Logo
image

সহস্ৰাধিকক উদ্ধাৰ হেলিকপ্টাৰেৰে, আবদ্ধৰ মাজত ৰুমী নাথো

আমাৰ অসম, ১৭ মে’: ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ডিমা-হাচাওৰ লগতে শিলচৰ গুৱাহাটী সংযোগী পথত ব্যাপক ভূমিস্খলন অব্যাহত আছে৷ ডিমা-হাচাওত ভূমিস্খলনৰ ফলত ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে শিলচৰ-গুৱাহাটী স্থল পথতো মেঘালয়ৰ বিভিন্ন স্থানত ভূমিস্খলনৰ বাবে যাতায়াত স্তব্ধ হৈ পৰিছে৷ পাহাৰ তথা পথৰ কাষৰ গছ-শিল খহি পৰি শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থান বন্ধ কৰি পেলোৱাৰ লগতে কেইবাটাও অংশত মূল পথতো খহনীয়াৰ সৃষ্টি হৈছে৷ আনকি পথত ৰখাই হোৱা যাত্ৰীবাহী তথা মালবাহী ট্ৰাকৰ চকা পৰ্যন্ত  বোকা-মাটিয়ে পুতি পেলোৱাও দেখা গৈছে৷ মেঘালয় প্ৰশাসনে পথ মুকলি কৰাৰ চেষ্টা চলালেও যানবাহন চলাচলৰ বাবে আজিও সম্পূৰ্ণ সূচল হৈ উঠা নাই৷ বৰাক উপত্যকালৈ যোৱাৰ পথত সোণাপুৰৰ পৰা ৰাতাচেৰা পেট্ৰ’ল পাম্পৰ মাজৰ পথছোৱাত অতিকমেও প্ৰায় দহ হাজাৰ লোক আবদ্ধ হৈ পৰিছিল৷ উল্লেখ্য, গুৱাহাটীৰ পৰা বৰাক উপত্যকালৈ যোৱা বা মিজোৰামলৈ যোৱা এইটোৱেই একমাত্ৰ সূচল পথ৷ এই পথত ভূমিস্খলনৰ ফলত বৰ্তমানেও বহু লোক পথতে আবদ্ধ হৈ আছে৷ আনকি আৱদ্ধ হৈ আছিল বৰাক উপত্যকাৰ বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমী নাথো৷ ৰুমী নাথে অভিযোগ কৰা মতে, পথত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই৷ প্ৰাক্তন বিধায়িকাগৰাকীৰ মতে শিশু-মহিলাৰ পৰা বৃদ্ধলৈ বহু লোক আবদ্ধ হৈ আছে আৰু খাদ্য সামগ্ৰীৰ লগতে শৌচ- প্ৰস্ৰাৱৰ ব্যৱস্থাতো আৱদ্ধ লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ অসম চৰকাৰে বৰাকৰ লোকসকলক উদ্ধাৰৰ বাবে বিশেষ কোনো উদ্যোগ নোলোৱাত ৰুমী নাথসহ বহু আবদ্ধ যাত্ৰীয়ে বহু মাইল খোজ কাঢ়ি  ইতিমধ্যে গন্তব্য স্থানত উপস্থিত হ’বলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে ডিমা-হাচাওত আৱদ্ধ লোকক বাছ তথা বিশেষ হেলিকপ্টাৰেৰে প্ৰশাসনে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰে যদিও শিলচৰ- গুৱাহাটী পথত আৱদ্ধ যাত্ৰীয়ে খোজকাঢ়ি বিপদসংকুলভাৱে ঘৰমুৱা হোৱা বুলিও অভিযোগ কৰিছে বহু লোকে৷ ইপিনে সোণাপুৰ ৰাতাচেৰাৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সোমবাৰে বিয়লি ৩ বজাৰ পৰা খুলি দিয়ে যদিও বোকা আৰু পানীৰ বাবে পথ যাতায়াত অনুকূল নহয় বুলিও সতৰ্কতা জাৰি কৰিছে মেঘালয় আৰক্ষীয়ে৷ ইফালে ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’লসেৱা বন্ধ হৈ পৰাৰ পাছতে এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ হাফলং-জাতিংগা ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ ফলত পাহাৰীয়া ডিমা হাচাও জিলাৰ লগতে ৰাজ্যৰ অন্যান্য অংশৰ যোগাযোগ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে৷ যাৰ ফলত এতিয়া ডিমা হাছাও জিলাত খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে৷ ইপিনে হাফলং চহৰৰ ফিছাৰী কলনীত গোপাল বাটাৰি নামৰ এজন ব্যক্তিৰ বাসগৃহ ভূমিস্খলনৰ ফলত সম্পূৰ্ণ মাটিৰ তলত সোমাই পৰে৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে লোকজনৰ পৰিয়ালৰ লোকসকল৷ আনহাতে, লামডিং-শিলচৰ পাহাৰ লাইনৰ ডিটেকচৰা ষ্টেচনত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ী খনত আবদ্ধ হৈ থকা ১৯৯জন যাত্ৰীক দেওবাৰে বিয়লিৰ ভাগত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি শিলচৰ লৈ যায়৷ আৱদ্ধ হৈ থকা লোকসকলৰ মাজত অধিকাংশ মহিলা আৰু শিশু আছিল বুলি জানিব পৰা গৈছে৷ বাকী আৱদ্ধ হৈ থকা ৰে’লযাত্ৰীসকলক শিলচৰ পৰা অন্য এখন ৰে’লৰে বান্দৰখাল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি শিলচৰ লৈ যোৱা হয় বুলি জানিবলৈ দিয়ে ডিমা হাচাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদে৷