Logo
image

‘অসমৰ চাহক বিদেশত বদনামী কৰিছে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে’

আমাৰ অসম, ২৩ মে’: ৰাজ্যৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে৷ এনে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত জধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ নকৰি উৎপাদন কৰা চাহৰ বাবেই ৰাজ্যৰ বিশ্বখ্যাত চাহৰ মানো নিম্নগামী হৈছে আৰু ইয়াৰ বাবেই নিলামত অসমৰ চাহে বহু সময়ত উপযুক্ত মূল্য লাভৰ ক্ষেত্ৰটো বঞ্চিত হৈছে৷ ৰাজ্যৰ বহু কাৰখানাত উচ্ছমানৰ চাহ উৎপাদনৰ ক্ষেত্ৰত সুখ্যাতি থকা তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত প্ৰশান্ত কুমাৰ নাথে এইদৰে মন্তব্য কৰে৷ উল্লেখ্য যে আজি বিশ্বনাথৰ বাকোলাস্থিত পদুমনি চাহ উৎপাদন কাৰখানাত ইয়াত উৎপাদিত ‘পাৰিজাত’ চাহৰ বিভিন্ন প্ৰকাৰৰ পেকেট সমূহ উদ্বোধনী অনুষ্ঠানত চাহ উৎপাদনৰ বিশেষজ্ঞজনে লগতে কয় যে, ৰাজ্যত বৰ্তমান বহুসংখ্যক শিক্ষিত যুৱক চাহ উৎপাদনৰ বাবে আগবাঢ়ি আহিছে নতুন সংকল্পৰে৷ এইসকলৰ প্ৰচেষ্টাত ৰাজ্যৰ গৌৰৱ চাহৰো মান উন্নত হ’ব৷ তেওঁ লগতে প্ৰকাশ কৰে যে, দিনটোত চাৰিকাপ উচ্ছ মানৰ গাখীৰ বিহীন চাহ পান কৰিলে উচ্ছ ৰক্তচাপ, হৃদযন্ত্ৰ, মধুমেহ, চুলি বৃদ্ধি, বৃক্কত পাত্থৰ হোৱা তথা বিভিন্ন ৰোগৰ প্ৰতিৰোধত সুফল লাভ কৰাৰ বিষয়ে ইতিমধ্যে গৱেষণাত প্ৰতিপন্ন হৈছে৷ তেওঁ লগতে কয় যে, পদুমনি চাহ উৎপাদন কাৰখানাত উৎপাদিত চাহৰ মান ৰাজ্যৰ সৰ্বোত্তম মান বিশিষ্ট চাহ উৎপাদনকাৰী পাঁচটা কাৰখানাৰ ভিতৰত এটা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ৷ উল্লেখ্য যে, গুণগত চাহ উৎপাদনৰ বাবে ইতিমধ্যেই হংকঙত আন্তৰাষ্ট্ৰীয় ভাবে সন্মানিত এইজন বিশেষজ্ঞ নাথে কয় যে, কুমলীয়া দুটি পাত আৰু ছয়-সাতদিনৰ ভিতৰৰ কেঁচা পাত উন্নত মানৰ চাহৰ বাবে সৰ্বোত্তম৷ উল্লেখ্য যে, ১৯৯৭ত মাত্ৰ ৫০বিঘা মাটিত যৌথভাৱে চাহ খেতি আৰম্ভ কৰি চন্দন মহন্ত, প্ৰাঞ্জল বৰুৱা, অৰুণ ভৰালী আৰু মঞ্জিত ভূঞা নামৰ উদ্যমী যুৱক চাৰিজনে বৰ্তমান চাৰে চাৰিশ বিঘাৰ অধিক ভূমিত চাহ খেতি কৰি থকাৰ পাছত ১৯১৭ত পদুমনি চাহ কাৰখানা স্থাপন কৰে৷ সম্প্ৰতি ইয়াৰ পৰাই উচ্ছ মানৰ লগতে দেশে- বিদেশে ৰাজ্যৰ চাহৰ সুনাম অক্ষুণ্ণ ৰখাৰ সংকল্প লোৱা এইসকল যুৱ উদ্যোগীয়ে মুখ্য পৰিচালন সঞ্চালক তথা বিভিন্ন বিধ চাহৰ উৎপাদক প্ৰশান্ত কুমাৰ নাথৰ সহযোগত পাৰিজাত চাহৰে বজাৰ দখল কৰিবলৈ আগবাঢ়িছে৷ আজি স্থানীয় সমাজকৰ্মী তথা লেখক মুক্তি হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশ লৈ সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈয়ে পাৰিজাত চাহৰ পেকেটসমূহ মুকলি কৰে৷ তেওঁ সাহস আৰু চেষ্টা তথা সদিচ্ছা থাকিলে ভাল কাম কৰাটো সম্ভৱ বুলি মন্তব্য কৰি এই প্ৰয়াসে সফলতা লাভ কৰিব বুলি মন্তব্য কৰে৷ আনহাতে, অসম টি ব্ৰকাৰ্ছৰ এজন বিষয়ববীয়া প্ৰদীপ কুমাৰ বৰ্মনে কয় যে দেশে-বিদেশে অসমৰ চাহৰ সুনামৰ বিষয়টো নিৰ্ভৰ কৰিছে ৰাজ্যখনৰ কেঁচা চাহপাত উৎপাদনকাৰী সকলৰ ওপৰত৷ তেওঁলোকে বুঢ়া কেঁচা চাহপাত য’দি বিক্ৰী কৰে তাৰ উৎপাদনো নিম্ন হ’ব বুলি প্ৰকাশ কৰে৷ সভাত জামুগুৰি চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাপতি সংগ্ৰাম ৰাজবংশী, ক্ষুদ্ৰ চাহখেতিয়ক ৰামজিৎ কোঁৱৰ, গোপাল থাপা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক মানসজ্যোতি ভূঞাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷