Logo
image

সাৰ্বভৌমত্বক লৈ আলফাৰে আলোচনা অসম্ভৱ

আমাৰ অসম, ১৭ মে’: নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ [স্বা] সৈতে সাৰ্বভৌমত্ব বিষয়ত চৰকাৰে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে৷ আলোচনা কৰিব লাগিলে আলফাই সাৰ্বভৌমত্ব বিষয়টো বাদ দিব লাগিব৷ এই মন্তব্য ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী তথা জেনেৰেল অফিচাৰ কমাণ্ডাৰ ইন চিফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ৷ সোমবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনীৰ ব্ৰহ্মপুত্ৰ হলত আয়োজিত ইষ্টাৰ্ণ কমাণ্ডৰ সংবাদ মেলত এই মন্তব্য কৰে জেনেৰেল কলিতাই৷ সংবাদ মেলত জেনেৰেল কলিতাই কয় শেহতীয়াভাৱে আলফালৈ যোৱা সকলৰ বহুতেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিভিন্ন অপৰাধৰ লগত জড়িত৷ তেওঁলোকৰ বিৰুদ্ধে পূৰ্বতে অপৰাধৰ লগত জড়িত থকাৰ বহু তথ্য পোৱা গৈছে৷ কিন্তু শেহতীয়াভাৱে আলফালৈ যোৱা সকলৰ বেছিভাগেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে আলফাৰ সৈতে সংযোগ স্থাপন কৰি ম্যানমাৰ সীমান্ত পাৰ হৈ আলফাৰ শিবিৰলৈ যোৱাৰ তথ্য পোৱা গৈছে৷ ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ পহৰা থাকে যদিও দুয়োখন দেশৰ মাজত এখন দেশৰ নাগৰিকে আন এখন দেশৰ ১৬ কিঃমিঃ ভিতৰলৈ কোনো ধৰণৰ কাগজ পত্ৰ নথকাকৈ অহা-যোৱা কৰিব পাৰে৷ এই সুবিধাৰ গইনা লৈও একাংশই ম্যানমাৰৰ ভিতৰত থকা আলফাৰ শিবিৰলৈ যাব পাৰে বুলি ধাৰণা কৰা হৈছে৷ মই অসমৰ যুৱক-যুৱতীসকলক আহ্বান জনাম যাতে তেওঁলোক কোনো কাৰণতে নিজৰ সমাজখন, পৰিয়াল এৰি আলফালৈ নাযায়৷ আলফা এতিয়া উজনি অসমৰ কেইটামান পকেটতহে সীমিত পৰিসৰত সক্ৰিয় হৈ আছে৷ যাৰ বাবে সেই পকেট কেইটাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহৰ কৰিব পৰা নাই৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সক্ৰিয় হৈ থকা আলফাই হত্যা-হিংসাৰে সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ আমাৰ অসমীয়া সমাজ শান্তিপ্ৰিয় আৰু গণতান্ত্ৰিক, ইয়াত হত্যা, হিংসাৰ কোনো স্থান নাই৷ হিংসাই কোনো সমস্যাৰ সমাধন নকৰে৷ ইফালে অসমতাই কয়–ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ইৰ একাংশ টেলিভিছন চেনেলত পৰেশ বৰুৱাৰ পোনপটীয়া অনুষ্ঠান সম্প্ৰচাৰ হোৱা সন্দৰ্ভত জেনেৰেল কলিয়াত সংবাদ মাধ্যমৰ মুক্ত স্বাধীনতা আছে৷ মই কাশ্মীৰত কাৰ্য নিৰ্বাহ কৰি থাকোতে তাত পাকিস্তানৰ সমৰ্থনপুষ্ট হিজবুল মুজাহিদীন, লস্কৰ ই তৈবাকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ নেতাসকলৰ সাক্ষাৎকাৰ পাকিস্তানৰ লগতে কাশ্মীৰৰ টেলিভিছন চেনেলত প্ৰত্যক্ষ কৰিছো৷ আনহাতে অসমৰ যুৱক-যুৱতীসকল সেনা বাহিনীৰ বিষয়াকে ধৰি বিভিন্ন পদত যোগদান কৰাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াসৰ বাবে ছ’চিয়েল মিডিয়াৰ দায়িত্ব আছে৷ ইতিমধ্যে ৰাজ্যখনত ঠাই বিশেষে ক’চিং চেণ্টাৰ স্থাপন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে প্ৰাৰম্ভিক কথা পতা হৈছে৷ আনকি অসমত থকা সেনা শিবিৰ সমূহকো দাঁতি কাষৰীয়া অঞ্চলত সেনা বাহিনীত ভৰ্তিৰ বিষয়ে সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইফালে সংবাদ মেলত অৰুণাচল প্ৰদেশ, ম্যানমাৰ আদি সীমান্তৰ শেহতীয়া স্থিতিৰ বিষয়ে সদৰি কৰি জেনেৰেল কলিতাই দেশৰ সাৰ্বভৌমত্ব, সীমা সুৰক্ষাৰ বাবে ২৪ ঘণ্টাই সাজু হৈ থাকে বুলি ব্যক্ত কৰে৷