Logo
image

মন্ত্ৰী কিষাণে ক্ষমা খুজিলে কিয়? দলতে উঠিছে প্ৰশ্ন

আমাৰ অসম, ১৭ মে’: উগ্ৰপন্থীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আপোচহীন অভিযান আৰম্ভ কৰাৰ সময়তে কেবিনেট মন্ত্ৰী সঞ্জয় কিষানে আলফাৰ ওচৰত কৰযোৰে ক্ষমা প্ৰাৰ্থনা কৰাক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ বিৰোধী শিবিৰে এই কাৰ্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শাসকীয় দল বিজেপি ইয়াক লৈ চৰম অস্বস্তিত পৰিছে৷ দলতে প্ৰশ্ন উঠিছে মন্ত্ৰী কিষাণে ক্ষমা খুজিলে কিয়?  মন্ত্ৰী সঞ্জয় কিষাণৰ ক্ষমা বিচৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই কয়–অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি যে মুঠেও ভাল নহয় মন্ত্ৰী সঞ্জয় কিষাণৰ ক্ষমা প্ৰাৰ্থনা কৰা কাৰ্যই এই কথা প্ৰমাণ কৰিলে৷ এটা সাংবিধানিক পদবীত থাকি কিষাণে কিয় আলফাৰ ওচৰত ক্ষমা বিচাৰিলে নাজানো৷ ইয়াৰ অৰ্থ হ’ল মন্ত্ৰীয়েই আলফাৰ ওচৰত আত্মসমৰ্পন কৰিলে৷ এই ঘটনা ৰাজ্যত এটা নজিৰ হৈ থাকিব৷ আলফাই ইতিমধ্যে এনে বহু কাম কৰিছে যিবোৰ অসমৰ মানুহে বেয়া পাইছে৷ এজন মন্ত্ৰীয়ে ক্ষমা বিচৰাটো অসমৰ বাবে দুৰ্ভাগ্যজনক৷ ইফালে, বিজেপি বিধায়ক প্ৰশান্ত ফুকনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–মন্ত্ৰী সঞ্জয় কিষানে কিবা ভুল কৰিলে আৰু ভুল উপলব্ধি কৰি ক্ষমা বিচাৰিলে৷ শাসকীয় বিজেপিৰ বিধায়ক দিগন্ত কলিতায়ো মন্ত্ৰী কিষাণৰ ভূমিকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ কয়–মই নাজানো মন্ত্ৰী সঞ্জয় কিষাণে কিয় আলফাৰ ওচৰত ক্ষমা বিচাৰিলে৷ তেওঁ যদি কিবা সমস্যাত পৰিছিল মুখ্যমন্ত্ৰীৰ পৰামৰ্শ বিচাৰিব লাগিছিল৷ ইফালে আন এজন বিজেপি বিধায়ক সুশান্ত বৰগোহাঞিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–মন্ত্ৰী সঞ্জয় কিষানে আলফাৰ ওচৰত ক্ষমা বিচাৰিছে নে কি মোৰ অৱগত নহয়৷ কিন্তু যিহেতু আমি গণতন্ত্ৰত বিশ্বাসী আৰু ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈছোঁ আৰু ভাৰতৰ সংবিধানৰ শপত খাও গতিকে এনে পৰিস্থিতি হ’ব নালাগে৷ পূৰ্বে কোনো মন্ত্ৰীয়ে এনে কাৰ্য কৰা নাই৷  জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা বিচৰাটো তেওঁৰ মুৰ্খামিৰ বাহিৰে একো নহয়৷ আলফা [স্বা]ৰ ওচৰত আত্মসমৰ্পন কৰাটো ব্যক্তিত্বহীনতাৰ চিন৷ ইউ ডি এফ বিধায়ক কৰিম উদ্দিন বৰভূঞাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–এজন মন্ত্ৰীৰ এনে আচৰণ অসাংবিধানিক আৰু দুৰ্ভাগ্যজনক৷ এজন কেবিনেট মন্ত্ৰীয়ে সংবিধান ৰক্ষাৰ শপত লয়৷ তাৰ পাছত তেনে এজন মন্ত্ৰীয়ে নিষিদ্ধ ঘোষিত সংগঠনৰ ওচৰত ক্ষমা বিচৰাটো দুৰ্ভাগ্যজনক কথা৷ এই সন্দৰ্ভত ইউ ডি এফ বিধায়ক আশ্ৰাফুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–এজন মন্ত্ৰীয়ে আলফাৰ ওচৰত আত্মসমৰ্পন কৰা মানে গৃহ বিভাগ ব্যৰ্থ৷