Logo
image

ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া নহয়

আমাৰ অসম, ১৭ মে’: চাকৰি নিয়মীয়াকৰণ নহয় বুলি জানিও এতিয়াও যেন আশাত বন্দী হৈ আছে ৰাজ্যৰ ৪০ হাজাৰ ঠিকা ভিত্তিক শিক্ষক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঠিকাভিত্তিক টে’ট শিক্ষকসকলক প্ৰায় নিয়মীয়াকৰণেৰে ৬০বছৰলৈ চাকৰিৰ নিশ্চিত-কৰণৰ  কথা ঘোষণা কৰাৰ লগতে ইতিমধ্যে এই ঘোষণা কাৰ্যকৰী কৰণৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে৷ তৎস্বত্বেও ঠিকাভিত্তিক টে’ট শিক্ষকসকলে বিভিন্ন সময়ত চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি অহাৰ লগতে আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে৷ টে’ট শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবী জনালেও ঠিকাভিত্তিক শিক্ষকৰ কেতিয়াও চাকৰি নিয়মীয়া নহয় বুলি স্পষ্ট কৰি দিছে শিক্ষানন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷ সোমবাৰে সংবাদমাধ্যমৰ আগত পুনৰ এই কথা স্পষ্ট কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয়–যিসকলক অতীজতে ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল, তেওঁলোকৰ চাকৰি ৬০ বছৰলৈ গ্ৰেৰাণ্টী প্ৰদান কৰিছিলো৷ লগতে  ঠিকাভিত্তিক শিক্ষকে অন্যান সা-সুবিধা সম-হাৰত লাভ কৰিব বুলিও কৈছিলো৷ সেই অনুসৰি পৰ্যায়ক্ৰমে  শিক্ষকসকল দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছো৷ গতিকে তেওঁলোকে প্ৰায় নিয়মীয়াকৰণ হৈ গ’ল৷ এতিয়া বেলেগকৈ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ’ব৷ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি কোনোদিন নিয়মীয়া নহয়৷’