Logo
image

বান সাহায্যৰ বাবে ৰাইজৰ পৰা বৰঙণি বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

২২খন জিলাত বানৰ তাণ্ডৱ, হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী

আমাৰ অসম, ২৪ মে’: মানৱসৃষ্ট প্ৰাকৃতিক দুৰ্যোগত বিধবস্ত ৰাজ্য৷ এফালে যদি ভূমিস্খলনত বাট-পথ, ৰে’ল লাইনৰ চিন-মোকাম নোহোৱা অৱস্থা, আনফালে আকৌ বলীয়া বাবে মথাউৰি ছিঙি নিয়াৰ ফলত বাঢ়নী পানীত ঘৰ-ভেটি হেৰুৱাই আশ্ৰয় শিবিৰত দিন-ৰাতি একাকাৰ কৰা দুৰ্ভগীয়া নাগৰিকৰ হা-হুমুনিয়াহ৷ এনে পৰিস্থিতিত ৰাজ্যত প্ৰলয়ৰ সৃষ্টি কৰা বান আৰু ভূমিস্খলনৰ বিৰুদ্ধে যুঁজ দিবলৈ অৱশেষত ৰাইজৰ ওচৰত হাত পাতিলে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে৷ ৰাজ্যৰ বান-ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুক্তহস্তে বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই৷ ছ’চিয়েল মিডিয়া যোগে ৰাইজলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক একাউণ্ট নম্বৰো মুকলি কৰি দিছে৷ বেংক ট্ৰেন্সফাৰ অথবা ইউ পি আই-আই ডিৰ জৰিয়তেও সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াব পাৰিব বুলি উল্লেখ কৰিছে৷ অৱশ্যে ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে বান-ভূমিস্খলনৰ বাবে সাহায্য পুঁজিলৈ ধন বিচাৰি পোষ্ট দিয়াৰ পাছতেই বিভিন্নজনে সমালোচনা কৰা দেখা গৈছে৷ বিয়া-সবাহ খাবলৈ হেলিকপ্টাৰ উৰুওৱা মুখ্যমন্ত্ৰীয়ে বান-ভূমিস্খলনৰ বাবে ৰাইজৰ পৰা কিয় টকা বিচাৰিব লগীয়া হৈছে বুলিও ছ’চিয়েল মিডিয়াত বিভিন্নজনে প্ৰশ্ন কৰা দেখা গৈছে৷ ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ পোষ্টটোৰ কমেণ্টত এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চৰকাৰখনৰ হাতত পইচাৰ বানপানী হৈ থকা বুলি বক্তব্য ৰখা এটা পুৰণি ভিডিঅ’ আপলোড কৰি সাহায্য বিচৰাতকৈ মুখ্যমন্ত্ৰীক দিল্লীৰ পৰা দিছপুৰলৈ অহা টকাৰ পাইপৰ টেপটো খুলি দিবলৈ নকয় কিয় বুলিও সমালোচনা কৰা দেখা যায়৷ তদুপৰি বাহাজ উদ্দিন আহমেদ নামৰ এজনে আকৌ ক’ভিডৰ সময়ত জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা টকাসমূহৰ খৰচৰ খতিয়ান ৰাজহুৱা কৰিবলৈও দাবী জনায়৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে বান-ভূমিস্খলনৰ ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিলেও ডিমা-হাচাও ৰে’ল পথৰ মেৰামতিৰ বাবে ইতিমধ্যে ১৮০ কোটি টকা পুঁজি আগবঢ়োৱা কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ তদুপৰি ৩১ মে’ৰ ভিতৰত মাইবঙৰ পৰা হাৰাংগাজাওৰ ৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিধবস্ত পথছোৱা মেৰামতি কৰি তুলিব বুুলিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষই প্ৰকাশ কৰিছে৷ এই কথা খোদ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছে৷ ইপিনে মুখ্যমন্ত্ৰীয়ে ধন বিচাৰি আহ্বান জনোৱাৰ পাছতেই সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ বাবে ইতিমধ্যে বিজেপি বিধায়কসকলৰ মাজত লৰা-ঢপৰা লাগিছে৷ কোনে সোনকালে মোটা অংকৰ ধন দিব পাৰে তাক লৈ বিধায়ক তথা নেতাসকল অঘোষিত প্ৰতিযোগিতাত নামি পৰা বুলিও খোদ বিজেপি ভিতৰচ’ৰাতে চৰ্চা চলিছে৷ মুখ্যমন্ত্ৰীয়ে ধন বিচাৰি ছ’চিয়েল মিডিয়াযোগে আহ্বান জনোৱাৰ মুহূৰ্তত ব্যৱধানতে লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাই এমাহৰ দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়৷ বিধায়কৰ মানৱ ডেকাই আগবঢ়োৱা চেক মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া যোগে ৰাজহুৱাও কৰিছে৷

ৰাজ্যৰ ২২খন জিলা এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হ’লেও বৰ্তমানো ২২খন জিলা বাঢ়নী পানীৰ তলতে আছে৷ বৰাকৰ তিনিওখন জিলাৰ লগতে নগাঁও-হোজাই জিলাত বানৰ প্ৰকোপ যেন শাম কটা নাই৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ ৫৬টা ৰাজহ চক্ৰৰ ১৭০৯খন গাঁও পানীত বুৰ গৈ আছে৷ ব্ৰহ্মপুত্ৰৰ পানী কিছু শুকালেও কামপুৰত কপিলীৰ জলপৃষ্ট এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে৷ তদুপৰি ৭ লাখ লোকে বাঢ়নী পানীৰ সৈতে সহৱস্থান কৰি থকাৰ বিপৰীতে ৮ হাজাৰ হেক্টৰ কৃষিভূমি পানীত ডুব গৈ আছে৷ দুৰ্ভাগ্যজনকভাৱে সোমবাৰে বানত পুনৰ দুজন লোকৰ মৃত্যু হয়৷ কামপুৰত বেজীয়া দাস নামৰ এজন লোকৰ বিপৰীতে কাছাৰৰ শিলচৰতো আন এজন লোক বাঢ়নী পানীত মৃত্যু হয়৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০জনলৈ বৃদ্ধি পাইছে৷ কাছাৰ জিলাত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বিপৰীতে বানৰ বাবে লখিমপুৰ আৰু বৰপেটাৰ কেইবাখনো বিদ্যালয়ত গুণোৎসৱ পিছুৱাব লগা হৈছে৷ বাঢ়নী পানীৰ বাবে কাজিৰঙাৰ বুঢ়া পাহাৰ আৰু বাগৰি ৰেঞ্জৰ ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি কৰিছে৷ কাজিৰঙাত যান-বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ ঘণ্টাত কিলোমিটাৰ নিৰ্ধাৰণ কৰিছে প্ৰশাসনে৷ ইপিনে আজিও বন্ধ হৈ আছে ডিমা হাচাও জিলাৰ সদৰ চহৰ হাফলং আৰু শিলচৰৰ যোগাযোগৰ একমাত্ৰ পথ ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু লামডিং বদৰপুৰ ব্ৰডগজ ৰে’লপথ৷ ভূমিস্খলন আৰু বানৰ কবলত পৰি ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশ ভাঙি যোৱাৰ লগতে ভূমিস্খলনৰ ফলত ৰে’লপথ বন্ধ হৈ যোৱাৰ বাবে বিগত ১০ দিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ হাৰেংগাজাওত ভূমিস্খলনৰ ফলত ইতিমধ্যে ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলং আৰু ঘাইপথ সম্পূৰ্ণৰূপে ভাঙি পৰিছে৷ ফলত এই মুহূৰ্তলৈ হাৰেংগাজাওত গৈ উপস্থিত হ’ব পৰা নাই ডিমা হাচাও জিলা প্ৰশাসনৰ লোক৷ বিগত ১০ দিনৰ পৰা বিদ্যুৎ পৰিসেৱা আৰু মোবাইল পৰিসেৱা ইণ্টাৰনেট সকলো বিপৰ্যস্ত হৈ পৰিছে হাৰেংগাজাওত৷ এই বিপৰ্যয়ৰ সময়ত জিলা প্ৰশাসনৰ কোনো লোক বা ৰাজ্যৰ কোনো নেতা মন্ত্ৰী উপস্থিত হ’ব পৰা নাই হাৰেংগাজাওত৷ ইপিনে বিগত ১০ দিনৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে এতিয়া অঞ্চলটোত খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকটে দেখা দিছে৷ যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্য চৰকাৰে সেনা বাহিনীৰ হেলিকপ্টাৰৰ জৰিয়তে হাৰেংগাজাওলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰে৷

কামপুৰত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু

নগাঁও জিলাৰ কামপুৰৰ ঘিলানীত এজন লোক বাঢ়নী পানীত পৰি মৃত্যু হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, বাঢ়নী পানীত পৰি কৰুণ মৃত্যু হোৱা লোকজন ঘিলানী আটিগাঁৱৰ বেজীয়া দাস[৪০]৷ স্থানীয় ৰাইজে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে৷ কামপুৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে৷

ডিমা হাচাও জিলাৰ বাবে ‘বিশেষ পেকেজ’ 

ঘোষণা কৰক কেন্দ্ৰীয় চৰকাৰেঃ আছু

অসমত প্ৰলয়ংকাৰী বানে পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ব্ৰহ্মপুত্ৰ, বিভিন্ন নৈ-উপনৈৰ ফেনে-ফোটোকাৰে বাঢ়ি অহা বানপানীৰ সংহাৰী ৰূপৰ ফলত অসমৰ ব্যাপক অঞ্চল জলমগ্ন হৈ পৰিছে৷ তিনিচুকীয়াৰ লাইকা-দধিয়া, ডিব্ৰু-ছৈখোৱা, হোজাই, গহপুৰ, দৰং, নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলকে ধৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বানৰ ফলত যথেষ্ট কৃষিভূমি বিনষ্ট হৈছে৷ বহু বন্যপ্ৰাণী, পশু-পক্ষী বানপানীত আক্ৰান্ত হৈছে৷ প্ৰাকৃতিক দুৰ্যোগে তচনচ কৰি পেলাইছে অসমৰ পাৰ্বত্য জিলা ডিমা-হাচাও৷ খাদ্য সংকটৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছে জিলাখনত৷ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে৷ আশ্ৰয় আৰু খাদ্যৰ অভাৱত হাহাকাৰ কৰিছে জিলাবাসীয়ে৷ জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে পাৰ্বত্য জিলাখনত৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কয়– প্ৰাকৃতিক দুৰ্যোগে তচনচ কৰা অসমৰ পাৰ্বত্য জিলা ডিমা হাচাওলৈ কেন্দ্ৰীয় চৰকাৰে এক ‘বিশেষ পেকেজ’ ঘোষণা কৰক৷ ৰে’ল বিভাগৰ ভুলৰ বাবে প্ৰকৃতিৰ মনোমোহা ডিমা হাচাও আজি ধবংসস্তুপত পৰিণত হৈছে৷ এনে ভয়াৱহ পৰিস্থিতিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ‘বিশেষ পেকেজ’ ডিমা হাচাও জিলাই পাবই লাগিব৷ বানপানীয়ে সৰ্বত্ৰে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বানত আক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে৷ খাদ্য আৰু আশ্ৰয়ৰ বাবে ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বন্যাৰ্তৰ বাবে প্ৰয়োজনীয় খাদ্যসামগ্ৰী, আশ্ৰয় শিবিৰ স্থাপন, নিত্য ব্যৱহাৰ্য সামগ্ৰী, শিশুখাদ্য, পশুখাদ্য, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, ঔষধ ক্ষিপ্ৰতাৰে যোগান ধৰিবলৈ চৰকাৰক ছাত্ৰ সন্থাই দাবী জনাই আছুৰ নেতাদ্বয়ে লগতে কয়– কেন্দ্ৰীয় চৰকাৰেও কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাসতে সীমাবদ্ধ নাথাকি অসমৰ বানপানীত আক্ৰান্ত ৰাইজক তাৎক্ষণিকভাৱে সহায় কৰক৷ বানপানী, খহনীয়াক ‘ৰাষ্ট্ৰীয় সমস্যা’ৰূপে ঘোষণা কৰি স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক৷ ইফালে, ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা, মহকুমা, আঞ্চলিক, শাখা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন গোটে বানপীড়িতৰ কাষত থিয় হৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াইছে৷ অনাগত দিনতো ভয়াৱহ বানৰ এই সময়ছোৱাত প্ৰতিটো ছাত্ৰ সন্থাৰ গোটৰ অন্তৰ্গত প্ৰতিগৰাকী কৰ্মকৰ্তাই সদা সচেতন হৈ ৰাইজৰ কাষত সহায়ৰ বাবে থিয় দিয়াৰ লগতে সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ বাবে সদাপ্ৰস্তুত হৈ থাকিবলৈ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক নিৰ্দেশনা প্ৰেৰণ কৰিছে৷