দিল্লী প্ৰায় ৫০ ডিগ্ৰী, অসমৰ বহু ঠাইত লেপ-কম্বল ল’ব লগা অৱস্থা
আমাৰ অসম, ১৭ মে’: ভাৰতৰ বিশালতা যিমান, বৈচিত্ৰ্যও সিমান৷ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক পাৰ্থক্যৰ লগতে জলবায়ুৰ ক্ষেত্ৰতো যে এই বিশাল দেশখনৰ এখন স্থানৰ লগত আন এখন স্থানৰ তাপমাত্ৰাৰ মিল নাই সেয়া বিগত এসপ্তাহত সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷ ৰাজধানী নতুন দিল্লী আৰু সমীপৱৰ্তী অঞ্চল তথা চৌপাশৰ ৰাজ্যত অভাৱনীয় উচ্ছ হাৰত তাপপ্ৰবাহ চলিছে আৰু পঅসমৰ বাসিন্দাই একে সময়তে নিশা গাত কাপোৰ লৈ শুবলগীয়া হৈছে৷ দিল্লীত ৭০ বছৰ পুৰণি অভিলেখ স্পৰ্শ কৰি তামাত্ৰাই প্ৰায় ৫০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে৷ যোৱা এপ্ৰিল মাহটো আছিল ১৯৫১ চনৰ পাছত দিল্লীত সৰ্বাধিক গৰম৷ পিছে এপ্ৰিলতে দিল্লীৰ গ্ৰীষ্মপ্ৰবাহ শেষ নহ’ল৷ মে’ৰ মধ্যভাগত অৰ্থাৎ ১৫ তাৰিখে দিল্লীৰ তাপমাত্ৰাই প্ৰায় ৫০ ডিগ্ৰী স্পৰ্শ কৰিলে৷ ইয়াৰ ভিতৰত মুংগেশপুৰ জলবায়ু অভিলেখ কেন্দ্ৰত ধৰা পৰা সৰ্বাধিক তাপমাত্ৰ আছিল ৪৯.২ ডিগ্ৰী চেলছিয়াছ আৰু নজফগড় কেন্দ্ৰত আছিল ৪৯.১ ডিগ্ৰী চেলছিয়াছ৷ ১৯৬৬ চনৰ পাছত দিল্লী আৰু দিল্লীৰ সমীপৱৰ্তী অঞ্চলত কোনো কালেই ইমান তাপমাত্ৰা নাছিল৷ একেটা দিনতে ময়ুৰবিহাৰ কেন্দ্ৰত আছিল ৪৫.৫ ডিগ্ৰী চেলছিয়াছ, পালাম কেন্দ্ৰত ৪৬.৪ ডিগ্ৰী চেলছিয়াছ, গুৰুগ্ৰামত ৪৮.১ ডিগ্ৰী চেলছিয়াছ আৰু ছফদৰজং কেন্দ্ৰত তাপমাত্ৰা আছিল ৪৫.৬ ডিগ্ৰী চেলছিয়াছ৷ বিগত অৰ্ধশতিকাত দিল্লী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত মে’ৰ মধ্যভাগত এনে তাপমাত্ৰা কেতিয়াও দেখা পোৱা নগৈছিল৷ দিল্লীৰ উপৰি সমীপৱৰ্তী হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত অভাৱনীয় তাপপ্ৰবাহে সকলোকে জ্বলাকলা খুৱাইছে৷ এই সময়ছোৱাত উত্তৰ ভাৰতত এনে তাপপ্ৰবাহ সাধাৰণতে নহ’লেও সামগ্ৰিকভাৱে বিশ্ব উষ্ণায়নৰ ফলতে উত্তৰ ভাৰত এনেদৰে তাপপ্ৰবাহত দগ্ধ হ’বলগীয়া হৈছে৷ এনে তাপপ্ৰবাহৰ আন এক কাৰণ হৈছে অস্বাভাৱিক কম বৃষ্টিপাত৷ দিল্লীত এপ্ৰিলত বৃষ্টিপাতৰ পৰিমাণ আছিল ০.৩ মিলিমিটাৰ৷ অথচ এই সময়ছোৱাত দিল্লীত স্বাভাৱিক বৃষ্টিপাত হ’ব লাগে কমেও ১২.২ মিলিমিটাৰ৷ ইপিনে, মাৰ্চত দিল্লীত এটোপালো বৰষুণ নপৰিল৷ কিন্তু সেই সময়ছোৱাত স্বাভাৱিক বৃষ্টিপাত হ’ব লাগিছিল ১৫.৯ মিলিমিটাৰ৷ বৃষ্টিপাতহীনতাও অঞ্চলটোত অভাৱনীয় তাপপ্ৰবাহৰ কাৰণ হিচাপে দেখা দিছে৷
ইপিনে, প্ৰাক্-মৌচুমীৰ ফলত অসমকে ধৰি উত্তৰ-পূবৰ ছখন ৰাজ্যত বিগত এসপ্তাহ ধৰি ব্যাপক পৰিমাণত বৃষ্টিপাত হৈছে৷ অভাৱনীয় এই বৰষুণে বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি কৰি অসংখ্য লোকৰ ক্ষতি কৰিলেও মে’ৰ মধ্যভাগতো শীতল জয়বায়ুৰ প্ৰবাহে স্বাভাৱিক জীৱনযাত্ৰা অতি সুগম কৰি তুলিছে৷ নিয়ম অনুসৰি ৫ জুনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত দক্ষিণ-পশ্চিম মৌচুমীয়ে প্ৰৱেশ কৰিব লাগে৷ সম্প্ৰতি দক্ষিণ-পশ্চিম মৌচুমীয়ে আন্দামান নিকোবৰক স্পৰ্শ কৰিছে৷ সেই অনুসৰি স্বাভাৱিক সময়তে অসম দক্ষিণ-পশ্চিম মৌচুমীৰ দ্বাৰা প্ৰভাৱিত হ’ব আৰু তেতিয়াৰ পৰা ৰাজ্যত ঘোৰ বাৰিষা হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে বতৰবিজ্ঞান কেন্দ্ৰই৷ কিন্তু দক্ষিণ-পশ্চিম মৌচুমীলৈ বাট নোচোৱাকৈয়ে প্ৰাক্ মৌচুমীয়ে উত্তৰ-পূবৰ মিজোৰাম আৰু ত্ৰিপুৰাক বাদ দি অসমকে ধৰি বাকী ছখন ৰাজ্যৰ বাসিন্দাক সুন্দৰ বতৰ উপহাৰ দিছে৷ এই বৰষুণ হৈছে বঙ্গোপসাগৰত উদ্ভৱ হোৱা জলকণিকা উত্তৰ-পশ্চিম এজাক বতাহে কঢ়িয়াই অনাৰ ফলত৷ এই বতৰ মে’ৰ মধ্যভাগত অসমৰ বাবে স্বাভাৱিক নহয়৷ সাধাৰণতে এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা মধ্যভাগৰ ভিতৰত অসমত প্ৰাক্ মৌচুমীৰ ফলত যথেষ্ট বৃষ্টিপাত হয়৷ এইবাৰো এক এপ্ৰিলৰ পৰাই কম-বেছি পৰিমাণে বৰষুণ হৈ আছে৷ পিছে সেই শৃংখল মে’লৈকে আৰু মে’ৰ মধ্যভাগলৈকে অব্যাহত থকাটো বতৰবিজ্ঞানীৰ বাবেও আশ্চৰ্যকৰ যেন হৈছে৷ প্ৰকৃততে সামগ্ৰিকভাৱে অঞ্চলটোৰ জলবায়ুৰ পূৰ্বৰ স্থিতি লাহে লাহে পৰিৱৰ্তন হোৱাৰ ফলতে এনেদৰে প্ৰাক্ মৌচুমীয়ে সমগ্ৰ অসমক শীতল কৰি ৰাখিছে৷ কেৱল গুৱাহাটীয়েই নহয়, উজনি আৰু নামনি অসমত বিগত প্ৰায় এসপ্তাহ ধৰি এৰা ধৰাকৈ প্ৰবল বৰষুণ হৈ আছে৷ ইয়াৰ ফলত সকলোৰে জীৱনযাত্ৰা অতি সুখকৰ হৈছে আৰু নিশাৰ ভাগত শৰীৰত কাপোৰ এখন নোলোৱাকৈ বিছনাত পৰাটোৱেই টান হৈ পৰিছে৷