Logo
image

উজ্জ্বল ভূঞা তেলেংগানাৰ মুখ্য ন্যায়াধীশ, অসমত নিযুক্ত চায়া

আমাৰ অসম, ১৮ মে’: তেলেংগানা উচ্ছ ন্যায়ালায়ৰ মুখ্য ন্যায়াধীশৰ পদত অধীস্থিত হ’ব অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা৷ উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ উজ্জ্বল ভূঞাক তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ বাবে অনুমোদন জনাইছে৷ উজ্জ্বল ভূঞা বৰ্তমান তেলেংগানা উচ্ছ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত৷ উল্লেখ্য, ন্যায়াধীশ উজ্জ্বল ভূঞাই ২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷ তদুপৰি অসম জুডিচিয়েল একাডেমী আৰু গুৱাহাটী ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়তো সেৱা আগবঢ়াইছিল৷ ২০২১ চনৰ ৩ অক্টোবৰ ব’ম্বে উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল ন্যায়াধীশ ভূঞাক৷ ব’ম্বে উচ্ছ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল ন্যায়াধীশ ভূঞা৷ বোম্বাই উচ্ছ ন্যায়ালয়ত দুবছৰ সেৱা আগবঢ়োৱাৰ পাছত বিগত বৰ্ষৰ ২২ অক্টোবৰত তেলেংগানা উচ্ছ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে যোগদান কৰিছিল৷ বৰ্তমান তেলেংগানা উচ্ছ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশ ভূঞাই তেলেংগানা ৰাজ্যিক  আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যবাহী অধ্যক্ষ হিচাপেও নিয়োজিত হৈ আছে৷ অৱশ্যে তেলেংগানাৰ তদানীন্তন মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাক দিল্লী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ  হিচাপে বদলি কৰাত অৱশেষত মঙলবাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ উজ্জ্বল ভূঞাক তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত বাছনি কৰিছে৷ উল্লেখ্য, ১৯৬৪ চনৰ ২ আগষ্টত জন্ম লাভ ন্যায়াধীশ উজ্জ্বল ভূঞাই গুৱাহাটীৰ  চৰকাৰী আইন মহাবিদ্যালয়ত আইনী শিক্ষা আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত ১৯৯১ চনত গুৱাহাটী উচ্ছ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয় বাৰ এছ’চিয়েশ্বনৰো সদস্য আছিল ন্যায়াধীশ ভূঞা৷ আনহাতে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াক উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্তি দিয়াত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কলেজিয়ামে বাছনি কৰিছে ন্যায়াধীশ ৰশ্মিন মনহৰভাই চায়াক৷ ন্যায়াধীশ ৰশ্মিন মনহৰভাই চায়া বৰ্তমান গুজৰাট উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত৷ অৱশ্যে বৰ্তমান গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছে ন্যায়াধীশ এন কটিশ্বৰ সিঙে৷