Logo
image

সাধাৰণ লোকৰ বাবে জে’ল সঞ্জয় কিষাণৰ বাবে কি?

আমাৰ অসম, ১৬ মে’: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হওক বা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হওক, দৃঢ়তাৰে দাবী কৰি আছিল যে শেহতীয়াভাৱে অসম উগ্ৰপন্থী মুক্ত আৰু শংকামুক্ত হৈ পৰিছে৷ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ বহু অঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰো কৰে৷ ৰাজ্যৰ অন্য অঞ্চলসমূহৰ পৰাও শীঘ্ৰে এই প্ৰত্যাহাৰ কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়া অসম ভ্ৰমণৰ সময়ত ঘোষণা কৰিছিল৷ কিন্তু কেন্দ্ৰীয়  গৃহমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ এনে ঘোষণাক ভেঙুচালি কৰি আলফা [স্বাধীন]ৰ ওচৰত নিজৰ ভাষ্যৰ কাৰণে ক্ষমা বিচাৰিলে ৰাজ্যৰ এজন কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে৷ মন্ত্ৰী সঞ্জয় কিষাণৰ এনে কাৰ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী বা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কৰি অহা দাবীৰ কোনো বাস্তৱ সত্যতা নাই৷ চৰকাৰৰ কেবিনেট মন্ত্ৰী এজনে ৰাজহুৱাভাৱে নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন এটাক কৰযোৰে ক্ষমা বিচৰা কাৰ্যই বহুকেইটা দিশ উদঙাই দিছে৷  উল্লেখ্য যে কেবিনেট মন্ত্ৰী হোৱাৰ সূত্ৰে সঞ্জয় কিষাণ চৰকাৰৰ পৰা নিৰাপত্তা লাভ কৰে৷ আৰক্ষীৰ এছকোৰ্ট, পাইলটৰ সুবিধাৰ উপৰিও অনবৰতে তেওঁ সুৰক্ষাৰ বেষ্টনীৰ মাজত থাকে৷ কিন্তু পৰেশ বৰুৱাই ভাবুকি দিয়াৰ ২৪ ঘণ্টা নৌহওতেই মন্ত্ৰী সঞ্জয় কিষাণে কৰযোৰ ক্ষমা বিচাৰে আলফা [স্বাধীন] ৰ ওচৰত৷ মন্ত্ৰীজনৰ এনে কাৰ্যই মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা আৰু দাবীক অখণ্ডতা প্ৰতিপন্ন কৰিলে৷ দেশৰ অসমতা ৰক্ষাৰ নামত শপত লোৱা মন্ত্ৰী এজনে কিদৰে বিছিন্নতাবাদী আৰু নিষিদ্ধ ঘোষিত সংগঠন এটাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব পাৰে তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ তেনে  ক্ষেত্ৰত মন্ত্ৰীজনক কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে নিজৰ মন্ত্ৰীসভাত ৰাখিব? শেহতীয়াভাৱে আলফাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত সৰু সৰু আপডেট দিয়া যুৱক-যুৱতীক আৰক্ষীয়ে বিচাৰি বিচাৰি জেললৈ প্ৰেৰণ কৰি আছে৷ আৱেগৰ বশৱৰ্তী হৈ ছ’চিয়েল মিডিয়াত আগতেই দিয়া এনে যুৱক-যুৱতীক আৰক্ষীয়ে অলপো সময় নষ্ট নকৰাকৈ গ্ৰেপ্তাৰ কৰি আছে৷ কিন্তু কেবিনেট মন্ত্ৰী এজনে আলফাৰ ভাবুকিত সেওমানি ৰাজহুৱাভাৱে আলফাৰ ওচৰত ক্ষমা বিচৰাৰ পাছতো কিন্তু আৰক্ষী-প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণ নিলিপ্তত-নিৰৱ৷ এটা উগ্ৰপন্থী সংগঠনে সংবিধানৰ নামত শপত সেৱা কেবিনেট মন্ত্ৰী এজনক তিনিচুকীয়া আৰু ডিব্ৰুগড়ত নিষিদ্ধ ঘোষণা কৰাৰ ভাবুকি দিয়াৰ পাছতে মন্ত্ৰীজনে উগ্ৰপন্থী সংগঠনটোৰ ওচৰত ক্ষমা বিচাৰ কাৰ্যই এটা কথা প্ৰমাণিত কৰিলে নে এই জিলা দুখনত আলফা [স্বাধীন]ৰ ভেটি আজিও যথেষ্ট সৱল আৰু শক্তিশালী৷ মন্ত্ৰী এজনক ভেটিব পৰা সাংগঠনিক শক্তি এই জিলা দুখনত আলফা [স্বাধীনৰ]ৰ আছে বুলি মন্ত্ৰী কিষাণে নিজৰ কাৰ্যৰ দ্বাৰা প্ৰমাণিত কৰিলে৷ অথচ আলফা [স্বাধীন] বা পৰেশ বৰুৱাৰ সাংগঠনিক ভেটি নাইকীয়া হৈ পৰা বুলি চৰকাৰে  বাৰম্বাৰ দাবী কৰি আছে৷ এনেধৰণৰ কাৰ্য সংঘটিত কৰি মন্ত্ৰীজনে আলফা [স্বাধীন]ৰ সাংগঠনিক ক্ষমতাক স্বীকৃতি দিয়াহে হ’ল৷ ইয়াৰ পাছতো মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী সঞ্জয় কিষাণক মন্ত্ৰীসভাৰ পৰা কিয় বাদ নিদিব তাকলৈ প্ৰশ্ন উত্থাপিত হৈছে৷  উল্লেখ্য যে মন্ত্ৰী সঞ্জয় কিষানে পৰেশ বৰুৱাৰ ওচৰত কৰযোৰে ক্ষমা বিচৰাৰ বিপৰীতে আলফাৰ সমৰ্থনত সাধাৰণ মন্তব্য দি যুৱক-যুৱতী গ্ৰেপ্তাৰ হোৱাৰ ধাৰা ৰাজ্যত অব্যাহত আছে৷ বিগত দুদিনত বঙাইগাঁও-হোজাইত গ্ৰেপ্তাৰ হৈছে এনে যুৱক৷ 

মন্ত্ৰীক আলফাৰ ভাবুকি অধ্যায় গমেই নাপায় ডিজিপিয়ে

যিসময়ত ৰাজ্যৰ এজন কেবিনেটত মন্ত্ৰীয়ে আলফাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিছে সেই সময়ত আলফাৰ প্ৰসংগ এৰি চলিব বিচাৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ দেওবাৰে অসম আৰক্ষীৰ সদৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত ডিজিপি মহন্তই কয়– আলফালৈ যুৱক-যুৱতী ২০ বছৰ ধৰি প্ৰায়েই আছে৷ এইটো নতুন কথা নহয়৷ আহিছে মানুহ গৈছে মানুহযমানুহ মানুহ ময়াপী  জীৱ.... ৷ মানুহ আহি থাকে, গৈ থাকে৷ কিন্তু লক্ষনীয়ভাৱে মন্ত্ৰী সঞ্জয় কিষাণক আলফাই ভাবুকি দিয়া আৰু মন্ত্ৰী কীষাণে আলফাৰ ওচৰত ক্ষমা বিচৰা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ডিজিপি মহন্তই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে অসমত এতিয়া মাথোঁ শান্তি আৰু বিকাশৰ যাত্ৰা আৰম্ভ হৈছে৷ এই শান্তি আৰু বিকাশৰ যাত্ৰা আৰম্ভ হোৱা অসমত ফেচবুক বা আন ছ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত কোনোবাই এটা বাক্য লিখিলেই আৰক্ষীয়ে তেওঁৰ ধৰি আমি জে’লত ভৰায়৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন শক্তিশালী মুখ্যমন্ত্ৰীৰ এজন কেবিনেট মন্ত্ৰীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা [স্বাধীন]ৰ ওচৰত ক্ষমা বিচৰা বা কেবিনেট মন্ত্ৰীজনক আলফাই ভাবুকি দিয়া সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাটো উদ্বেগৰ বিষয় বুলি বিবেচিত হৈছে৷ ইফালে, সংবাদমেলযোগে আৰক্ষী সঞ্চালক প্ৰদানজনে আৰক্ষীৰ নৱ নিযুক্তি জোৱানসকলক কাইলৈ সোমবাৰে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰা স্থানসমূহলৈ গৈ উপস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ যায়৷

ডিমা হাচাওৰ আৰক্ষী কনিষ্টবলৰ পৰীক্ষা স্থগিত

ডিমা হাচাও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া আৰক্ষী কনিষ্টবলৰ পি এছ টি, পি ই টি ১৬ মে’ৰ পৰিৱৰ্তে ২৩ মে’লৈ স্থগিত ৰখা হৈছে৷ প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমি…লনৰ বাবে উক্ত পৰীক্ষা স্থগিত ৰখা হৈছে৷ এই সন্দৰ্ভত সবিশেষ জানিবলৈ উপ-আৰক্ষী অধীক্ষক বৰকিৰি টেৰাঙৰ লগত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে৷