Logo
image

আৰক্ষী জিম্মাত যুৱকৰ মৃত্যু উন্মত্ত লোকে জ্বলালে থানা বন্দুক-বাৰুদ-গাড়ী ভস্মীভূত

আমাৰ অসম, ২২ মে’: মহিলাসহ একাংশ উন্মত্ত প্ৰতিবাদকাৰীয়ে শনিবাৰে বটদ্ৰৱা থানাত লংকা কাণ্ড সংঘটিত কৰে৷ আৰক্ষীক আক্ৰমণ কৰাৰ উপৰিও প্ৰতিবাদকাৰী মহিলাই অগ্নিসংযোগ কৰাৰ ফলত নিৰ্মিষতে ধবংস স্তুপত পৰিণত হয় বটদ্ৰৱা থানা৷ জুইত ভস্মীভূত হয় থানাৰ নথিপত্ৰ-যানবাহন আৰু অস্ত্ৰ-শস্ত্ৰ৷ দুগৰাকী প্ৰতিবাদকাৰী মহিলাই নিজ হাতে বটলত পেট্ৰল আনি থানা চৌহদত থকা বাইকত ইয়াক ঢালি ইয়াত অগ্নিসংযোগ কৰে৷ ফলত নিমিষতে দাও দাওকৈ জ্বলি উঠে থানা গৃহ৷ ইয়াৰ পূৰ্বে উত্তেজিত প্ৰতিবাদকাৰীয়ে থানাখনত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত জপিয়াই পৰে৷৷ আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ সংঘটিত কৰাৰ উপৰিও থানাখনৰ সা-সম্পত্তি ওপৰত ধবংস কাৰ্য চলায়৷ উল্লেখ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ইতিহাসত আতাইতকৈ কলংকিত দিন হিচাপে চিহ্নিত হল আজিৰ দিনটো৷ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উন্মত্ত জনতাই জ্বলাই চাৰখাৰ কৰে সত্তৰ দশকতে প্ৰতিষ্ঠা লাভ কৰা বটদ্ৰৱা আৰক্ষী থানা৷ শুকুৰবাৰে নিশা বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰিৰ পৰা সুৰামত্ত অৱস্থাত ছালনাবড়ি নিৱাসী ছফিকুল ইছলাম নামৰ এজন লোকক আৰক্ষীয়ে উদ্ধাৰ কৰি আনে৷ শনিবাৰে পুৱা ছফিকুল ইছলামৰ স্বাস্থ্যৰ অৱনতি ঘটাত আৰক্ষীয়ে তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে৷ তাতে আজি পুৱা ৯.৩০ বজাত লোকজনৰ মৃত্যু হয়৷ পাছত বটদ্ৰৱা আৰক্ষী থানালৈ ছফিকুল ইছলামৰ মৃতদেহ অনা হয়৷ কিন্তু ইছলামৰ পৰিয়াল আৰু ছালনাবড়িৰ স্থানীয় লোকে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰি থানাৰ সন্মুখন মৃতদেহ থৈ থানা ঘেৰাও কৰে৷ বটদ্ৰৱা থানৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ অনুপস্থিতিত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ উন্মত্ত জনতাক বাধা দিবলৈ অহা আৰক্ষীকো মাৰ পিট কৰে৷ লগে লগে বটদ্ৰৱা থানৰ চৌহদত হাজাৰ হাজাৰ লোকে ভংয়কৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰত্যক্ষদৰশীৰ মতে সেই উন্মত্ত লোকৰ মাজৰ পৰা প্ৰথমে এগৰাকী মহিলাই থানাত গৈ অগ্নিসংযোগ কৰে৷ ৩.৪৫ বজাত সংঘটিত এই অগ্নি সংযোগৰ ঘটনাত বটদ্ৰৱা আৰক্ষী থানাৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ নথি পত্ৰ, আৰক্ষীৰ বন্দুক, পিষ্টল, অপৰাধীৰ পৰা জব্দ কৰা অবৈধ মাৰনাস্ত্ৰ, বেংকৰ নথিপত্ৰ, ৮খন বাইক সহ সম্পূৰ্ণ গৃহতো জ্বলি ছাই হয়৷ ইয়াৰ পাছত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেকে আদি কৰি আৰক্ষীৰ উচ্ছ পদবীৰ বিষয়া সকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বটদ্ৰৱাৰ স্থানীয় সাংবাদিকৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নুমুৱাবলৈ চেষ্টা কৰে৷ ইফালে মৃত ছফিকুল ইছলামৰ পৰিয়ালৰ অভিযোগ অনুসৰি বটদ্ৰৱা থানাৰ আৰক্ষীয়ে এটা হাঁহ আৰু দহহেজাৰ টকাৰ বাবেই চৌহদৰ ভিতৰত মৰিয়াই মৰিয়াই হত্যা কৰে ছফিকুলক৷ পৰিয়ালৰ মতে ধিঙৰ ছালনাবড়িৰ ছফিকুল ইছলামে শুকুৰবাৰে নিশা ১০ বজাত মাছৰ ব্যৱসায়ৰ বাবে শিৱসাগৰলৈ ৰাওনা হওতেই বটদ্ৰৱা আৰক্ষীয়ে তালাচি চলাই বটদ্ৰৱা থানালৈ লৈ যায়৷ বটদ্ৰৱা থানাৰ আৰক্ষীয়ে এটা হাঁহ আৰু দহহেজাৰ টকা মুক্তিৰ বাবে দাবী কৰে৷ কিন্তু এই টকা দিব নোৱাৰাৰ বাবেই চৌহদৰ ভিতৰত মৰিয়াই মৰিয়াই হত্যা কৰা হয় ছফিকুলক৷ ছালনাবড়িৰ স্থানীয় ৰাইজে প্ৰথমতে বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি আৰক্ষী লগত হতাহতি আৰু থানা ভাঙি লণ্ড ভণ্ড কৰি থানাৰ বেৰিকেত লৈ প্ৰথম অৱস্থাত পথ বন্ধ কৰে৷  পৰিয়ালৰ পৰা পোৱা অভিযোগমতে টকা দহ হেজাৰ আৰু হাঁহ বিচাৰে যদিও ছফিকুলৰ পত্নীয়ে কেৱল হাঁহ দিয়াত পত্নীৰ সন্মুখতেই প্ৰহাৰ কৰে ছফিকুলক৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে টকা লৈ থানালৈ আহে যদিও ছফিকুল ইছলামক বিচাৰখুচাৰ কৰাত তেওঁলোকে ইতিমধ্যে চিকিৎসালয় লৈ প্ৰেৰণ কৰে বুলি জনায় কিন্তু পৰিয়ালে নগাঁৱত মৰনোত্তৰভাৱে তেওঁক ঘৰত হে উদ্ধাৰ কৰে৷ ইয়াৰ পিছতেই মৃতদেহ লৈ বটদ্ৰৱা আৰক্ষী পহৰা চকীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থানা ঘেৰাও কৰে৷ এই ঘটণাত ৰাইজৰ প্ৰহাৰত দুজন আৰক্ষীৰ লোক আহত হয়৷ আজিৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে৷ প্ৰথম অৱস্থাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে পৰিস্থিতি ভয়াবহতা উপলব্ধি কৰিব নোৱাৰাৰ বাবেও পৰিস্থিতিৰ অৱনতি ঘটা বুলি বিভিন্ন দল সংগঠনে মত প্ৰকাশ কৰিছে৷