Logo
image

ফেশ্বন ডিজাইনাৰ ঋতু বেৰীয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক

আমাৰ অসম, ২৩ মে’: অসমৰ হস্তশিল্প তথা বস্ত্ৰশিল্পত প্ৰচুৰ সম্ভাৱনা নিহীত হৈ আছে৷ সেয়েহে অসমৰ বস্ত্ৰশিল্পৰ সৈতে কাম কৰিবলৈ বিচাৰিছে প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ ঋতু বেৰীয়ে৷ ‘দ্যা লাক্‌জাৰি লীগ’ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষজনে আজি দিল্লীৰ আছাম হাউছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে৷ ড॰ শৰ্মাক সাক্ষাৎ কৰি তেওঁ অসমৰ বস্ত্ৰ শিল্পৰ লগতে জুয়েলাৰীৰ দিশতো কাম কৰাৰ বাবে চৰকাৰৰ সহায়-সহযোগিতা কামনা কৰে৷ সাংবাদিকৰ আগত অসমৰ মুখ্যমন্ত্ৰীজনক এগৰাকী ‘ডাইনামিক’ ব্যক্তি হিচাপে চিহ্নিত কৰি তেওঁ কয় যে মোৰ ফেশ্বনৰ কামকাজত অসমৰ বস্ত্ৰশিল্পক ব্যৱহাৰ কৰিব বিচাৰিছো৷ ইয়াৰ বাবে মই শীঘ্ৰে অসম ভ্ৰমণ কৰিম৷ এইক্ষেত্ৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সহায়-সহযোগ কমনা কৰি মই আজি তেওঁক সাক্ষাৎ কৰিলোঁ৷ অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনৰ বিশেষ ভূমিকা আছে৷ সেয়েহে অসমৰ বস্ত্ৰশিল্পক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰৰ সৈতে মই কাম কৰিব বিচাৰিছো বুলি বিখ্যাত ফেশ্বন ডিজাইনাৰ বেৰীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে৷ অসমৰ বস্ত্ৰ শিল্পক লৈ কাম কৰিব পাৰিলে মই নিজকে ভাগ্যবান বুলি ভাবিম বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ গৰাকীয়ে৷