Logo
image

লাগিলে উচ্ছেদেই কৰক! বিধায়কে নেৰে দিছপুৰৰ ঘৰ

আমাৰ অসম, ১৭ মে’: ২০ জুলাইৰ ভিতৰত একাংশ বিধায়কক পুৰণি বিধায়ক আৱাসৰ ঘৰ খালী কৰি ভাৰাঘৰলৈ যাবলৈ অসম বিধানসভা সচিবালয়ে দিয়া নিৰ্দেশক লৈ লাগিছে অথন্তৰ৷ একাংশ বিৰোধী বিধায়কে বিধায়ক আৱাস খালীৰ বাবে দিয়া নিৰ্দেশত গোন্ধ পাইছে ৰাজনীতিৰ৷ তেওঁলোকৰ অভিযোগ কেৱল বাচি বাচি বিৰোধী বিধায়কসকলকহে বিধায়ক আৱাস খালী কৰাৰ বাবে জাননী দিয়া হৈছে৷ প্ৰতিজন বিধায়কৰ ঘৰভাৰা ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ কিন্তু ঘৰভাৰা বৃদ্ধিয়ে তেওঁলোকৰ সমস্যাৰ কোনো সমাধান নকৰে বুলি একাংশ বিধায়কে স্পষ্ট মত পোষণ কৰিছে৷ উল্লেখ্য যে অসম বিধানসভাৰ সচিবালয়ৰ তৰফৰ পৰা জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে আগষ্ট মাহত অসম বিধানসভাৰ সকলো পুৰণি বিধায়ক আৱাস ভাঙি পেলোৱা হ’ব আৰু ইয়াৰ স্থানত নতুন অত্যাধুনিক বিল্ডিং নিৰ্মাণ কৰা হ’ব৷ নতুন বিল্ডিং নিৰ্মাণৰ পাছত পুনৰ বিধায়কসকলক আৱাসৰ আৱণ্টন দিয়া হ’ব৷ সমগ্ৰ প্ৰক্ৰিয়াটোত দুইৰ পৰা তিনিবছৰ লাগিব৷ লক্ষণীয় যে অসম বিধানসভা সচিবালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে ক্ষুব্ধ একাংশ বিধায়কে কয় যে যিসকল বিধায়কক বিধায়ক আৱাস খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এইসকলৰ গৰিষ্ঠসংখ্যকেই বিৰোধী দলৰ বিধায়ক৷ কিয়নো নতুনকৈ নিৰ্মাণ হোৱা নতুন বিধায়ক আৱাসত জ্যেষ্ঠ বিৰোধী বিধায়কক বঞ্চিত কৰি বিজেপি তথা মিত্ৰজোঁটৰ নতুন বিধায়ককো আৱাসৰ আৱণ্টন দিয়া হৈছে৷ সাংবাদিকৰ আগত একাংশ বিৰোধী বিধায়কৰ অভিযোগ– ‘বিধায়ক আৱাসৰ পৰা আমাক চক্ৰান্তমূলকভাৱে আঁতৰ কৰি চৰকাৰে আমাক জনবিচ্ছিন্ন কৰিব বিচাৰিছে৷ প্ৰতিজন বিধায়কৰ আৱাসলৈ দৈনিক ৫০-২০০জন মানুহ আহে৷ সমষ্টিৰ বিভিন্ন বিষয় লৈ দৈনিক শ শ মানুহ আহে৷ ইয়াৰ লগতে বহুসংখ্যক যানবাহনৰ ভিৰ হয়৷’ বিধায়কসকলে ভাৰাঘৰ ল’লে কোন ভাৰাঘৰৰ মালিকে এনে পৰিস্থিতিত ভাৰা দিব বুলিও প্ৰশ্ন কৰি তেওঁলোকে কয় যে  নিৰাপত্তাৰ বিষয়টো আছেই৷ বিৰোধী বিধায়কসকলৰ অভিযোগ অনুসৰি প্ৰায় তিনিমাহ পূৰ্বেই প্ৰতিটো আছাম টাইপৰ বিধায়ক পুৰণি আৱাস ২০-২৫ লাখ টকা খৰচ কৰি ৰিনোভেট কৰা হৈছে৷ নতুনকৈ চূণ-তেল সনাৰ লগতে নতুন টাইলছ, নতুন আচবাব, চাৰিটাকৈ এচি সংযোগ কৰা হৈছে৷ সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰায় ১০০ কোটিৰো অধিক ধন ব্যয় হৈছে৷ সেই পুনৰ নিৰ্মাণ কৰা বিধায়ক আৱাস হঠাৎ কিয় ভাঙিব লগা হ’ল বুলি প্ৰশ্ন কৰি ক্ষুব্ধ বিধায়কসকলে কয়– ‘লাগিলেই উচ্ছেদেই কৰক, আমি বিধায়ক আৱাস এৰি নিদিওঁ৷’ যদিহে চৰকাৰে আৱাস পুননিৰ্মাণ কৰিব বিচাৰিছে তেন্তে সকলো আৱাস একেলগে নাভাঙি পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰক৷ অন্যথা অসম বিধানসভাৰ ১২৬ জন বিধায়কৰে আৱাস খালী কৰক৷ চৰকাৰে ভাৰাঘৰলৈ যাবলৈ কোৱাৰ পৰিৱৰ্তে বিকল্প ব্যৱস্থা কৰি দিয়ক৷