Logo
image

নিশাটোৰ বাবে আহি আজি পুনৰ দিল্লীলৈ মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ, বান সাহায্যৰ অনুৰোধ

আমাৰ অসম, ২২ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰাজ্যৰ শেহতীয়া ভয়াৱহ বান-ভূমিস্খলনৰ পৰিস্থিতিৰ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে বানৰ কৰাল গ্ৰাসত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত চমুকৈ বৰ্ণনা কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ওচৰত বান সাহায্যৰ বাবেও অনুৰোধ জনায়৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ [এছ জি আৰ এফ] পৰা প্ৰাৰম্ভিকভাৱে বান সাহায্যৰ বাবেও অনুৰোধ জনায়৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ [এছ জি আৰ এফ] পৰা প্ৰাৰম্ভিকভাৱে বান সাহায্য প্ৰদানৰ অনুমতি লাভ কৰিলেও ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ [এন ডি আৰ এফ] পৰা বিশেষ আৰ্থিক সাহায্যৰ বাবেও মুখ্যমন্ত্ৰীয়ে মোদীক অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে আজি দুপৰীয়া ১২.৩০ বজাত বিশেষ বিমানযোগে দিল্লীলৈ আহি পোৱা মুখ্যমন্ত্ৰীজনে সন্ধিয়া প্ত বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নিশাৰ ভাগতেই গুৱাহাটীলৈ উৰা মাৰে৷ দেওবাৰে মুখ্যমন্ত্ৰীজনে পুনৰ বিশেষ বিমানযোগে দিল্লী আহি পোৱাৰ কথা৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত মেমুখপত্ৰ ক্ৰ পাঞ্চজন্য আৰু অৰ্গানাইজাৰ উদ্যোগত দিল্লীৰ পঞ্চ তৰাকা হোটেল অশোকত কাইলৈ অনুষ্ঠিত হ’বলগীয়া মিডিয়া মহামন্থন শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবেই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পুনৰ দিল্লী ভ্ৰমণ কৰিব৷