এছ প্ৰমাণ-পত্ৰৰ নামত অসম লোকসেৱা আয়োগে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লক্ষণীয় বিষয়টো হৈছে জলসিঞ্চনৰ মেকানিকেল অভিযন্তা পদত বাছনি লাভ কৰা স্বাগত প্ৰবীন শইকীয়াৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু মাতৃও এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোটি টকীয়া সম্পত্তি থকা স্বাগতৰ  জনস্বাস্থ্য কাৰিকৰী বিভাগত অভিযন্তা পদত কৰ্মৰত৷ অভিযোগ অনুসৰি অসম লোকসেৱা আয়োগে এই ই ডব্লিউ এছৰ সংৰক্ষিত পদত এনে ভুৱা প্ৰাৰ্থীক বাছনি কৰাৰ স্বাৰ্থতে যোগ্যজনক বঞ্চিত কৰিছে৷ শেহতীয়াকৈ এ পি এছ চিয়ে জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কনিষ্ঠ অভিযন্তাৰ পদৰ বাছনি তালিকা প্ৰকাশ কৰিছে৷ কিন্তু এই দুয়োটা পৰীক্ষাতে লিখিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো ই ডব্লিউ এছ শ্ৰেণীৰ যোগ্য প্ৰাৰ্থীক সাক্ষাৎকাৰৰ পৰা বঞ্চিত কৰি ভুৱা প্ৰাৰ্থীক বাছনি কৰাৰ অভিযোগ উঠিছে৷ যুক্তিহীনভাৱে আয়োগে লিখিত পৰীক্ষাত উত্তীৰ্ণ কেইবাজনো প্ৰাৰ্থীৰ ‘আয় আৰু সম্পত্তিৰ প্ৰমাণ-পত্ৰ’ প্ৰত্যাখান কৰিছে৷ অভিযোগ অনুসৰি এ পি এছ চিয়ে জলসিঞ্চনৰ সহকাৰী অভিযন্তাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ২০২০ চনৰ আগষ্টত৷ আনহাতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ২০২০ চনৰ জুনত৷ লক্ষণীয়ভাৱে বিজ্ঞাপনত ই ডব্লিউ এছ চাৰ্টিফিকেটৰ কোনো সময়সীমা চৰ্ত হিচাপে উল্লেখ কৰা নাছিল৷ অৱশ্যে ২০২০ বৰ্ষৰ ক’ভিডৰ বাবে ই ডব্লিউ এছ প্ৰমাণ-পত্ৰ সময়মতে সংগ্ৰহ কৰিব নোৱাৰাত বহু প্ৰাৰ্থীয়ে ২০১৯ বৰ্ষৰ ই ডব্লিউ এছ চাৰ্টিফিকেটৰ জৰিয়তে আবেদন কৰিছিল৷ তদুপৰি ই ডব্লিউ এছ যিহেতু এটা সম্পূৰ্ণ নতুন শ্ৰেণী হিচাপে সংৰক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, বহুতো পৰীক্ষাৰ্থীৰ সেই প্ৰমাণ-পত্ৰখনৰ বৈধতাৰ সন্দৰ্ভতো বিশেষ ধাৰণা নাছিল৷ আয়োগেও আবেদনৰ সময়ৰ পৰা সাক্ষাৎকাৰৰ সময়লৈ এই দীঘলীয়া পৰিক্ৰমাটোত কেতিয়াও ই ডব্লিউ এছৰ সন্দৰ্ভত কোনো আগতীয়া জাননী প্ৰকাশ নকৰাৰো অভিযোগ উঠিছে৷ কিন্তু শেষ মুহূৰ্তত আয়োগে বিজ্ঞাপন প্ৰকাশ কৰা বৰ্ষটোৰ প্ৰমাণ-পত্ৰহে বিবেচনা কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰি ফলাফল প্ৰকাশ কৰিলে৷ অথচ ই ডব্লিউ এছৰ ২০১৯ৰ প্ৰমাণ-পত্ৰ দাখিল কৰা বহুতে শেষ মুহূৰ্তত আয়োগৰ সিদ্ধান্ত অৱগত হৈ ২০২১ চনৰ ই ডব্লিউ এছ প্ৰমাণ-পত্ৰ দাখিল কৰিছিল যদিও ৰহস্যজনক কাৰণত উক্ত প্ৰমাণ-পত্ৰৰ বৈধতা স্বীকৃতি নিদিলে৷ অথচ দিনচেৰেক পূৰ্বে এ পি এছ চিয়ে ফলাফল প্ৰকাশ কৰা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অভিযন্তাৰ পদৰ ফলাফলত ই ডব্লিউ এছ চাৰ্টিফিকেটৰ সময়সীমাক লৈ প্ৰাৰ্থীক ৰেহাই দিছিল৷ অভিযোগ অনুসৰি জলসিঞ্চন আৰু গ্ৰামোন্নয়ন দুয়োটা বিভাগতে ২০১৯ চনৰ ডিচেম্বৰত জাৰি  হোৱা ই ডব্লিউ এছ প্ৰমাণ-পত্ৰৰে কিয়ে কাশ্যপ পাঠক নামৰ এজন মেধাৱী প্ৰাৰ্থীয়ে আবেদন জনাইছিল৷ প্ৰাৰ্থীজনে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল যদিও প্ৰাৰ্থীজনৰ ই ডব্লিউ এছ চাৰ্টিফিকেটখন গ্ৰহণ নকৰিলে আয়োগে৷ আনকি প্ৰাৰ্থীজনে ২০২১ চনৰ ই ডব্লিউ এছ চাৰ্টিফিকেট দাখিল কৰিছিল যদিও উক্ত প্ৰমাণ-পত্ৰকো গ্ৰহণ কৰাত আয়োগে অস্বীকাৰ কৰিলে৷ অথচ কিয়ে কাশ্যপৰ দৰে বহু মেধাৱী যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অসম লোকসেৱা আয়োগে যোৰহাটৰ স্বাগত প্ৰবীন শইকীয়াৰ দৰে ভুৱা প্ৰাৰ্থীক সংৰক্ষিত পদত বাছনি কৰিলে৷ অৰ্থাৎ এ পি এছ চিৰ চক্ৰবেহুত সোমাই  পৰি বহু যোগ্য প্ৰাৰ্থী চাকৰিৰ পৰা বঞ্চিত হ’বলগা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে আয়োগৰ এনে বৈষম্যমূলক নীতিক লৈ বহু প্ৰাৰ্থীয়ে অধ্যক্ষক সাক্ষাৎ কৰিব বিচাৰিছে যদিও আয়োগৰ অধ্যক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ সেয়েহে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে মেধাৱী প্ৰাৰ্থীসকলে৷ ইপিনে এপিএছচিয়ে জলসিঞ্চসনৰ পৰীক্ষাত ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰি’নিক ইঞ্জিনীয়াৰিঙৰ স্নাতকসকলক ইলেক্ট্ৰিকেল ডিগ্ৰী নহয় বুলি পৰীক্ষাত বহিবলৈ নিদিয়াৰ অভিযোগ উঠিছে৷ অথচ উক্ত ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলকে এপিএছচিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু লোক নিৰ্মাণ বিভাগত ইলেক্ট্ৰিকেল ডিগ্ৰী হিচাপে মৰ্যদা দি বাছনি কৰি স্ববিৰোধী ভূমিকা গ্ৰহণ কৰাও দেখা গ’ল৷

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী অভিযান্ত্ৰিক স্নাতকৰ

এইবাৰ এপিএছচিৰ বিৰুদ্ধে এক গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি, এপিএছচিৰ অধীনত জলসিঞ্চন বিভাগত অনুষ্ঠিত  লিখিত পৰীক্ষাত উত্তীৰ্ণ ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰ’নিক ইঞ্জিনিয়াৰিঙৰ স্মাতকসকলক বাছনি পৰীক্ষাৰ পৰা বঞ্চিত কৰা হৈছে৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে এই বঞ্চিত প্ৰাৰ্থীসকল৷ জানিব পৰা মতে, এপিএছচিৰ পৰিচালনাত অনুষ্ঠিত হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগ, পি ডব্লিউ ডি আৰু জলসিঞ্চন বিভাগৰ পৰীক্ষা৷ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে বাছনি পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছিল৷ সেই অনুসৰি, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এই বাছনি পৰীক্ষাৰ সাক্ষাৎকাৰ চলিত বৰ্ষৰ ২৮ জানুৱাৰীত অনুষ্ঠিত হৈছিল, পি ডব্লিউ ডি বিভাগৰ সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ৩ আৰু ৪ ফেব্ৰুৱাৰীত৷ জলসিঞ্চন বিভাগৰ বাছনি পৰীক্ষাৰ সাক্ষাৎকাৰৰ দিন ধাৰ্য কৰা হৈছিল ১১ আৰু ১২ এপ্ৰিলত৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে জলসিঞ্চন বিভাগৰ এই বাছনি পৰীক্ষাৰ সাক্ষাৎকাৰত অনুমতি দিয়া নহয় ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰ’নিক ইঞ্জিনিয়াৰিং স্মাতক প্ৰাৰ্থীসকলক৷ এই সাক্ষাৎকাৰ অনুমতি প্ৰদান নকৰাৰ কাৰণ হিচাপে দেখুওৱা হয় ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰ’নিক ইঞ্জিনিয়াৰিং স্নাতক প্ৰাৰ্থীসকলক প্ৰকৃত ইলেকট্ৰিকেল ডিগ্ৰী ধৰা নহয়৷ কেৱল ইলেকট্ৰিকেল ডিগ্ৰী থকাসকলক এই সাক্ষাৎকাৰত অনুমতি প্ৰদান কৰা হৈছে৷  অথচ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পি ডব্লিউ ডি বিভাগত ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰ’নিক ইঞ্জিনিয়াৰিং স্মাতক প্ৰাৰ্থীসকলক ইলেকট্ৰিকেল স্মাতকৰ সমপৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰি বাছনি পৰীক্ষাত সাক্ষাৎকাৰ লোৱা হৈছিল৷  ইতিমধ্যে ফলাফলো ঘোষণা কৰা হৈছে আৰু কৰ্মতো যোগদান কৰিছে ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰ’নিক স্মাতক ডিগ্ৰী থকা সাক্ষাৎকাৰৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলে৷ বঞ্চিত প্ৰাৰ্থীসকলে জনোৱা মতে, তেওঁলোকৰ সাক্ষাৎকাৰ অনুমতি প্ৰদান নকৰাৰ কোনো ন’টিফিকেচনো দেখুওৱাব পৰা নাই এপিএছচি কতৃৰ্পক্ষই৷ এনেকি জলসিঞ্চন বিভাগতো এইক্ষেত্ৰত কোনো ন’টিফিকেচন অহা নাই৷ বঞ্চিত প্ৰাৰ্থীসকলে এপিএছচিৰ অধ্যক্ষ, ৰাজ্যৰ মুখ্য সচিব,  জলসিঞ্চন বিভাগত একাধিকবাৰ এই অভিযোগ দাখিল কৰিছে যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে অমীমাংসা অৱস্থাত ৯ মে’ত জলসিঞ্চন বিভাগৰ এই বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷  একেখন ৰাজ্য চৰকাৰৰ অধীনত একে মৰ্যাদা থকা বিভাগীয়ভাৱে পৃথক নীতি অনুসৰণ কৰা ঘটনাই আচৰিত কৰি তুলিছে এই সাক্ষাৎকাৰৰ পৰা বঞ্চিত প্ৰাৰ্থীসকলক৷ একেখন ৰাজ্য চৰকাৰৰ অধীনত এপিএছচিয়ে প্ৰযোজ্য কৰা দুই নীতি কোনো মতে মানি ল’ব পৰা নাই এই বঞ্চিত প্ৰাৰ্থীসকলে৷ ইপিনে উক্ত বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে বঞ্চিত প্ৰাৰ্থীসকলে৷ মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰি আজিও এক লিখিত পত্ৰ মুখ্যমন্ত্ৰীলৈ মেইলযোগে প্ৰেৰণ কৰা বুলি জনোৱা হয়৷ এই বিষয়টোৰ সঠিক তদন্তৰ দাবী কৰাৰ লগতে ন্যায় বিচাৰিছে এই বঞ্চিত প্ৰাৰ্থীসকলে৷