Logo
image

জেলেনস্কিৰ বক্তৃতাৰে ‘কান’ মহোৎসৱ আৰম্ভ

আমাৰ অসম, ১৯ মে’: ক’ভিড অতিমাৰীৰ বাবে ২০২০ চনত বাতিল হোৱা বিশ্বৰ শীৰ্ষস্থানীয় কান চলচ্ছিত্ৰ মহোৎসৱ এইবাৰ ৭৫সংখ্যক বৰ্ষত ধুমধামেৰে আৰম্ভ হৈছে আৰু মঙলবাৰে উদ্বোধনৰ দিনাই যুদ্ধত আক্ৰান্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে উদ্বোধনী ভাষণ প্ৰদান কৰি ছবি মহোৎসৱখনক ব্যতিক্ৰমী আৰম্ভণিৰ সুযোগ দিছে৷ ২২-২৮ মে’লৈ হ’বলগীয়া কান চলচ্ছিত্ৰ মহোৎসৱত মঙলবাৰে উদ্বোধনী ভাষণ প্ৰদান কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সকলোকে আবেগিক কৰি তোলে৷ ভাষণৰ আৰম্ভণিতে তেওঁ কয়– ‘আমাক এজন নতুন চাৰ্লি চেপলিন লাগে, যি সকলোকে বুজাই দিব পাৰিব, যুদ্ধ হ’লে ছবিজগত নীৰৱে বহি নাথাকে৷’ উল্লেখ্য, চাৰ্লি চেপলিনে এডল্‌ফ হিটলাৰৰ অভিনয়েৰে ব্যংগাত্মকভাৱে ছবিত হিটলাৰৰ চৰিত্ৰ ৰূপায়ণ কৰি তেওঁৰ যুদ্ধাভিযানক উপহাস কৰিছিল৷ জেলেনস্কিয়ে এতিয়াও তেনে ব্যক্তিৰ প্ৰয়োজন বুলি কানত ভাগ লোৱা ছবিৰ সৈতে জড়িত সকলোকে আহ্বান জনায়৷ তেওঁ কয়– ‘আমি বিজয়ী হ’মেই৷ সেই পৰিসমাপ্তিৰ গেৰাণ্টী দিব পৰা চিনেমা আমাক লাগে৷ চিৰদিনেই চিনেমাই আমাক স্বাধীনতাৰ কথা শিকাইছে৷’

এইবাৰৰ কান চলচ্ছিত্ৰ মহোৎসৱে ভাৰতক বিশেষ সন্মান প্ৰদান কৰিছে৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ, কান মহোৎসৱৰ ৭৫ বছৰ উপলক্ষে ভাৰতৰ প্ৰতি এই সন্মান আগবঢ়োৱা হৈছে৷ মহোৎসৱত ভাৰতৰ পৰা জুৰী হিচাপে অংশগ্ৰহণ কৰিছে দীপিকা পাড়ুকনে৷ দীপিকা,  অভিনেত্ৰী পূজা হেগড়ে, ঊৰ্বশী ৰৌতেলা, আৰু তমন্না ভাটিয়াই বুধবাৰে ৰেড কাৰ্পেটত খোজ কঢ়াৰ উপৰি এটা অনুষ্ঠানত মামে খানৰ সংগীতত নৃত্যত ভাগ লয়৷ মহোৎসৱত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ, ছবি পৰিচালক আৰ মাধৱন, প্ৰসূন যোশী, শেখৰ কাপুৰেও অংশগ্ৰহণ কৰিছে৷ দীপিকাৰ পাছত মাধৱন, অনুৰাগ ঠাকুৰ, শেখৰ কাপুৰ, বাণী ত্ৰিপাঠী, নৱাজউদ্দিন ছিদ্দিকি, ৰিকি কেজ, প্ৰসূন যোশীয়েও ৰেড কাৰ্পেটত খোজ কাঢ়ে৷ দীপিকাই সব্যসাচীৰ ডিজাইনেৰে ক’লা ৰঙৰ পোছাক পৰিধান কৰি চমক দিয়ে৷ বুধবাৰে আৰ মাধৱনৰ ছবি ‘ৰাকেট্ৰি’ কানৰ বিশেষ শাখাত প্ৰদৰ্শিত হ’ব৷ একে শাখাতে ২২ মে’ত প্ৰদৰ্শিত হ’ব অসমৰ ছবি বুম্বা ৰাইড৷ এই শাখাৰ ৬খন ছবিকে ধৰি মুঠতে ১১খন ছবি এইবাৰ কানলৈ পঠিয়াবলৈ সুযোগ পাইছে ভাৰতে৷ বুম্বা ৰাইডৰ পৰিচালক বিশ্বজিৎ বৰা আৰু প্ৰযোজক উৎপল কুমাৰ বৰ্মনে মহোৎসৱত ভাগ লোৱাৰ সুযোগ পাইছে৷ মুম্বাইত থকা বিশ্বজিৎ বৰাই ইতিমধ্যে ভিছা পাইছে আৰু বৃহস্পতিবাৰে উৎপল বৰ্মনেও ভিছা হাতত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ২২ মে’ত দুয়ো উপস্থিত থাকিব কানৰ ৰেড কাৰ্পেটত৷