Logo
image

জুই আৰু পানী

বান-দুৰ্যোগৰ মাজতে বটদ্ৰৱা থানাত ভয়ংকৰ আক্ৰমণ

ডিমা হাচাওৰ পৰিস্থিতি অপৰিৱৰ্তিত, নগাঁও জলমগ্ন

আমাৰ অসম, ২২ মে’: ৰাজ্যত এফালে বান আৰু ভূমিস্খলনৰ সংহাৰ৷ আনফালে চলিছে হত্যাকাৰী-দুৰ্বৃত্তৰ দপ্‌দপনি৷ প্ৰাকৃতিক দুৰ্যোগৰ লগতে অপৰাধ নিয়ন্ত্ৰণতো যেন হাত দাঙি দিছে ৰাজ্যৰ প্ৰশাসনে৷ যেন জুই আৰু পানীৰ খেল চলিছে অসমত৷ ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে৷ জেঠমহীয়া বানে প্ৰলয়ৰ সৃষ্টি কৰা জিলাৰ সংখ্যা ৩১ খনলৈ বৃদ্ধি পাইছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে বলিয়া বানৰ তাণ্ডৱ চলিছে৷ চৰকাৰী তথ্য মতে শেহতীয়া বানত ৰাজ্যৰ ৮ লাখ ৩৬ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷ বাঢ়নী পানীৰ কবলত পৰিছে ৩,২৪৬ খন গাঁও৷ এক লাখ হেক্টৰ কৃষিভূমি পানীৰ তলত বুৰ যোৱাৰ বিপৰীতে নষ্ট হৈছে বহু কৃষি কৰ্ম৷ দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই সদৰি কৰা মতে শনিবাৰৰ দিনটোত বানত মৃত্যু হৈছে ৪ জন লোকৰ৷ শিলচৰত দুজন, ডবকা আৰু কামপুৰত এজনকৈ লোকৰ বানত মৃত্যু হৈছে৷ এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে৷ বৰ্তমান কাচাৰ, দৰং, ডিমা হাচাও, হাইলাকান্দি, হোজাই, কৰিমগঞ্জ, মৰিগাঁও আৰু নগাঁও জিলাৰ ৮০ হাজাৰ লোক আশ্ৰয় শিবিৰত আছে৷ আনহাতে ঘৰ-ভেটি উটি যোৱা বহু লোকে ৰে’ল লাইন আৰু মথাউৰিৰ ওপৰতে দিন ৰাতি একাকাৰ কৰা পৰিলক্ষিত হৈছে৷ বৰাক উপত্যকাৰ তিনিওখন জিলাতে বান পৰিস্থিতি ক্ৰমাত জটিল ৰূপ ধাৰণ কৰাৰ লগতে মধ্য অসমতো বাঢ়নী পানীয়ে ৰাইজক ত্ৰাসিত কৰি তুলিছে৷ নগাঁৱত দিফলুত কলঙৰ শ্লুইছ গেটভাঙি নিয়ে বাঢ়নী পানীয়ে৷ নিশা পানীয়ে শ্লুইছ গেটসহ বান্ধটোৰ একাংশ খহাই পেলায়৷ কলঙৰ পানী নিয়ন্ত্ৰিত হাৰত বোৱাই নিবলৈ শ্লুইছ গেটখন স্থাপন কৰা হৈছিল৷ হৰহৰীয়া জানেৰে পানী বোৱাই নিয়া শ্লুইছ গেটখন পানীয়ে খহাই নিয়াত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল৷ ইফালে মিলনপুৰতো কলঙৰ বাঢ়নী পানীয়ে ভাঙিলে এটা পুল৷ চহৰখনৰ ফৌজদাৰীপট্টি-মিলনপুৰ সংযোগী চন্দন সিং পথত থকা পুলটো শনিবাৰে ভাঙি নিয়ে কলঙৰ পানীয়ে৷ ইপিনে নগাঁও টাউনৰ তেলিয়াগাঁৱত থকা মথাউৰিৰ ওপৰেদি পানী বাগৰিছে৷ লোক নিৰ্মাণ বিভাগৰ মথাউৰিৰ ওপৰেদি পানী বাগৰাত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷ কপিলী, বৰপানী, নিশাৰী নদীৰ বানপানীয়ে নগাঁও জিলাত তাণ্ডৱ চলাই থকাৰ সময়তেই শেহতীয়াভাৱে কলং নৈ জলপৃষ্ঠ বৃদ্ধি হৈ নগাঁও জিলাৰ বিভিন্ন স্থানত ভয়াৱহ ৰূপ লৈছে৷ কপিলী নৈ জলপৃষ্ঠ কিছু পৰিমানে কমিছে যদিও এই মুহূৰ্তত কামপুৰত কপিলী নৈ জলপৃষ্ঠ বিপদসীমাৰ ১.৫৬ মিটাৰ ওপৰৰে বৈ আছে৷ ইপিনে কপিলী, নিশাৰি নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ ননৈ, ৰাঙলু, জুমৰমুৰ, নাথগাঁও, নৈপাম, বৰকলা, কচুপিট, চেংমাৰা, ঘাগৰীয়াল, দক্ষিণপাট, মহমৰীয়া, ডাকৰঘাট আদি বিভিন্ন অঞ্চল জলমগ্ন কৰিছে৷ তুলসীমুখৰ ঘাগৰিয়ালৰ মূল পথটো যোৱা নিশা কপিলীৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে৷ যাৰ ফলত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ বানৰ ফলত এতিয়া নগাঁও জিলাত কেইবাহাজাৰ লোকে বিভিন্ন স্থানত আশ্ৰয় ল’ব লগা হৈছে৷ খাদ্য সামগ্ৰীকে ধৰি বানপীড়িতৰ অন্যান্য সামগ্ৰী আৰু পশুধনৰ আহাৰক লৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ইপিনে বান আৰু খহনীয়াৰ খবৰ ল’বলৈ আজি বিশ্বনাথৰ জিলাৰ গহপুৰ সমষ্টিত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ শনিবাৰে পুৱা ১১ বজাত গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান, গহপুৰ নগৰৰ মাজ মজিয়াৰে বৈ যোৱা চত্ৰং নদীয়ে সৃষ্টি কৰা বান-খহনীয়াৰ স্থান সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰিকাই৷ বানপানী খহনীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এখন দলং আৰু নগৰৰ ৮ নং ৱাৰ্ডত এটা পথ বানপানীৰ ফলত ছিঙি যোৱাত নগৰখনৰ বহু কেইটা অঞ্চল ক্ষতিগ্ৰস্ত হয়৷ উক্ত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ লগত মত বিনিময় কৰে মন্ত্ৰীজনে৷ ইপিনে, ডিমা হাচাওতো পৰিৱেশ আজিও অপৰিৱৰ্তিত হৈ আছে৷ ভূমিস্খলন হ্ৰাস পাইছে যদিও প্ৰাকৃতিক দুৰ্যোগে ক্ষতিগ্ৰস্ত কৰা বাট-পথসমূহ প্ৰশাসনে আজিও সম্পূৰ্ণ মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই৷

কলঙৰ বাঢ়নী পানীত বিপৰ্যস্ত নগাঁও চহৰ

কলঙৰ বাঢ়নী পানীয়ে বিপদ কঢ়িয়াই আনিছে নগাঁও চহৰ আৰু কাষৰীয়া অঞ্চললৈ৷ প্ৰতি মুহূৰ্ততে বাঢ়ি আছে কলং৷ কপিলী নৈৰ বাঢ়নী পানী সোমোৱাৰ ফলত ফেনে ফোটোকাৰে উপচি পৰা কলঙৰ পানী চহৰখনৰ মৰাকলং, মৰিকলং আদি সুঁতি-জলাশয়ত সোমাই পৰাৰ লগতে কাষৰীয়া বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে৷ চহৰখনৰ খাগৰিজান কলেজৰ সমীপৰ পৰা মিলনপুৰলৈ থকা গৰকাপ্টানি পথৰ একাংশ যোৱা নিশা কলঙৰ বাঢ়নী পানীয়ে ভাঙি পেলায়৷ পথটো বাঢ়নী পানীয়ে ভাঙি পেলোৱাৰ ফলত মিলনপুৰ আৰু কাষৰীয়া অঞ্চলৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ কলঙৰ বাঢ়নী পানীত মিলনপুৰৰ বহু ঠাই জলমগ্ন হৈ পৰিছে৷ কলঙৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে নগাঁও পুলিছ ৰিজাৰ্ভলৈকো৷ নগাঁও চহৰৰ ডিফলুত কলঙৰ এখন শ্লুইচ গেট বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত সেই ফালেৰে হৰহৰীয়া জানেৰে পানী সোমোৱাৰ ফলত এক বৃহত্তৰ অঞ্চললৈ ভাবুকি আহিছে৷ কলঙৰ পানী খেতিপথাৰলৈ নিয়ন্ত্ৰিত গতিত বোৱাই নিয়াৰ বাবে ডিফলুত এই শ্লুইচ গেটখন স্থাপন কৰা হৈছিল৷ গেটখন ভাঙি যোৱাৰ পাছত হৰহৰীয়া জানেৰে পানী সোমোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোকসকল৷ টাউন তেলিয়াগাঁৱত জলসম্পদ বিভাগৰ এটা মথাউৰিৰ ওপৰেদি পানী বাগৰাত হাহাকাৰ লাগিছে স্থানীয় লোকৰ মাজত৷ নেহৰুবালি কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা বাবে তাত আৰম্ভ হোৱা হনুমান মেলা বন্ধ কৰি দিয়া হৈছে৷ বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কপিলী, বৰপানী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন হৈ পৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল৷  শেহতীয়াকৈ কলং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে ডাকৰঘাট, শেনছোৱাৰ বিভিন্ন স্থানৰ লগতে নগাঁও পৌৰসভাৰ অন্তৰ্গত মিলনপুৰ, ভূঞাপট্টিকে ধৰি কলং আৰু মৰাকলঙৰ কাষৰ ঠাইসমূহ৷ শেনচোৱাত এটা গৰকাপ্টানি পথ বাঢ়নী পানীত ডুব গৈছে৷ কলং নৈৰ বাঢ়নী পানীয়ে নগাঁও চহৰৰ মিলনপুৰ, ভূঞাপট্টি, খুটিকটীয়া, আৰু শেনছোৱা, ডাকৰঘাট অঞ্চলৰ বিভিন্ন স্থানত বানৰ সৃষ্টি কৰিছে৷ 

যমুনামুখত বানত উটি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ এজন সন্ধানহীন

প্ৰলয়ংকাৰী বানে উটুৱাই লৈ যোৱা এজন যুৱকৰ মৃতদেহ আজি যমুনামুখৰ ভেৰভেৰী অঞ্চলত উদ্ধাৰ হয়৷ যুৱকজনক নাম আজিজুল হক৷ তেওঁৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে৷ যুৱকজন যোৱা ১৮ মে’ত তীব্ৰবেগী পানীৰ সোঁতে উটুৱাই লৈ গৈছিল৷ ইপিনে, যোৱা ১৮ মে’ত বানত উটি যোৱা এজন যুৱক আজিও সন্ধানহীন হৈ আছে৷ বাতৰি অনুসৰি, যমুনামুখৰ সমীপৰ বৰজাৰী মাজগাঁৱৰ মিনহাজ উদ্দিন উদ্দিন নামৰ যুৱকজন যমুনামুখ-সৰুপথাৰৰ ডেকেৰুৱা গাঁৱৰ পথৰ পৰা বানে উটুৱাই লৈ গৈছিল৷ নিশা দহ বজাত উটুৱাই লৈ যোৱা যুৱকজনক সহায় কৰিবলৈ সেই সময়ত নাও বা এন ডি আৰ এফৰ কৰ্মী নাছিল৷ ফলত পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানৰ বাবে কোনো ব্যৱস্থা কৰিব পৰা নাছিল৷ যুৱকজনক বানে উটুৱাই লৈ যোৱাৰ আজি তিনি দিন হ’ল যদিও আজিলৈ উদ্ধাৰ নহ’ল৷ পৰিয়ালৰ লোকে স্থানীয় নাৱৰীয়াৰ সহযোগত যুৱকজনৰ সন্ধান কৰি আছে৷ পত্নীৰ ঔষধ আনিবলৈ গৈ সন্ধানহীন হোৱা যুৱকজনৰ পৰিয়ালৰ লোকৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে৷ ৩৭ বছৰীয়া যুৱকজনক বানে উটুৱাই লৈ যোৱাৰ পাছতো প্ৰশাসনে উদ্ধাৰৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে, আজি পঞ্চম দিনা হোজাই জিলাৰ বান সামান্য কমি আহিছে যদিও পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ এতিয়াও অৰ্ধশতাধিক গাঁও পানীৰ তলত আছে৷ ভয়ংকৰ মানৱীয় সংকটৰ সময়ত চৰকাৰ-প্ৰশাসনৰ সমানে বেচৰকাৰী সংস্থায়ো বান পীড়িত লোকসকলক আগবঢ়াই আহিছে বান সাহায্য৷ প্ৰথম দিনৰে পৰা উদ্ধাৰ অভিযানৰ সমান্তৰালভাৱে সাহায্য সামগ্ৰী বিতৰণ কৰি আহিছে ডবকাৰ সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে৷ আজি সংস্থাটোৱে বানে বিধবস্ত কৰা যমুনামুখ সমষ্টিৰ নগঞাপাম পঞ্চায়তৰ ভেৰভেৰী, লালুংগাঁও আৰু বুঢ়ীবস্তী অঞ্চলত দুখন নাৱেৰে সাহায্য সামগ্ৰী লৈ বন্যাৰ্তৰ মাজত থিয় দিয়ে৷ সংস্থাটোৰ সভাপতি মোহাম্মদ আব্দুল জলিলে নাৱেৰে গৈ বানত আবদ্ধ হৈ পৰা লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে৷ চাউল-দাইলৰ লগতে চিৰা, আমুল তাজা, চেনি, মমবাতি, দিয়াচলাই আদি বিতৰণ কৰে৷ এই সাহায্য বিতৰণত সংগ দিয়ে যমুনামুখৰ সাংবাদিক সুব্ৰত সৰকাৰ, অসম যুৱ পৰিষদৰ উপ-সভাপতি জিয়া চৌধুৰী, সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, শিক্ষক মহিউদ্দিন, তাজ উদ্দিন বৰভূঞা, আব্দুচ চুবুৰ [হীৰা], ডবকাৰ লুৎফুৰ ৰহমান আৰু টুটন কান্তি ৰয়ে৷