Logo
image

মূল্যবৃদ্ধিক লৈ নেতা-মন্ত্ৰীৰ উদ্ভট মন্তব্যই তিক্ততা আনিছে ভুক্তভোগী ৰাইজৰ মাজত

আমাৰ অসম, ১৯ মে’: নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে ৰাজ্যৰ সৰ্বসাধাৰণ লোকৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ কৰি তোলাৰ সময়তে একাংশ ৰাজনেতাই শেহতীয়াভাৱে মূল্যবৃদ্ধিক লৈ কেতবোৰ উদ্ভট মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে৷ ৰাজনেতাসকলৰ ভেঙুচালি সূচক এনেধৰণৰ মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ মূল্যবৃদ্ধিয়ে বিপৰ্যস্থ কৰা সাধাৰণ লোকৰ প্ৰতি ৰাজনেতাসকলৰ যেন উপহাসহে এয়া৷ ৰাজ্যসভাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাচাই মূল্যবৃদ্ধি সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–খেতি নকৰি কেৱল খোৱাৰ কথা চিন্তা কৰিলে বস্তুৰ দাম বাঢ়িবই৷ মূল্যবৃদ্ধিক লৈ সমালোচনা কৰিলেও উপায় নাই৷ সচেতন লোকে মূল্যবৃদ্ধিৰ কথা নকয়৷ আনহাতে, বিজেপিৰ মিত্ৰদল অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাই মূল্যবৃদ্ধি সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– বান্দৰৰ উপদ্ৰবৰ ফলত মানুহে খেতি কৰিবলৈ এৰিলে৷ সকলো মানুহে বজাৰৰ পৰা কিনি খাবলৈ আহে৷ শাক পাচলি কৰ পৰা আহিব বজাৰত৷ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে৷ বিজেপি দলৰ বিধায়ক অতুল বৰাই মূল্যবৃদ্ধি সন্দৰ্ভত সময়ে সময়ে বিভিন্ন উদ্ভট মন্তব্য দি আহিছে৷ মিঠাতেলৰ দাম বঢ়াৰ বাবে মিঠাতেল নাখাবলৈ৷ পৰামৰ্শ দিয়া বিধায়ক বৰাই এইবাৰ আলুৰ দাম বঢ়াৰ বাবে ৰাইজক পিয়াজ ভাজি খাবলৈ কৈছে৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই ৰাইজক চাইকেল চলাই বজাৰলৈ বা অন্য ঠাইলৈ অহা-যোৱা কৰাৰ পৰামৰ্শ দিছে৷ ঠিক তেনেদৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কয় বিৰোধীৰ ভুল নীতিৰ বাবে মূল্যবৃদ্ধি হৈছে৷ পশ্চিমবংগত পেট্ৰ’ল-ডিজেলৰ মূল্য বেছি কাৰণে অসমৰ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে৷ মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসৰ দাবী– অসমত কেৱল গাখীৰৰ মূল্যবৃদ্ধি হৈছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে সাংসদ কামাখ্যা প্ৰসাদ তাছাক সাংবাদিকে মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰশ্ন কৰাত সাংসদ তাছাই সাংবাদিকক উভতি ধৰি  মূল্যবৃদ্ধি হৈছে বুলি দেখুৱাই দিবলৈ কয়৷ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ দাবী আজিকালি মানুহৰ হাতে হাতে মোবাইল ফোন৷ বৃদ্ধি হৈছে মানুহৰ উপাৰ্জন৷ ৰাইজ এতিয়া স্বচ্ছল হৈছে৷ গতিকে মূল্যবৃদ্ধি এতিয়া প্ৰাসংগিক নহয়৷ ৰাজনেতাসকলে মূল্যবৃদ্ধিক লৈ এনেধৰণৰ উপহাসমূলক মন্তব্য কৰি আছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই পৰ্যন্ত চৰকাৰে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ফলত কিছুমান তুলুঙা মন্তব্যৰে মূল্যবৃদ্ধিৰ বিষয়টো যেন এৰাই চলিব বিচাৰিছে শাসকীয় নহৈ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী– পূৰ্ব জন্মৰ কৰ্মৰ ফলতে দুখীয়াসকল দুখীয়া৷ মূল্যবৃদ্ধি সন্দৰ্ভত দিনৰ পাছত দিন ধৰি এনেধৰণৰ শাসকীয় দলৰ নেতা-মন্ত্ৰী বিধায়কসকলে এনেধৰণৰ তুলুঙা আৰু তাচ্ছিল্য সূচক মন্তব্য কৰা কাৰ্যই সৃষ্টি কৰি প্ৰতিক্ৰিয়াৰ৷ এনেধৰণৰ মন্তব্যক লৈ তিক্ত হৈ পৰিছে মূল্যবৃদ্ধিত পৃষ্ঠ ভুক্তভোগী সৰ্বসাধাৰণ লোক৷