Logo
image

শাসকীয় বিধায়কৰ সৌজন্যত উজনিত মূৰ দাঙি উঠিছে আলফাই

কয়লা, তেল ছিণ্ডিকেটত সহযোগ

আমাৰ অসম, ১৯ মে’: এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি আলোচনাৰে পৰিৱেশ সৃষ্টিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আনফালে পৰেশ বৰুৱাই সাংগঠনিক ভেটি শক্তিশালী কৰি সদস্য ভৰ্তি প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে৷ অৱশ্যে, ইয়াৰ মাজতে সেনা-আৰক্ষীয়ে আলফাবিৰোধী অভিযান অব্যাহত ৰখাৰ লগতে আলফামুখী যুৱক-যুৱতীক আদ-বাটতে গ্ৰেপ্তাৰো কৰিছে৷ লক্ষণীয়ভাৱে আলফা-চৰকাৰৰ এই তৎপৰতাৰ মাজতে এইবাৰ শাসকীয় দলৰ উজিন অসমৰ দুজনমান বিতৰ্কিত বিধায়কে আলফাৰ সহযোগত কয়লা ছিণ্ডিকেটৰ পৰা আৰম্ভ কৰি কাঠ, শিল, বালি তথা অইল-অ’এনজিচি ঠিকাৰ নামতো ছিণ্ডিকেটৰ বজাৰ মেলাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে৷ আনকি এই বিধায়ককেইজনে ঠিকাদাৰী প্ৰতিষ্ঠানক আলফাৰ [স্বাধীন] হতুৱাই ধন দাবীত নামি পৰাৰ তথ্য পোহৰলৈ আহিছে৷ যিসময়ত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ‘মিছলীয়া’ আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে বিদ্ৰোহী সংগঠনটোৰ ওচৰত কৰযোৰে ক্ষমা খুজিবলৈ বাধ্য হৈছে, ঠিক তেনে সময়ত শাসকীয় বিজেপি দলৰ বিধায়কৰ আলফাৰ সৈতে মিতিৰালি কৰি কু-কাৰ্যকলাপ আৰম্ভ কৰাত গৃহ বিভাগৰ লগতে চোৰাংচোৱা বাহিনীকো হতচকিত কৰি তুলিছে৷ অভিযোগ অনুসৰি উজিন অসমৰ সততে বিতৰ্কত থকা বিধায়ককেইজনে শেহতীয়াকৈ কেইবাজনো ব্যৱসায়ী তথা ঠিকাদাৰক টাৰ্গেট কৰি লৈছে৷ ইতিমধ্যে বিধায়ককেইজনে যোগাৰ কৰি দিয়া ফোন নম্বৰৰ ভিত্তিতে আলফাই সংশি¡ষ্ট ব্যৱসায়ী তথা ঠিকাদাৰক ফোন তথা হোৱাট্‌ছএপযোগে ধন দাবী কৰিছে৷ বিজেপি বিধায়কৰ নিৰ্দেশতে আলফা স্বাধীনৰ ইষ্টাৰ্ণ কামাণ্ডৰ অপাৰেশ্বন কামাণ্ডাৰ লেঃ কৰ্ণেল ৰূপম অসমে এই ধন দাবী কাৰ্যক নেতৃত্ব দিছে৷ উজনি অসমত কোটিটকীয়া পথ নিৰ্মাণ কৰি থকা এজন ঠিকাদাৰলৈ আলফা নেতা ৰূপম অসমে ফোন কৰাত সঁহাৰি নিদিয়াত  অৱশেষত হোৱাট্‌ছএপ বাৰ্তা প্ৰেৰণ কৰি ধন দাবী কৰিছে৷ হোৱাটছ এপ বাৰ্তাত আলফা নেতাজনে উল্লেখ কৰিছে – ‘নমস্কাৰ ডাঙৰীয়া৷ মোৰ নাম লেঃ কৰ্ণেল ৰূপম অসম৷ মই আলফাৰ [স্বাধীন] অন্তৰ্গত ইষ্টাৰ্ণ কামাণ্ডৰ অপাৰেশ্বন কামাণ্ডাৰ৷ বিষয়টো হ’ল– দুবাৰ ফোন কৰিছিলোঁ বিদেশী নম্বৰৰ পৰা৷ কিন্তু ফোন নধৰিলে৷ আপুনি কোটিটকীয়া কাৰ্পেটিঙৰ ঠিকা কামটোৰ তদাৰকৰ দায়িত্বত আছে৷ এই কামটোৰ পৰা আমাৰ [মানে এনএছচিএন [কে] আৰু আলফাৰ [স্বা] সাংগঠনিক পুঁজিলৈ ২০ লাখকৈ সৰ্বমুঠ ৪০লাখ টকা বৰঙণি দিব লাগে৷ কথাখিনি আলোচনা কৰিবলৈ ফোন কৰিছিলোঁ৷ আপোনাৰ সঁহাৰি অথবা নীৰৱতাৰ ওপৰতে ভৱিষ্যতে সিদ্ধান্ত লোৱা হ’ব৷’ এইটো এটা মাত্ৰ উদাহৰণহে৷ বিজেপি বিধায়কৰ সহযোগত আলফাই এতিয়াই ব্যাপক হাৰত ধন দাবীত নামি পৰিছে৷ আনকি দাবী কৰা ধন নিদিলে অপহৰণৰো পৰিকল্পনা কৰিছে আলফাই৷ এই দাবীকৃত ধনৰ ৪০ শতাংশ আলফাই সংশি¡ষ্ট বিধায়কক আদায় দিয়ে বুলিও অভিযোগ উঠিছে৷ তদুপৰি বিধায়ককেইজনে চলাই অহা কয়লা, কাঠ, শিল-বালি তথা অইল-অ’এনজিচিৰ ঠিকাৰ ছিণ্ডিকেটত নতুন কোনোবাই হাত দিয়াৰ চেষ্টা কৰিলেই আলফাৰ দ্বাৰা ফোন কৰোৱাই ভাবুকি দিয়াৰো গুৰুতৰ  অভিযোগ উঠিছে৷ অৱশ্যে বিজেপি বিধায়কৰ কু-কাৰ্যকলাপৰ সন্দৰ্ভত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি নেতৃত্ব জ্ঞাত হয় নে নহয়, সেয়া জানিব পৰা হোৱা নাই৷ অৱশ্যে এইকেইজন বিধায়কে বিগত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো উজনি অসমত ছিণ্ডিকেটেৰে সন্ত্ৰাস সৃষ্টি কৰিছিল৷ লক্ষণীয়ভাৱে বিধায়কৰ পৃষ্ঠপোষকতাত আলফাই মূৰ দাঙি উঠাৰ পাছতেই তৈল ক্ষেত্ৰৰ বিষয়া-কৰ্মচাৰীক বিদ্ৰোহী সংগঠনটোৱে অপহৰণ তথা হত্যাৰ পৰিকল্পনাৰ চাঞ্চল্যকৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ বিশেষ শাখাই অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীৰ নিৰাপত্তা সুুনিশ্চিত কৰাৰ বাবে উজনি অসমৰ আৰক্ষী অধীক্ষক সকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হৈছে৷ এই বৈঠকৰ পাছতেই অইল আৰু অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীৰ নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে এছ অ’ পি জাৰি কৰিছে৷ সংশ্লিষ্ট জিলা কেইখনৰ আৰক্ষী-অধীক্ষকৰ লগতে তৈল কোম্পানী দুটাৰ নিৰাপত্তা বিষয়ালৈ উক্ত এছ অ’ পি প্ৰেৰণ কৰিছে৷ সেই অনুসৰি অইল আৰু অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীক সান্ধ্য ভ্ৰমণত সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়াৰ লগতে দুৰ্গম অঞ্চলত থকা তৈল খাদসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈও পৰামৰ্শ দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে আলফাই এন এছ চি এন [কে]ৰ সহযোগত অইল আৰু অ’ এন জি চিৰ কৰ্মচাৰীক অপহৰণ কৰি ধন দাবী কৰিছিল৷