Logo
image

উচ্ছেদ কিয় থমকি ৰয় বিলাসী হোটেল, নেতাৰ অট্টালিকাত

খিলঞ্জীয়া, জনজাতীয় পৰিয়ালক উচ্ছেদৰ বিৰোধিতা

আমাৰ অসম, ১৭ মে’: শিলসাঁকো বিলত দুখীয়াৰ ভগা পঁজা, মধ্যবিত্তৰ জুপুৰী, আছাম টাইপৰ ঘৰত চলিল চৰকাৰী নিষ্ঠুৰ বুলডজাৰ৷ প্ৰচণ্ড বৰষুণৰ মাজতে চকুৰ আগতে ভাঙি তচনচ কৰি দিয়া হ’ল বহুতৰে ঘৰ৷ থানবান হৈ পৰিল অনেকজনৰ স্বপ্ন৷ হঠাৎ অহা কাল ধুমুহাত জীয়াই থকাই এতিয়া বহুতৰ  বাবে হৈ পৰিল ডাঙৰ সমস্যা৷ চৰকাৰৰ যুক্তি– শিলসাঁকো বিলৰ ১০০ মিটাৰৰ ভিতৰত অবৈধভাৱে নিৰ্মাণ কৰা হৈছে এই গৃহসমূহ৷ কিন্তু ইয়াৰ পাছতো চৰকাৰী হাতুৰীৰ কোব নপৰিল একাংশ ক্ষমতাশালী, ধনবান,  ৰাজনীতিক নেতা, বিয়াগোম ব্যৱসায়িক ব্যক্তিৰ দখলত৷ সদম্ভে অক্ষুণ্ণ থাকিল অট্টালিকা আৰু বিলাসী হোটেল৷ ইয়াকে লৈ এতিয়া তীব্ৰ ক্ষোভ-অসন্তুষ্টিৰ জুই জ্বলিছে৷ উচ্ছেদৰ বলি হোৱা  থলুৱা খিলঞ্জীয়াই চৰকাৰৰ বিৰুদ্ধে পুনৰ দিছে ৰণচালি৷ তেওঁলোকৰ প্ৰশ্ন– ‘যদিহে নিয়মৰ দোহাই দি আমাৰ ঘৰ ভাঙিছে তেন্তে একে নিয়ম দোহাই দি আমাৰ কাষতে থকা বহু ৰাজনীতিক, ভদ্ৰলোকৰ মাটি, ডাঙৰ চৰকাৰী বিষয়াৰ মাটি, হোটেলৰ মাটিও  মুক্ত কৰক৷’ অভিযোগ অনুসৰি টেনিছ ক’ৰ্টৰ আশ-পাশৰ সকলো মাটি শিলসাঁকো বিলৰে৷  বিশেষকৈ শিলসাঁকো বিলৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত পকী দেৱালেৰে ঘেৰি ৰখা এক বৃহৎ পৰিমাণৰ ভূমি দখল কৰি আছে মৌলানা বদৰুদ্দিন আজমলৰ ছত্ৰছায়াৰ প্ৰতিষ্ঠানে৷ বেলতলা মৌজাৰ এক নং মঠঘৰীয়াৰ ৬৩৮নং পট্টাৰ ১২১৯/১২২০ নং দাগৰ মুঠ ৯ বিঘা ১ কঠা ৬ লেছা ভূমি মৌলানা বদৰুদ্দিন আজমলৰ অধীনস্থ ৰীয়েল ইষ্টেট কোম্পানী হামজা প্ৰপাৰ্টিজৰ নামত আছে৷  কিন্তু ধনবান আৰু ক্ষমতাবান হোৱাৰ বাবেই মৌলানা আজমলৰ ভূমিৰ ওপৰত চৰকাৰী হাঁতোৰা নপৰিল নেকি এতিয়া প্ৰশ্ন উঠিছে৷  শিলসাঁকো বিলৰ উচ্চেদিত ৰাইজে মুখ্যমন্ত্ৰী তথা চৰকাৰক উভতি ধৰি প্ৰশ্ন কৰিছে যে সাহস আছে যদি আজমলৰ মাটিতো বুলডজাৰ চলাই দেখাওক৷ যদি আজমলৰ মাটিত বুলডজাৰ চলে তেন্তে আপোনা আপুনি শিলসাঁকো বিলৰ কাষত থকা খিলঞ্জীয়া লোকেও ভূমি এৰি দিব৷ অন্যথা চৰকাৰে ঘৰ ভাঙিলেও মাটি নেৰে খিলঞ্জীয়াই৷ স্থানীয় ৰাইজে কাষতে থকা জিঞ্জাৰ হোটেল আৰু হিমৎচিংকাৰ সম্পত্তি অক্ষুণ্ণ থকা সম্পৰ্কতো প্ৰশ্ন তুলিছে৷ একেদৰে এজন প্ৰভাৱশালী শাসকীয় দলৰ ৰাজনৈতিক নেতা  আৰু এজন প্ৰভাৱশালী ব্যৱসায়ীৰ কৱলত ফ্লেট নিৰ্মাণৰ উদ্দেশ্যত থকা শিলসাঁকো বিলৰ ভূমিক লৈয়ো উঠিছে আঙুলি৷ সকলোৱে কোৱাকুই কৰিছে– চৰকাৰে খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে নেকি?

ভূমিপুত্ৰক উচ্ছেদ মানি লোৱা নহ’বঃ ট্ৰাইবেল সংঘ

‘শিলসাঁকোত ভূমিপুত্ৰ আৰু জনজাতি পৰিয়ালৰ লোকক কোনো ধৰণৰ উচ্ছেদ কৰা নচলিব৷’–এই ভাষ্য সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীৰ৷ সোমবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ সংঘৰ প্ৰধান সম্পাদক খাখলাৰীয়ে লগতে কয় ভূমিপুত্ৰ জনজাতি পৰিয়ালক কোনো ধৰণৰ উচ্ছেদ কৰা নহ’ব বুলি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো শিলসাকোৰ ২৭টা জনজাতীয় আৰু খিলঞ্জীয়া পৰিয়ালক আগজাননী নিদিয়াকৈ উচ্ছেদ কৰা কাৰ্য গৰিহণা যোগ্য৷ প্ৰশাসনে উচ্ছেদ কৰাৰ পুৰ্বে অগ্ৰিম জাননী জাৰি কৰি সংশ্লিষ্ট পৰিয়াল কেইটাৰ মূল্যবান সা-সামগ্ৰী বিলাক ৰক্ষা কৰাৰ সুবিধা দিব পাৰিলেহেঁতেন৷ কিন্তু তাকে নকৰি অসমৰ থলুৱা মানুহক যি বৰ্বৰতাৰে উচ্ছেদ কাৰ্য চলালে সেই কাৰ্যক আমি গৰিহণা দিছোঁ৷ অসম চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি উচ্ছেদিত পৰিয়াল কেইটাক ক্ষতি পূৰণসহ পুনৰ সংস্থাপন কৰিবলৈ আমি দাবী জনালোঁ৷ মনকৰিবলগীয়া যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ১৩ মে’ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত অনুষ্ঠিত গুৱাহাটীৰ পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত সংবাদ মাধ্যমত কৈছিল যে শিলসাঁকোত হোৱা অবাধ বেদখল গুৱাহাটীৰ কৃত্ৰিম বানৰ অন্যতম কাৰণ৷ আনহাতে আৰ্লি বাৰ্ডছৰ অধ্যক্ষ মলয় বৰুৱাই কয়- শিলসাঁকো বিলৰ নাৰেঙ্গীৰ কাষৰ  চপাইদং খণ্ডতোত চলিছে প্ৰবল প্ৰতাপী মানুহৰ অগ্ৰাসন৷ মাটি বলিয়া মানুহে এইবাৰ বিলৰ শেষ সীমাটো পুতি প্ৰায় ৩০ ফুট বহল পথ সাজিবলৈ ডাম্পাৰ জেচিপি আদি লগাই থৈছে৷ ২০০৮ চনত গুৱাহাটী জলাশয় সংৰক্ষণ বিলৰ গণ্ডীত পৰা দীপৰ, বৰচলা, সৰুচলা আৰু শিলসাঁকো বিলৰ বিষয়ে সেই সময়ৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীজনে দিয়া প্ৰতিশ্ৰুতি আদি অসাৰ প্ৰতিপন্ন হ’ল৷ যাৰ বল আছে সি মল্লবীৰৰ ভাও দি বুকু ফিন্দাই মস্তানৰ তাঁও দি আছে৷ উল্লেখ্য, মহানগৰীৰ বিল, জলাশয়, পাহাৰ আদি বেদখলকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ একাংশ পৰিবেশ কৰ্মীয়ে অহৰহ যুঁজ দি আহিছে৷