Logo
image

ধৰ্মতো সংস্কাৰৰ প্ৰয়োজন

আদি এলেঙি সত্ৰৰ ত্ৰয়োদশ সত্ৰাধিকাৰ কমলচন্দ্ৰ দেৱগোস্বামীৰ তিৰোভাৱ তিথিৰ অনুষ্ঠানত ড॰ কৰৱী ডেকা হাজৰিকা

আমাৰ অসম, ১২ মে': জগতগুৰু শংকৰদেৱৰ আধ্যাত্মিক অৱদানে অসমীয়া জাতিক গঢ় দি থৈ গ’ল যাৰ বাবে ভাৰতৰ মাজত আজিলৈকে অসমীয়া জাতিয়ে মূৰ দাঙি আছে৷ সাম্প্ৰতিক সময়ত ধৰ্ম-ভাষা-সংস্কৃতি সকলোতে সংস্কাৰৰ সময় আহি পৰিছে৷ এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী প্ৰাধ্যাপক তথা সু-সাহিত্যিক ড॰ কৰবী ডেকা হাজৰিকাৰ৷ লখিমপুৰ জিলাৰ বঙালমৰাৰ শ্ৰীশ্ৰী আদি এলেঙি সত্ৰত আজি সত্ৰৰ ত্ৰয়োদশ সত্ৰাধিকাৰ প্ৰায়ত কমল চন্দ্ৰদেৱ গোস্বামীৰ তৃতীয় বাৰ্ষিক তিৰোভাৱ তিথি উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ড॰ হাজৰিকাই এনেদৰে কয়৷ তেওঁ আৰু কয় সত্ৰীয়া-সংস্কৃতিয়েই মোৰ জীৱনৰ আধাৰ, শংকৰদেৱৰ আধ্যাত্মিক অৱদানৰ বাবেই আজিলৈকে জগতত অসমীয়া জাতিয়ে চিনাকি দি আহিছে৷ তেওঁ কেতিয়াও জাতিবিৰোধ নকৰিছিল৷ কীত্তৰ্ন-দশম, ৰত্নাৱলী, ঘোষাৰ জৰিয়তে তেওঁ আমাক জ্ঞান দি গৈছে৷ শিশুক যেনেদৰে নাচ-গান আৰু ৰং-বিৰঙৰ খেলেৰে যেনেদৰে শিক্ষাদান কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱ জীৱনৰ মহত্ব বুজিবলৈ বা ভগৱানক জানিবলৈ তেওঁ সাহিত্য ক’লাৰ মাজেৰে শিক্ষা দি গৈছিল৷ তেওঁ মানুহক আধ্যাত্মিক জ্ঞান বিলাই গৈছিল৷ আজিৰ যুগত মানুহৰ আচাৰ-আচৰণ সলনি হ’বলৈ ধৰিছে৷ নৈতিকতা আৰু আধ্যাত্মিকতা আমাক সদায় লাগিব৷ ধৰ্ম, ভাষা, সংস্কৃতি সকলোতে সংস্কাৰৰ সময় আহি পৰিছে৷ আজিৰ ছোৱালীয়ে মেখেলা পিন্ধিব নাজানে বুলিও তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানতে প্ৰয়াত কমলচন্দ্ৰদেৱ গোস্বামীৰ সোঁৱৰণত হৃদয় পৰম গুৰু নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷ ‘আমাৰ অসম’ কাকতৰ সম্পাদক তথা আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ মনোজ কুমাৰ গোস্বামীৰ উপস্থিতিত অনুষ্ঠিত এই তিৰোভাৱ তিথিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, গৱেষক যাদৱ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তত্বগধুৰ ভাষণ আগবঢ়ায়৷ একেদৰে শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ গোস্বামীয়ে গাহৰ্স্থ্য জীৱন আৰু সত্ৰীয়া জীৱনশৈলীৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে৷ তেওঁ কেৱলীয়া সত্ৰসমূহৰ সত্ৰীয়া জীৱনচৰ্যাৰ ওপৰত বিভিন্ন দিশ সামৰি বহু তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়৷ মানুহৰ মনটো কেনেদৰে ঈশ্বৰমুখী কৰিব পাৰি তেওঁ সেই বিষয়ে উল্লেখ কৰাৰ লগতে মনতো বৰ্হি শুদ্ধি কৰিলেই নহ’ব অন্তৰ শুদ্ধিৰে ঈশ্বৰৰ চিন্তা কৰিব লাগিব বুলি উল্লেখ কৰাৰ উপৰি দেৱ, গুৰু, নাম, ভকতৰ ওপৰত সাৱলীলভাৱে ব্যাখ্যা আগবঢ়ায়৷ ঈশ্বৰক লগ পাবলৈ কেনেদৰে মানৱ সমাজে কু-প্ৰভাৱৰ পৰা মুক্ত হ’ব লাগিব তেওঁ সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায়৷ অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভৱকান্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই ধৰ্মালোচনী সভাত সত্ৰখনৰ প্ৰয়াত শিক্ষাবিদ, তথা সত্ৰাধিকাৰ কমলচন্দ্ৰদেৱ গোস্বামীৰ বিষয়ত বিশেষভাৱে বিভিন্নজনে আলোকপাত কৰে৷ উল্লেখ্য যে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত শ্ৰীশ্ৰী আদি এলেঙি সত্ৰৰ ত্ৰয়োদশ সত্ৰাধিকাৰ কমলচন্দ্ৰদেৱ গোস্বামীৰ২০১৯ বৰ্ষৰ ১৪ মে’ত পৰলোকপ্ৰাপ্তি হয়৷ ১৯২৩ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা কমলচন্দ্ৰদেৱ গোস্বামী আছিল এজন নিৰহংকাৰী বিনয়ী ভাৱাপন্ন লোক৷ ইতিহাসপ্ৰসিদ্ধ আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰ সাধুপুৰুষ অমায়িক গুণসমৃদ্ধ এইজন মহান পুৰুষে বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে গুৰুদায়িত্ব পালন কৰি শেষত ধৰ্ম আৰু সংস্কৃতি বিশ্ববিদ্যালয়সদৃশ পৱিত্ৰ স্থান সত্ৰৰ গুৰুদায়িত্ব বহন কৰি নিষ্ঠাৰে কৰ্তব্য পালন কৰি সকলোৰে নমস্য ব্যক্তি হিচাপে পৰিচিত হৈ পৰিছিল৷ এইজন সত্ৰাধিকাৰৰ সোঁৱৰণতে বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ বঙালমৰাৰ শ্ৰীশ্ৰী আদি এলেঙি সত্ৰত তেওঁৰ তৃতীয় বাৰ্ষিক তিৰোভাৱ তিথি অতি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়৷ বুধবাৰৰ এই অনুষ্ঠানত সত্ৰৰ সমীপৱৰ্তী একাংশ ইছলামধৰ্মীলোকে সভাগৃহলৈ আহি সত্ৰাধিকাৰৰ তিৰোভাৱ তিথি উপলক্ষে সত্ৰলৈ অংগবস্ত্ৰ আগবঢ়ায় তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰে৷ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে সত্ৰৰ প্ৰাংগণত নিশা মাজুলীৰ শ্ৰীশ্ৰী আদি এলেঙি সত্ৰৰ ভক্তবৃন্দই ‘নৃসিংহ মুৰাৰি’ ভাওনা প্ৰদশন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয়৷ উক্ত অনুষ্ঠানতে আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ মনোজ কুমাৰ গোস্বামীক আদি এলেঙি সত্ৰৰ যুৱক সংঘই সম্বৰ্ধনা জ্ঞাপন কৰে৷