Logo
image

হেলিকপ্টাৰেৰে খাদ্য, বৰাকতো দুৰ্ভিক্ষ

আজি হেলিকপ্টাৰেৰে ডিমা হাচাওৰ পৰিস্থিতি চাব মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১৯ মে’: প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰাণকেন্দ্ৰ পাহাৰীয়া ডিমা-হাচাও জিলাৰ লগতে বৰাক উপত্যকাত এতিয়া অৱৰ্ণনীয় পৰিস্থিতি৷ বান আৰু ভূমিস্খলনত হাফলঙৰ লগতে বৰাকৰ তিনিওখন জিলাতে ভয়ংকৰ দুৰ্যোগে দেখা দিছে৷ ভূমিস্খলনেৰে বিভীষিকাৰ সৃষ্টি কৰা ডিমা-হাচাও আজিও বহিঃবিশ্বৰে যোগাযোগ বিচ্ছিন্ন৷ স্থলপথ আৰু ৰে’লপথ ভূমিস্খলনত যেন অস্তিত্বহীন হৈ পৰিছে৷ প্ৰশাসনে সেনাৰ সহযোগত আবদ্ধ লোকক উদ্ধাৰ অভিযানত নামি পৰিছে৷ লগতে ভূমিস্খলন হোৱা ৰে’লপথ-স্থলপথৰ মেৰামতি অব্যাহত ৰাখিলেও প্ৰতিকূল পৰিস্থিতিৰ বাবে কেতিয়ালৈ যাতায়াত সম্ভৱ হৈ উঠিব সেয়া এতিয়াও থিৰাং কৰিব পৰা নাই প্ৰশাসনে৷ কিয়নো ডিমা হাচাও মূল ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বত্ৰ ভূমিস্খলন হোৱাই নহয়, বিভিন্ন অংশ বোকা-মাটিয়ে পুতি পেলাইছে৷ আনহাতে, হাফলং ৰে’ল ষ্টেচনটো পাহাৰৰ মাটিৰে পুতি পেলোৱাৰ লগতে হাফলং-শিলচৰ সংযোগী ৰে’ল লাইনৰ ৫০টাকৈ অধিক স্থানত ভূমিস্খলনৰ ফলত ৰে’লপথ খহাই নিয়াত কেৱল চিৰিসমূহহে ওলমি ৰৈছে৷ ৰে’ল লাইনৰ সম্পূৰ্ণ মেৰামতি কৰিবলৈ মাহজোৰা সময় লাগিব বুলিও কতৃৰ্পক্ষই ইংগিত দিছে৷ ইপিনে, বিগত এসপ্তাহ ধৰি পাহাৰীয়া জিলাখনৰ সৈতে যোগাযোগ ব্যাহত হৈ থকাত পেট্ৰ’ল-ডিজেলৰ লগতে খাদ্য-সামগ্ৰীৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে৷ যাৰ ফলত বুধবাৰে বায়ুসেনাৰ হেলিকপ্টাৰেৰে খাদ্য-সামগ্ৰী যোগান ধৰা হৈছে৷ ইপিনে, তেল ডিপোত ইন্ধন শেষ হৈ অহাত প্ৰশাসনৰ অনুমতি অবিহনে আন বাহনৰ ইন্ধন ভৰোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ তদুপৰি এসপ্তাহ ধৰি জিলাখনৰ অধিকাংশ এলেকাতে বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ আছে৷ আনহাতে, শিলচৰ-গুৱাহাটী সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক ভূমিস্খলন অব্যাহত থকাত বৰাকৰ জিলাকেইখনৰেও যোগাযোগ ব্যাহত হৈ আছে৷ ইপিনে, বৰাকৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বাঢ়নী পানীয়ে একপ্ৰকাৰ সংহাৰ ৰূপ ধাৰণ কৰিছে৷ বৰাকৰ প্ৰাণকেন্দ্ৰ শিলচৰ চহৰকো বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ শিলচৰ ৰে’ল ষ্টেচনকে ধৰি অধিকাংশ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বানৰ কবলত পৰিছে৷ ইপিনে, বৰাকৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত শিলচৰ চহৰত অনিৰ্দিষ্ট কালৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন কৰিছে প্ৰশাসনে৷ আনহাতে, শিলচৰ-গুৱাহাটী পথত ভূমিস্খলনৰ বাবে সকলো ধৰণৰ বাহনৰ চলাচল বন্ধ হৈ থকাত বৰাকত খাদ্য আৰু ইন্ধনৰো ভয়ংকৰ নাটনিয়ে দেখা দিছে৷ স্বাভাৱিকভাৱেই শাক-পাচলিকে ধৰি খাদ্য-সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি পাইছে৷ অৱশ্যে, বুধবাৰৰ পৰা গুৱাহাটী-শিলচৰ পথত যান-বাহনৰ চলাচল আৰম্ভ হৈছে যদিও মেঘালয়ৰ পথৰ কাষে কাষে বৰাক অভিমুখী ট্ৰাক তথা অন্যান্য বাহনৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে৷ তদুপৰি শিলচৰ-মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৰাক নদীৰ পানী বৈ যোৱাত চুবুৰীয়া ৰাজ্যখনৰ সৈতেও যোগাযোগ ব্যাহত হৈ পৰিছে৷ এক কথাত বৰাকত এতিয়া ভয়ংকৰ দুৰ্ভিক্ষই দেখা দিছে৷ আনহাতে, মূলপথ আৰু ৰে’ল পথৰে বৰাকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাত বিমান পৰিবহণ সংস্থাসমূহে শিলচৰ-গুৱাহাটী বিমান ভাৰা অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছিল যদিও কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰীৰ হস্তক্ষেপত ভাৰা হ্ৰাস কৰিবলৈ বাধ্য হৈছে পৰিবহণ সংস্থাসমূহে৷ ইপিনে, নাগৰিকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শিলচৰ-গুৱাহাটীৰ মাজত ফ্লাই বিগ বিমানসেৱা আৰম্ভ হয়৷ এই যাত্ৰাৰ ভাৰা ৩,০০০ টকা নিৰ্ধাৰণ কৰিছে চৰকাৰে৷ ইপিনে, কাছাৰ জিলা প্ৰশাসনে বানৰ পৰিপ্ৰেক্ষিতত দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷

আজি হেলিকপ্টাৰেৰে ডিমা হাচাওৰ পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে

আজি ডিমা হাচাওলৈ যাব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ অৱশ্যে তেওঁ পাহাৰীয়া জিলাখনত নেনামি হেলিকপ্টাৰেৰেহে জিলাখনৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব৷ কাইলৈ বান পৰিস্থিতি অধ্যয়ন কৰাৰ বাবে মন্ত্ৰী যোগেন মহন আৰু বিমল বৰাও হাফলঙলৈ যাব৷ ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই অভিভাৱক মন্ত্ৰীসকলক বান পৰিস্থিতি অধ্যয়নৰ বাবে সংশ্লিষ্ট জিলালৈ যাবলৈ নিৰ্দেশ দিছে৷ বিধায়কসকলকো নিজৰ নিজৰ সমষ্টিলৈ গৈ বান পৰিস্থিতি অধ্যয়ন কৰি ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে৷ বুধবাৰে জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাই হোজাই জিলাৰ লংকা অঞ্চলৰ মাণ্ডুলিত বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে৷ মাণ্ডুলিত কপিলী নৈৰ বানে গড়কাপ্তানি পথৰ এচোৱা উটুৱাই নিয়াত কাষৰীয়া অঞ্চলটো জলমগ্ন হৈ পৰাত মন্ত্ৰীজনে বিভাগীয় বিষয়াক এই অংশ পানী কমাৰ লগে লগে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি বিষয়া-কৰ্মীসকলক বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে হাইলেণ্ড নিৰ্মাণ কৰাকে ধৰি কেতবোৰ পৰামৰ্শ আগবঢ়ায়৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিটিআৰৰ বানপীড়িত এলেকা পৰিদৰ্শন কৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়া সমষ্টিত বান পৰিস্থিতি অধ্যয়ন কৰে৷ মন্ত্ৰী ৰঞ্জিত দাসে নিজ সমষ্টি পাটাছাৰকুছিৰ বান পৰিস্থিতি অধ্যয়ন কৰে৷ ইফালে, পাহাৰীয়া জিলাখনলৈ বান পৰিস্থিতি অধ্যয়নৰ বাবে আজি পৰ্যন্ত কোনো এজন মন্ত্ৰী নোযোৱা কথাটোত গভীৰ আক্ষেপ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷

ৰে’ল ষ্টেচনত আবদ্ধ চ্ছজন লোকক উদ্ধাৰ, সেনাৰ হেলিকপ্টাৰেৰে অনা হৈছে খাদ্য-সামগ্ৰী

অসমৰ পাহাৰীয়া জিলা ডিমা হাচাও আৰু কাৰবি আংলং জিলাৰ খহনীয়া আৰু বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে৷ আজি দিনৰ কেইঘণ্টামান বতৰ কিছু ফৰকাল হয়৷ এসপ্তাহৰ পাছত কিছু সময়ৰ বাবে ৰ’দৰ মুখ দেখে পাহাৰৰ জনতাই৷  কপিলী নদীৰ বাঢ়নী পানীয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং এলেকাৰ তৰাডুবি, মেনমিজি, মুগাচাং,  গৰৈমাৰী, মুখীম, খান্দাজান, চুতৱালী আদি বিস্তৃত এলেকা জলমগ্ন কৰি ৰাখিছে বিগত পাঁচটা দিন৷ আজি কামপুৰ-বৈঠালাংচ’ সংযোগী পথটো বগৰীতলাত কপিলীৰ পানীয়ে বুৰাই পেলায়৷ ফলত পুৱাৰে পৰা এই পথত যাতায়াত বন্ধ হৈ পৰে৷ ইয়াৰ মাজতে খাদ্যৰ সন্ধানত অহা এটা বনৰীয়া হাতীয়ে বানাক্ৰান্ত এলেকাত ত্ৰাসৰ সৃষ্টি কৰে৷ আনহাতে, ডিমা হাচাও জিলাত ৰে’ল বিভাগে জিলা প্ৰশাসন আৰু সেনাৰ সহযোগত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে৷ হাফলং, মাহুৰ, জাতিংগা, দিহাংগী আজি বহিঃবিশ্বৰ লগত সম্পৰ্কহীন হৈ আছে৷ বায়ু সেনাৰ হেলিকপ্টাৰেৰে আজি দুপৰীয়া গুৱাহাটীৰ পৰা হাফলঙলৈ খাদ্য সামগ্ৰী অনা হয়৷ হাফলঙত এসপ্তাহ ধৰি নাই বিদ্যুত সেৱা৷ নাই ম’বাইল নেটৱৰ্ক৷  ইয়াৰ মাজতে বায়ু সেনাৰ হেলিকপ্টাৰেৰে কালি সন্ধিয়া ডাউত্তাহাজা ৰে’ল ষ্টেচনত থকা ৰেল’ৱেৰ কৰ্মচাৰী আৰু পৰিয়ালৰ মুঠ ১২ জন লোকক লামডিঙলৈ নিৰাপদে অনা হয়৷ ডাউত্তাহাজা ৰে’ল ষ্টেচনটোৰ পৰিৱেশ অতি ভয়াৱহ হৈ আছে৷ যিকোনো সময়তে পাহাৰ খহি ৰে’ল ষ্টেচনটো পুতি পেলাব পাৰে৷ সেয়ে ৰেল’ৱেই নিজৰ কৰ্মচাৰী আৰু পৰিয়ালৰ লোকসকলক উদ্ধাৰ কৰে৷ আনহাতে, নিউ হাফলং ৰে’ল ষ্টেচনত পাঁচদিন ধৰি আবদ্ধ হৈ থকা ১৬ জন লোকক আজি ৰে’ল আৰক্ষীয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়ে৷ এই দুৰ্যোগৰ সময়ত বিভিন্ন ৰে’ল ষ্টেচনত আবদ্ধপ্ৰায় ২৮০০ লোকক ৰেল’ৱে আৰু জিলা প্ৰশাসনে উদ্ধাৰ কৰিছে৷  ৰেল’ৱেৰ প্ৰায় ১৬৯ কিলোমিটাৰ ট্ৰেক বিধস্ত হৈছে এই প্ৰাকৃতিক দুৰ্যোগত৷ হাফলং নগৰৰ চি জে এম ন্যায়ালয়ৰ পথটো সম্পূৰ্ণ ছিগি যোৱাৰ ফলত উক্ত পথত গাড়ীৰ চলাচল বন্ধ আছে৷ একেদৰে নগৰৰ বড় হাফলঙত হোৱা ভূমিস্খলনৰ ফলত বিধস্ত হৈছে পথটো৷ জাতিংগাৰো অৱস্থা একেই৷ হাফলং-শিলচৰ, হাফলং-মাইবাং আৰু হাফলং-লাংকা এই তিনিওটা পথ এসপ্তাহ ধৰি বন্ধ হৈ থকাত এতিয়া হাফলঙলৈ যোৱাৰ কোনো উপায় নাই৷ ফলত হাফলঙৰ দুয়োটা তেল ডিপুত প্ৰায় শেষ হৈছে তেল৷ বজাৰত নাই শাক-পাচলি, আলু-পিয়াজ৷ এক কেজি শুকান স্কচৰ দাম এতিয়া হাফলং বজাৰত ১৫০টকা৷ আনহাতে, আজি দুপৰীয়াৰ পৰা বতৰ কিছু মুকলি হোৱাৰ লগে লগে হাফলং-মাইবাং পথটো মুকলি কৰাৰ বাবে প্ৰশাসনে চলাইছে যুদ্ধকালীন তৎপৰতা৷ দুৰ্যোগ ব্যৱস্থাপনামন্ত্ৰী যোগেন মহন আৰু বিধায়িকা নন্দিতা গৰ্লোচাৰ নিৰ্দেশত মাইবাঙৰ টানেল পৰিষ্কাৰ কৰাৰ কাম চলিছে৷ টানেলৰ কিছুঅংশ পৰিষ্কাৰ কৰাৰ পাছত দুই এখন বাইকে বিপজ্জনক পথ অতিক্ৰম কৰিছে৷ জিলা প্ৰশাসনে জনাইছে যে টানেলটো আৰু মাইবাঙৰ পৰা হাফলঙলৈ ৪৭ কিলোমিটাৰ পথত থকা খহনীয়াৰ মাটি পৰিষ্কাৰ কৰিব পাৰিলেই সৰু গাড়ী চলাৰ অনুমতি দিয়া হ’ব৷ কিন্তু ইয়াৰ পূৰ্বেই হাফলঙত আবদ্ধ হৈ থকা জিলাখনৰ বাহিৰৰ লোক আৰু গুৱাহাটীত আবদ্ধ হৈ থকা হাফলঙৰ কিছু লোক আহি আদবাটত বাহৰ পাতিছে৷ অধৈৰ্য হৈ পৰা লোকসকলে নিজ নিজ ঘৰলৈ যাবৰ বাবে ব্যাকুল হৈ পৰা দেখা গৈছে৷ ডিমা হাচাও জিলাৰ এই প্ৰাকৃতিক দুৰ্যোগত কমেও ২০০০ কোটি টকাৰ লোকচান হৈছে৷

এতিয়াও জলবন্দী কেইবাশ লোক, হোজাইত দুই কেবিনেটমন্ত্ৰী

বিগত তিনি দিনৰ পৰা হোজাইত হোৱা ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত যোৱা নিশা হোজাই জিলা সদৰ শংকৰদেৱ নগৰত জিলা প্ৰশাসনৰ লগত বিশেষ বৈঠকত মিলিত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ ইতিমধ্যে বানত নটা স্বাস্থ্য কেন্দ্ৰ পানীত ডুব গৈছে৷ কপিলীৰ বানত হোজাইৰ যমুনামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে দৰৱ বিতৰণ কেন্দ্ৰ, চিকিৎসক গৃহ আদি পানীত তল যায়৷ হোজাইৰ নভঙা, মইনা পথাৰ, বগৰী, ৰাধানগৰ, ৱাৰগেডিং, বৰহোলা, হায়ং আদি উপ-স্বাস্থ্য কেন্দ্ৰ বানৰ কৱলত পৰিছে৷ যোৱা নিশাৰে পৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হোজাইত বাহৰ পাতি সমগ্ৰ বান পৰিস্থিতি তদাৰক কৰিছে৷  বানবিধবস্ত স্বাস্থ্য কেন্দ্ৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীজেন কয় যে ইতিমধ্যে সেই স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসক, নাৰ্ছৰ লগতে আন আন কৰ্মীসকলক উদ্ধাৰ কৰা হৈছে৷ পানী কমাৰ পাছত চিকিৎসালয়সমূহ মেৰামতিৰ কথা চিন্তা কৰা হ’ব৷ আজি হোজাইৰ বান পৰিস্থিতি অধ্যয়নৰ অৰ্থে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু জিলা প্ৰশাসনৰ লোকসকলক লগত লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বান-বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বহুকেইটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে৷ মন্ত্ৰীজনৰ পৰিদৰ্শনৰ সময়ত হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্তসকলে ৰিলিফ পশুৰ খাদ্য নোপোৱাৰ অভিযোগ কৰাত হোজাই ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাঞিক মাতি আনি কিয় সময় মতে ৰিলিফ দিয়া নাই বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তসকলক মুকলি হাতেৰে সহায় কৰাৰ কথা প্ৰকাশ কৰি বিষয়াজনক ধমক দিয়ে৷ উল্লেখ্য যে, বানাক্ৰান্তসকল বৰ্তমান এটুপি খোৱাপানীৰ অভাৱত পৰাৰ কথাও বানাক্ৰান্তসকলে মন্ত্ৰীৰ আগত প্ৰকাশ কৰে৷ উল্লেখ্য যে, হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে পূৰ্বতে সকলো বিষয়াক সাহায্যসামগ্ৰী প্ৰদান কৰাৰ লগতে বানাক্ৰান্তসকলক বিশুদ্ধ খোৱাপানীৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিছিল যদিও হোজাইৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্ত্ৰাই উপায়ুক্তৰ এই নিৰ্দেশ অমান্য কৰি বানাক্ৰান্তসকলক জিয়াতু ভোগাইছে৷ মন্ত্ৰীজনে জিলা উপায়ুক্তক বানাক্ৰান্তসকলক পৰ্যাপ্ত সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়াৰ লগতে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষক সম্পূৰ্ণ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইফালে আজি হোজাই-কাৰ্বি আংলঙৰ সীমান্তৰ লংকাৰ মাণ্ডুলীত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ বানবিধবস্ত অঞ্চল পৰিদৰ্শন কৰে৷ মন্ত্ৰী উপস্থিত হৈ যোৱা সোমবাৰে নিশা মাণ্ডুলীত বানে ভঙা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীজনে৷ অনতিপলমে উক্ত বানটো মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত তথা বিভাগীয় কৰ্মচাৰীক৷ তেওঁ মাণ্ডুলী ৰাইজৰ লগত বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা লগতে পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ দিয়া হ’ব বুলি জনোৱাৰ৷ লগতে, পোহনীয়া গৰু-ছাগলী, ম’হৰ বাবেও চৰকাৰৰ ফালৰ পৰা খাদ্য বস্তু দিয়া হ’ব বুলি জনায়৷ মন্ত্ৰীজনৰ লগত হোজাই আৰু লামডিঙৰ বিধায়ক দুজনো উপস্থিত আছিল৷ এই বানত এটি সোঁতৰমহীয়া শিশুৰ সলিলসমাধি ঘটাৰ লগতে হোজাইৰ ৱাৰীগেডিংত লক্ষেশ্বৰ মল্লিক নামৰ ৩৫ বছৰীয়া বিবাহিত লোক এজন সৰ্প দংশনত মৃত্যু হয়৷ হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াজনৰ আমনোযোগিতাৰ বাবে যোগিজান-যমুনামুখ ৰে’ল পথত আশ্ৰয় লোৱা লোকসকলে অনাহাৰে থকাৰ খবৰ পাই হোজাইৰ বিধায়ক আৰু জিলা সভাপতি অনুপ দেবে ৰে’ল বিভাগৰ বিশেষ ট্ৰেলিৰে সেই স্থানত উপস্থিত হৈ বিশেষ ৰে’লযোগে খাদ্য-সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে৷ এই বানত হোজাইৰ প্ৰায় আশীখন গাঁৱৰ প্ৰায় ডেৰ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে৷ আজিও সেনা বাহিনী, এছ ডি আৰ এফ আৰু এন ডি এফ বিৰ লোকে আজিও হাজাৰৰো অধিক জলবন্দী লোকক উদ্ধাৰ কৰে যদিও এতিয়াও কেইবাশ লোক জলবন্দী হৈ আছে৷ চাকৰি সাহায্যৰ খেলি-মেলিৰ বাবে হোজাইৰ ৰবীন হুড আৰ্মী নামৰ স্বেচ্ছাসেৱী সংগঠন, গোবিন্দ আশ্ৰম, বিষ্ণুপল্লী যুৱ সমাজ, ৰাম কৃষ্ণ সেৱাশ্ৰম আদিয়ে খাদ্য-সামগ্ৰী বিতৰণ কৰে৷