Logo
image

‘কান’ত জিলিকিল অসমৰ পাটশিল্প

আমাৰ অসম, ২২ মে’: বিশ্বপ্ৰসিদ্ধ ফ্ৰান্সৰ কান চলচ্ছিত্ৰ মহোৎসৱত জিলিকি উঠিল আন্তৰ্জাতিক খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তৰ অনুপম থলুৱা পাটৰ সাজ৷ টপ মডেল ইউনাইটেড ৱাইনাৰ, মিছ ফিল্ম ফেষ্টিভেল ইণ্টাৰনেচনেল আদিৰে বিভূষিতা গ্ৰেট ব্ৰিটেইনৰ প্ৰখ্যাত মডেল ইনগ্ৰীডা ইলজিনাই অসম কন্যা সংযুক্তা দত্তই মালবেৰী ৰেচমেৰে তৈয়াৰ কৰা পাটৰ সাজ পিন্ধি কান মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰে৷ অৱশ্যে সংযুক্তা দত্তৰ বিশ্বমুখী যাত্ৰাৰ এয়াই প্ৰথম খোজ নহয়৷ তাৎপৰ্যপূৰ্ণভাবে, ২০১৯ বৰ্ষৰ কান চলচ্ছিত্ৰ মহোৎসৱতো ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়িছিল বিশ্বৰ আগশাৰীৰ মডেলে৷ তদুপৰি অসমৰ চহকী পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ পিন্ধি সংযুক্তা দত্তই খোজ দিছিল বিশ্বৰ অন্যতম প্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত৷ মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব’ নিউয়ৰ্ক ফেশ্বন উইক-২০২২ত সংযুক্তা দত্তই ‘আলফুল’ শীৰ্ষক থীম ডিজাইনেৰে বিশ্ববাসীৰ সন্মুখত উন্মোচিত কৰিছিল অসমৰ শিপিনীৰ ছাঁতে শুকোৱা, মুঠিতে লুকুৱা থলুৱা নিভাঁজ চহকী বস্ত্ৰ শিল্প৷ অসমৰ স্বাভিমানৰ প্ৰতীক থলুৱা পাট-মুগাৰ হাতে বোৱা বস্ত্ৰসম্ভাৰক আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে মহিলাৰ ভিন্নমুখী সাজপাৰক বিশ্বৰ ভিন্ন প্ৰান্তত ইতিমধ্যে জনপ্ৰিয় কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই৷ উল্লেখ্য, ৰাজ্য চৰকাৰৰ কাৰ্যবাহী অভিযন্তাৰ লোভনীয় চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই স্বপ্ৰতিভা আৰু সৃজনীশীলতাৰে নিজৰ লগতে মাতৃভূমি অসমকো বিশ্ব মানচিত্ৰত উজ্বলাই তুলিবলৈ সক্ষম হৈছে৷ ইয়াৰ সমান্তৰালভাবে ডিজাইনাৰ সংযুক্তা দত্তই অব্যাহত ৰাখিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ বাট৷ বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই তৈয়াৰ কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি কাঢ়িছে৷ তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই৷ নিঃসন্দেহে সংযুক্তা দত্তৰ এই বিশ্বমুখী যাত্ৰাই অনাগত দিনত ৰাজ্য তথা দেশৰ নতুন প্ৰজন্মক ফেশ্বন ডিজাইনৰ ক্ষেত্ৰখনলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব৷