Logo
image

ৰাস্তা খহিছে মথাউৰি ছিগিছে

ৰঙানদীৰ বান্ধ খুলি দিলে নীপ্‌কোৱে

আমাৰ অসম, ১৭ মে’: ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাত অধিক ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে৷ নীপকোৱে ৰঙানদী বান্ধৰ পানী এৰি দিয়াত উত্তৰ অসমত এতিয়া মহাপ্ৰলয়ৰ আশংকা ঘনীভূত হৈ পৰিছে৷ নীপকোৱে ৰঙানদী বান্ধৰ ১০০০ মি.মি. আৰু ডিক্ৰং বান্ধৰ ২২০০ মি.মি. বহলকৈ গেট খুলি দিয়াত নৈপৰীয়া ৰাইজসকল শংকিত হৈ পৰিছে৷ আনহাতে, বৰষুণৰ ফলত হোৱা জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নীপকোৰ উমৰংছ’ প্ৰকল্পৰ কপিলী আৰু খানদং বান্ধৰ ‘গেট’ খুলি দিয়াৰ ফলত দুয়োটা প্ৰকল্পৰ নামনি অংশৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে৷ একেদৰে কাৰ্বি-লাংপি জলবিদু্যৎ প্ৰকল্পৰ বান্ধৰ পৰা চাৰিখন গেটেৰে পানী এৰি দিয়াত হোজাই, কামপুৰ আদি অঞ্চলৰ বহু গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ ২০খন জিলাত ত্ৰাসৰ সৃষ্টি কৰিছে৷ ইপিনে বানৰ সমান্তৰালভাৱে ধাৰাষাৰ বৰষুণে পাহাৰীয়া জিলা ডিমা হাচাওত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ কাছাৰ, ধেমাজি, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও, নলবাৰী, বজালী, বাগসা, বিশ্বনাথ, চৰাইদেউ, দৰং, ডিব্ৰুগড়, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি, হাইলাকান্দি আৰু কৰিমগঞ্জত বাঢ়নী পানীৰে বুৰাই পেলাইছে সাত শতাধিক গাঁও৷ উদ্বেগজনকভাৱে বানত কাছাৰত শিশুসহ চাৰিজন লোকৰ মৃত্যু হৈছে৷ বানপানীৰ বাবে কলগছৰ ভূৰ চলাই জলাশয় পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে বিদ্যুৎপৃষ্ট হৈ কাছাৰৰ জিৰিঘাটত দীপক শুক্লবৈদ্য নামৰ এজন যুৱকৰ মৃত্যু হয়৷ আনহাতে বৰখলাত দেওবাৰে কাশীপুৰ এল পি স্কুলৰ সন্মুখত তাছমিন বেগম নামৰ এটি পাঁচ বছৰীয়া শিশু বানত উটি গৈছিল যদিও সোমবাৰে পুৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়৷ আত্মীয়ৰ বাইকৰ পৰা পৰি জাতিংগা নৈৰ প্ৰৱল সোঁতত ডুব গৈছিল মাহমুদ আলীৰ কন্যা তাছমিন৷ ইপিনে দেওবাৰে ইলাছ আলী নামৰ এজন লোকৰো বানত মৃত্যু হয়৷ আনহাতে ৰজত চান্দ নামৰ এজন লোক বাঢ়নী পানীয়ে উটুৱাই নিয়ে যদিও বৰ্তমানো লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা নাই৷ তদুপৰি কাছাৰত আন তিনিজন লোক বানত সন্ধানহীন হৈ থকা বুলি প্ৰশাসনে সদৰী কৰিছে৷ ইফালে বানৰ ভয়াৱহতাৰ মাজতেই কামপুৰত সোমবাৰে বিয়লি বানত উটি গ’ল দুজন কিশোৰ৷ কামপুৰ কুঁহিমাৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা৷ কিশোৰ দুজন বিনন্দ নাথ আৰু আশিস নাথ বুলি জানিব পৰা গৈছে৷ ইয়াৰে এজনক স্থানীয় ৰাইজে তৎপৰতাৰে জীৱন্তে উদ্ধাৰ কৰিলে যদিও আনজন এতিয়াও সন্ধানহীন হৈ আছে৷ আশিস নাথক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল যদিও বিনন্দ নাথ বৰ্তমানো সন্ধানহীন হৈ আছে৷ লক্ষণীয়ভাৱে বানৰ প্ৰকোপত ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি ছিগি পৰাত হাহাকাৰ লাগিছে ৰাইজৰ৷ নলবাৰীৰ উত্তৰ বালিত মৰা পাগলদিয়াৰ বানে এটা মথাউৰি ছিঙি নিয়াত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ৷ ইপিনে ঢকুৱাখানাৰ নকপহুৱাত বানে উটুৱাই নিয়ে চাৰিকাড়ীয় নদীৰ বাঁহৰ এখন দলং৷ গহপুৰত ছত্ৰং নৈৰ বাঢ়নী পানীয়ে এগৰাকী বৃদ্ধাক উটুৱাই নিয়ে যদিও সৌভাগ্যক্ৰমে স্থানীয় লোকে উদ্ধাৰ কৰে বৃদ্ধাগৰাকীক৷ তদুপৰি গহপুৰত ছত্ৰঙৰ বাঢ়নী পানীয়ে কেইবা ঠাইতো ছিঙিলে মথাউৰি৷ গহপুৰ নগৰত ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলঙৰ ওপৰেৰে বাগৰিছে পানী৷ আনহাতে ছিপাঝাৰৰ খলিহৈ অঞ্চলত ননৈ নদীয়ে চলাইছে তাণ্ডৱ৷ ননৈ নদীৰ বাঢ়নী পানীৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ খহনীয়া৷ কামপুৰত আকৌ কপিলী নদীয়ে অব্যাহত ৰাখিছে তাণ্ডৱ৷ কপিলীৰ বানে ভাঙি নিলে সৰুপথাৰ ৪৮ ব্লকৰ মথাউৰি৷ ফলত জলমগ্ন হৈ পৰিছে খকনজুৰি, পূব ডেকেৰুৱা, পশ্চিম ডেকেৰুৱা, ভেৰভেৰিকে ধৰি বহুকেইখন গাওঁ৷ মথাউৰি ভঙাৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক৷ দিমিলা নদীৰ পানী বৃদ্ধি পোৱাৰ ফলতো দিমিলাই লৈছে ভয়াৱহ ৰূপ৷ দিমীলাৰ বাঢ়নী পানীয়ে দিপীলাৰ প্তখনকৈ গাওঁ জলমগ্ন কৰি তুলিছে৷ বানত বুৰিল ভেৰুৱাদল, হুছেইনচুবুৰী, কাঁহিতলি, গভৰা, বিহাইগাঁও৷ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বাঙালীপাৰাত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানীৰ৷ ভূটানৰ পৰা বৈ অহা দেউচুঙা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল৷ গোৰেশ্বৰৰ মহৰিপাৰা, নাওকাটা, সুৱাগপুৰ, বাঙালীপাৰাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে৷ ইতিমধ্যে বাঙালীপাৰৰ কেইবাস্থানতো গোৰেশ্বৰ-বগামাটী সংযোগী গড়কাপ্টানী পথৰ ওপৰেৰে পানী বাগৰি যাতায়াত ব্যাহত হৈ পৰিছে৷ ইফালে চিমেন, গাই, সোৱণশিৰি, জীয়াঢল, ৰঙানদী আদিৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰিছে৷  কৰিমগঞ্জত কুশিয়াৰা আৰু কাছাৰত গোমৰা নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ৷ আনহাতে, নোৱা দিহিং, লোহিত, চিয়াং, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, পুঠিমাৰী, পাগলাদিয়া, মানাহ, বেঁকী, গৌৰাং আদি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি হৈ থকা বুলি জল আয়োগে প্ৰকাশ কৰিছে৷ বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ সাতজন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে৷ আনহাতে বানত ক্ষতিগ্ৰস্ত হৈছে ২ লাখ লোক৷

কালদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে পথ৷

বজালী জিলাৰ পাটাছাৰকুছিস্থিত বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত কনিমাৰা গাঁৱৰ ৩০ ঘৰমান মানুহৰ বাসগৃহত বান উঠাৰ লগতে গাঁওখনৰ মাজেৰে যোৱা গঢ়কাপ্টানি পথটো পানীয়ে বুৰাই পেলায়৷ উল্লেখ্য যে, কনিমাৰাৰ ওচৰৰ ক্ষুদ্ৰভালুকী আৰু বৰবৈৰাগীৰ ওচৰত কালদিয়া নৈৰ ওপৰত এখন ৰে’লৱেৰ ব্ৰডগজ সম্প্ৰসাৰণৰ বাবে দলঙৰ নিৰ্মাণকাৰ্য চলি আছিল আৰু দুয়োফালে উন্মুক্ত হৈ থকা মথাউৰিৰে তীব্ৰ সোঁতত পানী ওলাই আজি পুৱতি নিশাৰ পৰাই গাঁওখন প্লাবিত হৈ পৰে৷ ইয়াৰ বাবে স্থানীয় ৰাইজে ৰে’লৱেৰ অদূৰদৰ্শীতাক দোষাৰোপ কৰিছে৷ বানৰ ফলত ক্ষতিগ্ৰস্ত কানিমাৰা গাঁওখনৰ আৱাসিক ঘৰৰ লগতে কেইবাটাও মাছপোহা পুখুৰী ক্ষতিগ্ৰস্ত হৈছে৷ আনহাতে, নদীখনৰ পশ্চিম পাৰে পানী ওলাই পাটাছাৰকুছি ভালুকী সংযোগী পথটো চিগি যোৱাত যোগাযোগ বন্ধ হৈ পৰিছে৷ পঞ্চায়ত বিভাগৰ দ্বাৰা ৰাস্তাত কালভাৰ্টৰ আধা কাম হৈ থকা অংশইদি ৰাস্তাটোৰ ওপৰেৰে কালদিয়াৰ পানী বৈ যোৱাত পথটোৰে যাতায়াত বন্ধ হৈ পৰিছে৷ যোৱা কেইদিনমানৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কালদিয়া নদীৰ পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে৷  ইয়াৰ ফলত বৰবৈৰাগী গাঁও বৰনলীকুছিৰ বালাৰটৰী চুৱা বানৰ কৱলত পৰিছে৷ কালদিয়া নৈৰ বাঢ়নী পানীয়ে হেলনাত দুঠাইত ভাবুকিৰ সৃষ্টি কৰিছে৷ ৰূপদিগাতো কেইবাঘৰ মানুহৰ ঘৰৰ চৌহদত পানী সোমাইছে৷ কালদিয়া নৈৰ বাঢ়নী পানী দ্ৰুতগতিত বৃদ্ধি পাইছে নৈ উপ-নৈৰ জলস্তৰ, হাজাৰ হাজাৰ বিঘা খেতিপথাৰ প্লাৱিত৷ ভূটান পাহাৰৰ পৰা বৈ অহা কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বানৰ কৱলত পৰিছে৷ পাটাছাৰকুছিৰ নিকটৱৰ্তী ক্ষুদ্ৰ ভালুকী গাঁও, ৰূপ দিগা, কণিমাৰা, ভালুকী আদি অঞ্চলবোৰ পানীয়ে বুৰাই পেলাইছে৷ উথাপিত অভিযোগ অনুসৰি, খৰালিকালত কুম্ভকৰ্ণৰ নিদ্ৰাত থকা ৰে’লৱেৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া ৰাইজে ভুগিবলগীয়া হৈছে দুৰ্ভোগ৷

হোজাইৰ শতাধিক গাঁও পানীৰ তলত

হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ডবকা ৰাজহ চক্ৰ এলেকাৰ যমুনামুখ মৌজাত আজি পুৱতি নিশাৰে পৰা বানে লৈছে সংহাৰী ৰূপ৷ যমুনামুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে৷ চৰকাৰী তথ্য মতে, এবুকু পানীৰ তলত আবদ্ধ হৈ পৰিছে ১৬খন গাঁৱৰ বাসিন্ধা৷ বানত আক্ৰান্ত গাঁওকেইখন হ’ল বিন্নাকান্দি চাৰ্লক, বালিৰাম, চাংমাজি, মিকিৰগাওঁ এৰাকপিলী, কাঠকঠীয়া ভকতগাঁও, বকলগুৰী, ডেকেৰুৱা, নগাইয়াপাম, ৪৮নং ব্লক, পঠীয়াপাম, যমুনামুখ টাউন ভেদৌআটী, কান্দুলীমাৰি আৰু কমাৰগাঁও৷ বেচৰকাৰী তথ্য মতে, ৩০খনৰো অধিক গাঁও প্লাবিত হৈছে৷ নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপিৰ গেট খুলি দিয়াত কপিলী নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰে উক্ত অঞ্চলসমূহ৷ যমুনামুখ- সৰুপথাৰ পথ পানীৰ তলত ডুব যোৱাত বহিঃৰাজ্যৰ লগত যমুনামুখৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷ উক্ত অঞ্চলটোৰ লক্ষাধিক লোক আক্ৰান্ত বানৰ পানীত৷ পানীত বুৰ গৈছে শ শ বিঘা বৰো ধানৰ খেতি৷ পশুখাদ্যৰ বাবেও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ কুঁহিয়াৰ, ধানখেতি নষ্ট হোৱাৰ উপৰিও পুখুৰীৰ পৰা মাছ ওলাই যোৱাত মীন পালকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ডবকা ৰাজহ চক্ৰ বিষয়া অংকিতা বৰাই জনোৱা মতে, হোজাই জিলা প্ৰশাসনে ১৬ টাকৈ ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিছে যমুনামুখ এলেকাত৷ ইফালে হোজাইৰ ন ন অঞ্চললৈ বাগৰিছে পানী, ৯৭খন বিদ্যালয় পানীৰ তলত ডুব গৈছে৷ ৭৮ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ ৩৩টা আশ্ৰয় শিবিৰত বিশ হাজাৰ লোক থকাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ ইয়াৰ মাজতে ভয়ংকৰ খবৰটো হ’ল হোজাইৰ মাজেৰে বৈ যোৱা কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত ন ন অঞ্চল প্লাবিত হৈছ৷ হোজাইৰ উত্তৰ লস্কৰ পথাৰ, দক্ষিণ লস্কৰ পথাৰ, মাণ্ডুলি, কাৰিখানা ঠাইছুপ আলি, ৰাইকটা, ইছলামপুৰ, কছাৰী গাঁও, চন্দন পূৰ, দক্ষিণ কোমোৰাকটা, উত্তৰ কোমোৰাকটা, ঠেপ্লাগুৰি, নভঙা, হাতীমৰা, জাতিওৰা, দক্ষিণ কেন্দুগুৰি, কেন্দুগুৰি, বাৰ ফুটি, নমাটি, মইনাপথৰ, ৰাজবৰী, ৰাধানগৰ, যোগিজান আদি অঞ্চল পানীৰ তলত৷ ডবকা আদিৰ ৭৮ হাজাৰ লোক আক্ৰান্ত হয়৷ লংকাত মুঠ ৩৩টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ ইয়াৰে হোজাই ৰাজহ চক্ৰত ৩১টা আৰু লংকাত দুটা আশ্ৰয় শিবিৰ স্থাপন কৰি প্ৰয়োজনীয় খাদ্য-সামগ্ৰী বিতৰণ কৰা হৈছে বুলি জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে প্ৰকাশ কৰিছে৷ এই শিবিৰত প্ৰায় বিশ হাজাৰ লোকে আশ্ৰয়গ্ৰহণ কৰিছে৷  বান পিড়িতৰ প্ৰয়োজনীয় খাদ্য-সামগ্ৰী যোগান ধৰা কাৰ্য হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে নিজে পৰ্যৱেক্ষণ কৰি আছে৷ ইপিনে বছৰৰ প্ৰথমটো বানত কপিলীৰ লগতে ইয়াৰ উপনৈৰ জলস্তৰ বৃদ্ধি পাই বহু অঞ্চল প্লাবিত কৰাৰ লগতে কেইবাটাও মথাউৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে বহুকেইটা পথৰ বিস্তৰ ক্ষতি কৰাত বহুকেইটা অঞ্চলৰ যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰে৷ ইতিমধ্যে কপিলী জলবিদু্যৎ প্ৰকল্পৰ গেট বন্ধ কৰা বুলি জনা গৈছে যদিও পাহাৰীয়া জিলাখনত ক্ৰমশঃ হৈ থকা বৰষুণৰ বাবে যিকোনো মুহূৰ্তত পুনৰ গেট খুলি দিয়াৰ আশংকা প্ৰকট হৈ পৰিছে৷

শুক্লাই নদীত ভাহি আহিল অৰ্ধগলিত মৃতদেহ

তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত শুক্লাই নদীৰ টেঙাঝাৰৰ মাদালবাৰী ঘাটত আজি আবেলি প্ৰায় চ্ছ্ৰ বজাত এটি অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, নদীৰ বাঢ়নি পানীত উঠি অহা মৃতদেহটো অঞ্চলটোৰ বহুলোকে প্ৰত্যেক্ষ কৰে লগতে কিছুসংখ্যক লোকে ম’বাইলত ফটো তুলি সমগ্ৰ অঞ্চলটোত ভাইৰেল কৰে যদিও আৰক্ষীক খবৰ দিয়াৰ পূৰ্বে নদীৰ পানীৰ সোঁতে মৃতদেহটো উটুৱাই লৈ যায় বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা অঞ্চলটোৰ শুক্লাই, দেওচুঙা, পুঠিমাৰী, বৰনদী আদি নৈসমূহে ফেনে ফুটুকাৰে বাঢ়ি আহিছে৷ ফলস্বৰূপে অঞ্চলটোৰ প্ৰায় শতাধিক গাঁও বানে প্লাবিত কৰি তুলিছে৷ প্ৰতেক্ষদৰ্শী লোকসকলে প্ৰকাশ কৰা অনুসৰি, মৃতদেহটো মহিলাৰ আৰু মৃতদেহটোৰ ভৰিৰ কিছু অংশ উৱলি যোৱা বুলিও জানিবলৈ দিয়ে৷ অন্যহাতে, প্ৰতিকুল বতৰৰ বাবে অঞ্চলটোৰ কোনো লোকে নদীৰ পাৰত সমাধিস্ত কৰা কোনো লোকৰ মৃতদেহ খহনীয়াৰ ফলত নদীৰ বাঢ়নি পানীত উটি আহিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে৷