Logo
image

পুৱাই চলিল বুলড’জাৰ অভিযুক্তৰ ঘৰ উৎখাত

আমাৰ অসম, ২৩ মে’: বটদ্ৰৱা থানাত শনিবাৰে সংঘটিত লংকা কাণ্ডৰ পিছতে দেওবাৰে পুৱাই নগাঁও আৰক্ষী সদলবলে আৰু সু-সজ্জিত হৈ উপস্থিত হয় ছালনাবড়ি গাঁৱত৷ পুৱাৰে পৰা এক যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় গাঁৱখনত৷ উল্লেখ্য যে বটদ্ৰৱা থানা জ্বলোৱা লোকসকলৰ বসতিস্থল হ’ল ছালনাবড়ি গাঁও৷ পুৱতি নিশা ৩ বজাত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হয় গাঁওখনত৷ গাঁওখনত উপস্থিত হোৱাৰ পিছতে পুৱা প্ৰায় ৬ বজাৰ পৰা ছালনাবড়ি গাঁৱত আৰম্ভ হয় আৰক্ষী প্ৰশাসনৰ উচ্ছেদ অভিযান৷ জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত গাঁওখনৰ ইমান আলী, মজিবুৰ ৰহমান, ছফিকুল ইছলাম, ৰফিকুল ইছলামৰ গৃহ বুলডজাৰ লগাই সম্পূৰ্ণ ৰূপে ভাঙি দিয়া হয়৷ নিৰ্মিষতে ধবংসস্তুপত পৰিণত হয় এই লোক চাৰিজনৰ বাসগৃহ৷ প্ৰায় দুঘণ্টা ধৰি চলে এই উচ্ছেদ অভিযান৷ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল ইদগাৰৰ বাসগৃহত আৰক্ষীয়ে বুলডজাৰৰ লগাই সম্পূৰ্ণ ৰূপে ভাঙি পেলায়৷ ইপিনে আজি পুৱা ছালনাবড়িত আৰক্ষীৰ উপস্থিতিত বটদ্ৰৱা আৰক্ষীৰ জিন্মাত মৃত্যু হোৱা ছফিকুল ইছলামৰ জানাজা সম্পূৰ্ণ হয়৷ আনহাতে আৰক্ষীয়ে মজিবুৰ ৰহমান, ছানমা খাতুন, ফৰিছা খাতুন, নুৰজাহান, মাজনি বেগম, ৰুকিয়া খাতুন, ছাবিনা বেগম, ৰাশ্বিদা খাতুনকে ধৰি ২২জন পুৰুষ মহিলাক আজি পুৱা আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায়৷ উল্লেখ্য যে, মজিবুৰ ৰহমান আৰু মৃত ছফিকুল ইছলাম সম্বন্ধত  ভাই-ককাই৷ স্থানীয় লোকে দাবী কৰা অনুসৰি আজি আৰক্ষীয়ে বুলডজাৰ লগাই সম্পূৰ্ণ ৰূপে যিসকলে লোকৰ ঘৰ ভাঙি দিয়ে সেই ঘৰ সমূহ ম্যাদি মাটিত আছিল৷ মাটি বিলাক তেওঁলোকে কিনি লোৱা আছিল৷ প্ৰায় ১৫ বছৰ আগতে এই মাটি ক্ৰয় কৰিছিল৷ মজিবুৰ ৰহমান আৰু মৃত ছফিকুল ইছলামে৷ আনহাতে আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰা অধিকাংশ মহিলা আৰু পুৰুষৰ এই পৰিয়াল দুটাৰ সদস্য৷ পৰিয়াল দুটাৰ অধিকংশ সদস্যই শনিবাৰে বটদ্ৰৱা থানালৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে থানা আৰু আৰক্ষীৰ ওপৰত সংঘটিত কৰা ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল৷ আজিৰ উচ্ছেদৰ সমান্তৰালভাৱে সমস্ত গাঁওখনৰ বিশাল নিৰাপত্তা ৰক্ষী মোতায়েন কৰা হয়৷ বটদ্ৰবা থানাৰ পৰা ছালনাবড়ি গাঁৱৰ দূৰত্ব প্ৰায় ৩/৪ কিলোমিটাৰ৷ ছালনাবড়ি গাঁৱৰ পৰাই অধিকাংশ লোক বটদ্ৰৱা থানা আক্ৰমণ কৰিবলৈ গৈছিল৷ আৰক্ষীয়ে আটক কৰা ২২জনৰ ভিতৰত চ্ছ্ৰ জনী নাবালিকাও আছে৷