Logo
image

হাতত ৱাকি টকী! এইবাৰ ওলাল ভুৱা চিএম ভিজিলেন্স

আমাৰ অসম, ২৩ মে’: কি যে নহয় অসমত! চৌদিশে দুৰ্নীতি চানি ধৰা অসমত হাতত ৱাকি-টকী লৈ ‘আবিৰ্ভাৱ’ হ’ল ভুৱা চি এম ভিজিলেঞ্চ৷ চি এম ভিজিলেঞ্চ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল ৫ ভুৱা চি এম ভিজিলেঞ্চৰ বিষয়া৷ এজন ঠিকাদাৰক ধনদাবী কৰিছিল ৫ জনীয়া ভুৱা চি এম ভিজিলেঞ্চৰ দলটোৱে৷ দাবী কৰা ধন নিবলৈ আহি হাতে-লোতে ধৰা পৰে ৫ জনীয়া ভুৱা চি এম ভিজিলেঞ্চৰ দলটো৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জি কলিতাৰ নেতৃত্বত চলিছিল অভিযান৷ প্ত ভুৱা চি এম ভিজিলেঞ্চৰ বিষয়াক আটক কৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দিছপুৰ থানাত গতাই দিয়ে৷ চাহ নিলাম কেন্দ্ৰত অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযানকাৰী দলটোৱে৷ চক্ৰটোৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা ৱাকি-টকী, দুখন বিলাসী গাড়ী, কেইবাটাও মোবাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী৷ গ্ৰেপ্তাৰ হোৱা ভুৱা চি এম ভিজিলেঞ্চৰ বিষয়াকেইজন হৈছে প্ৰত্যুষ ফুকন, সুৰেশ শইকীয়া, হিৰণ্য হাজৰিকা, কিশোৰ বৰুৱা আৰু প্ৰিন্স বৰা৷ ইয়াৰে সুৰেশ শইকীয়াৰ ঘৰ ডিব্ৰুগড় জিলাত৷ ধনদাবী কৰাৰ সময়ত বহু মন্ত্ৰীৰ নাম লয় ধৃত ভুৱা চি এম ভিজিলেঞ্চৰ দলটোৱে৷ এজন ঠিকাদাৰৰ পৰা প্ৰায়েই ধনদাবী কৰি আহিছিল৷ দেওবাৰে দাবী কৰা ধন নিবলৈ আহোতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ হাতত ধৰা পৰে ভুৱা চি এম ভিজিলেঞ্চৰ দলটো৷ সুৰেশ শইকীয়া আছিল সমগ্ৰ ঘটনাটোৰ মাষ্টাৰমাইণ্ড৷ জব্দ কৰা বাহন দুখনত ‘মিনিষ্টাৰ ডিউটি’ বুলি ষ্টিকাৰ লগোৱা আছিল৷ সম্প্ৰতি দিছপুৰ থানাত পাছ ভুৱা চি এম ভিজিলেঞ্চৰ দলটোক জেৰা চলাই থকা হৈছে৷ দলটোৱে নিজকে চি এম ভিজিলেঞ্চৰ বিষয়া বুলি চিনাকি দি বিভিন্নজনক ধনদাবী কৰি আহিছিল৷