Logo
image

তাজমহলৰ ভূমিস্বত্ব দাবীৰে আদালতলৈ ৰাজকুমাৰী

আমাৰ অসম, ১২ মে’: জয়পুৰৰ ৰাজকুমাৰী তথা বিজেপিৰ নেত্ৰী দিব্যা কুমাৰীয়ে উত্তৰ প্ৰদেশৰ আগ্ৰাস্থিত তাজমহল থকা ভূমিৰ মালিকীস্বত্ত্ব দাবী কৰিছে৷ বিজেপিৰ সাংসদ দিব্যা কুমাৰীৰ মতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সন্মান লাভ কৰা, প্ৰেমৰ প্ৰতীক হিচাপে বিশ্বজুৰি স্বীকৃত তাজমহল যি স্থানত অৱস্থিত, সেই ভূমি প্ৰকৃততে তেওঁলোকৰ পৰিয়ালৰ৷ এই দাবী কৰি জয়পুৰৰ প্ৰাক্তন ৰাজকুমাৰী দিব্যা কুমাৰীয়ে এলাহাবাদ উচ্ছ ন্যায়ালয়ত মালিকীস্বত্ত্ব বিচাৰি আৰু তাজমহলৰ বন্ধ কৰি থোৱা ২২টা কোঠা খুলি দিয়াৰ দাবীত আবেদন জনাইছে৷ আবেদনপত্ৰত তেওঁ কৈছে যে তাজমহল নিৰ্মিত হোৱা ভূমিৰ গৰাকী যে তেওঁলোকৰ ৰাজপৰিয়াল সেই সন্দৰ্ভত তেওঁৰ হাতত যথোপযুক্ত নথি আছে৷ উল্লেখ্য, তাজমহলৰ ভিতৰভাগত ভূগৰ্ভস্থ ২২ টা কোঠা বছৰ বছৰ ধৰি বন্ধ কৰি থোৱা আছে৷ কেন্দ্ৰীয় পুৰাতত্ত্ব জৰীপ বিভাগত এই কোঠাকেইটাৰ ভিতৰত কোনো দেৱ-দেৱীৰ মূৰ্তি আছে নেকি সেয়া পৰীক্ষা কৰাৰ বাবে অনুমতি দিবলৈ ইতিমধ্যে এলাহাবাদ উচ্ছ ন্যায়ালয়ত আবেদন জনোৱা হৈছিল৷ এনে সময়তে তাজমহলৰ অৱস্থিতি থকা স্থানৰ ভূমিৰ গৰাকী এসময়ৰ ৰাজস্থানৰ ৰাজপৰিয়াল বুলি দাবী উঠাত বিষয়টোৱে অসামান্য গুৰুত্ব লাভ কৰিছ৷ নিজৰ আবেদন সন্দৰ্ভত দিব্যা কুমাৰীয়ে জনাই যে, দেশবাসীয়ে সত্য বিষয়টো জনা উচিত৷ সেই ভূমি প্ৰকৃততে কাৰ আছিল সেই কথা সকলোৱেই জনা প্ৰয়োজন৷ তাজমহলৰ তলত ভূগৰ্ভৰ কোঠাত কি লুকুৱাই ৰখা হৈছে তাকো সকলোৰে ওচৰত মুকলি হোৱাৰ প্ৰয়োজন৷ দিব্যা কুমাৰীৰ মতে তেওঁৰ হাতত ৰাজপৰিয়ালৰ ভূমিৰ সকলো নথি জমা আছে৷  সেই নথিত উল্লেখ থকা অনুসৰি এতিয়া তাজমহল যি স্থানত আছে সেই ভূমি ৰাজস্থানৰ ৰাজপৰিয়ালৰ মালিকানাধীন আছিল৷ মোগল সম্ৰাট ছাহজাহানে ৰাজস্থানৰ ৰাজপৰিয়ালৰ পৰা সেই ভূমি অধিগ্ৰহণ কৰিছিল৷ অৱশ্যে দিব্যা কুমাৰীৰ মতে সেই ভূমি অধিগ্ৰহণ কৰাৰ বিনিময়ত মোগল সম্ৰাট ছাহজাহানে জয়পুৰৰ ৰাজপৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিছিল৷ জয়পুৰৰ ৰাজপৰিয়ালে সেই ক্ষতিপূৰণ গ্ৰহণ কৰিছিল নে নাই আৰু মাটিৰ মূল্য অনুসৰি ক্ষতিপূৰণৰ পৰিমাণ যথোচিত হৈছিল নে নাই সেই সন্দৰ্ভত তেওঁ অৱগত নহয়৷ সেই ক্ষতিপূৰণৰ তথ্যও নিজৰ হাতত থকা বুলি দাবী কৰা দিব্যা কুমাৰীয়ে কয় যে তেওঁ এতিয়াও সেইসমূহ ভালদৰে পৰীক্ষা কৰা নাই৷ দিব্যা কুমাৰীৰ মতে তেতিয়া মোগলৰ শাসনত দেশত কেৱল ৰাজাধিপত্য চলিছিল আৰু কোনোধৰণৰ বিচাৰ ব্যৱস্থা নথকাৰ বাবে জয়পুৰৰ ৰাজপৰিয়ালে মোগল সম্ৰাট ছাহজাহানৰ ভূমি অধিগ্ৰহণৰ দাবীৰ বিৰুদ্ধে ক’তো আবেদন কৰিবলৈ সমৰ্থন হোৱা নাছিল৷