Logo
image

মাহুৰ, জাতিংগা, মাইবাঙো বিচ্ছিন্ন হোৱাৰ আশংকা

আমাৰ অসম, ১৮ মে’: বিগত ৯টা দিন ধাৰাসাৰ বৃষ্টিপাতৰ সন্মুখীন হোৱা ডিমা হাচাও জিলাত প্ৰকৃতিৰ তাণ্ডৱলীলা শাম কটাৰ যেন কোনো উমঘাম পোৱা নাই জনসাধাৰণে৷ বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰা জিলাখনৰ সদৰ হাফলঙত এতিয়া জনসাধাৰণৰ মাজত প্ৰাকৃতিক দুৰ্যোগৰ লগতে নামি আহিছে জীৱনধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অভাৱৰ সমস্যা৷ বিগত পাঁচটা দিন ধৰি সদৰ চহৰখনৰ অধিকাংশ অঞ্চলত নাই বিজুলী যোগান৷ যাৰ ফলত পাহাৰীয়া চহৰখনৰ জনসাধাৰণ সন্মুখীন হ’বলগা হৈছে আন এক অভাৱনীয় সমস্যাৰ৷ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা বাধ্য হৈ পৰিছে জনসাধাৰণৰ পৰা সাহায্য আহ্বান কৰিবলৈ৷ জনসাধাৰণক যোনে যেনেকৈ পাৰে জিলাখনৰ দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলৰ বাবে সাহায্য আগবঢ়াবলৈ গাৰ্লোছাই আহ্বান জনাইছে৷ কালি জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ গৈ মাইবাঙৰ পৰা উভতি আহিবলৈ বাধ্য হোৱা প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগৰ লগতে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী যোগেন মহন আজি পুনৰ জিলাখনলৈ যায়৷ মন্ত্ৰীজনে স্থানীয় বিধায়ক নন্দিতা গাৰ্লোছাৰ লগত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ যোৱাৰ পথত মাইবাং পোৱাৰ পূৰ্বে কালাচান্দ নামৰ অঞ্চলত থকা পকী দলংখনত হোৱা বৃহৎ খহনীয়া প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে, কালাচান্দৰ দলংখন যদি উটি যায়, তেনেহ’লে মাইবাঙো বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব৷ মাইবাঙৰ দৰে মাহুৰ আৰু জাতিংগাও বহিঃবিশ্বৰে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিব– যদিহে পৰিস্থিতি উন্নত নহয়৷ ইপিনে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনো আজি জিলাখনৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ জিলাখনলৈ যায় যদিও মমিন লাংটিঙলৈহে যাবলৈ সক্ষম হয়৷ কাৰণ, ব্যাপক হাৰত হোৱা ভূমি…লনৰ ফলত মাইবাঙৰ পৰা হাফলঙলৈ যোৱা পথছোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত আবদ্ধ হৈ পৰা হাফলঙবাসীৰ সন্মুখত এতিয়া আহি পৰিছে খাদ্য সামগ্ৰীৰ সংকটৰ সন্মুখীন হোৱাৰ শংকা৷ জিলাখন বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত ৰে’লপথ অথবা পথ পৰিবহণৰ জৰিয়তে জিলা সদৰখনলৈ খাদ্য-সামগ্ৰী প্ৰেৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে৷ যাৰ ফলত অনাগত দিনত খাদ্য সংকটৰ সন্মুখীন হোৱাৰ ভয়ত স্থানীয় জনতাই অত্যাৱশ্যকীয় সামগ্ৰী অধিককৈ ক্ৰয় কৰি মজুত ৰখাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ যাৰ ফলত জিলা সদৰ হাফলঙৰ দুৰ্গম অঞ্চলসমূহত খাদ্য-সামগ্ৰীৰ সংকট হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ তদুপৰি, পাহাৰীয়া চহৰখনত বিগত পাঁচদিন ধৰি বিজুলীৰ নাটনিৰ ফলত ইণ্টাৰনেট সেৱা বিঘ্নিত হৈ পৰিছে৷ যাৰ ফলত হাফলঙত এতিয়া কেৱল অলপসংখ্যক গ্ৰাহকৰ হাততহে থকা বিএছএনএল সেৱা উপলব্ধ হৈ আছে৷ লাংটিঙত আজি এটা শিবিৰত ২০০ লোকে আশ্ৰয় লোৱাৰ বিপৰীতে ৰে’ল ষ্টেচনত ৫০টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ একেদৰে মাইবাঙত কালি জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰটো আজি মন্ত্ৰী যোগেন মহন আৰু বিধায়ক নন্দিতা গাৰ্লোছাই ভ্ৰমণ কৰি শিবিৰত থকা লোকৰ সৈতে মতবিনিময় কৰে৷ জিলা প্ৰশাসনে বান পীড়িতসকলৰ বাবে সাহায্য সামগ্ৰীৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে৷ উল্লেখ্য যে, ৰে’ল বিভাগে জানিবলৈ দিয়া মতে, জিলাখনৰ ৫৩টা অঞ্চলত ৰে’ল লাইন ক্ষতিগ্ৰস্ত হৈছে৷ যাৰ ফলত ৰে’ল যোগাযোগ পুনৰ কাৰ্যক্ষম কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব৷ একেদৰে নেৰানেপেৰাকৈ পৰি থকা বৰষুণৰ ফলত পাহাৰসমূহ খহি থকাৰ বাবে পাহাৰৰ পৰা বৃহৎ বৃহৎ শিল পৰি ৰাষ্ট্ৰীয় ঘাইপথ বহু ঠাইত বন্ধ হৈ পৰিছে৷ এনে পৰিস্থিতিত জিলাখনৰ ভিতৰুৱা অঞ্চলৰ পৰিস্থিতি এতিয়াও স্পষ্ট হৈ উঠা নাই৷ এনে পৰিস্থিতিত আকাশ মাৰ্গেৰে জিলাখনত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ গত্যন্তৰ নাথাকিব৷ জিলাখনে সন্মুখীন হোৱা এনে অভাবনীয় প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্ণয় আৰু পৰিস্থিতি স্বাভাৱিক হ’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব৷ আনহাতে, সততে পাৰ্বত্য জিলা তিনিখনৰ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জিলাখন ভ্ৰমণ নকৰাত জিলাবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷