Logo
image

‘কান’ত কি কৰিছে অসমৰ প্ৰতিনিধিয়ে

আমাৰ অসম, ২৪ মে’: ফ্ৰান্সৰ কান চলচ্ছিত্ৰ মহোৎসৱৰ ‘মাক্‌ছে ডু ফিল্মছ’ত (Marche Du Films) দেওবাৰে অলিম্পিয়া থিয়েটাৰৰ ৭ নম্বৰ স্ক্ৰীণত প্ৰদৰ্শিত হ’ল অসমত নিৰ্মীত মিছিং ভাষাৰ ছবি বুম্বা ৰাইড৷ বিশ্বজিৎ বৰাই পৰিচালনা কৰা আৰু লুইত কুমাৰ বৰ্মনকে ধৰি মুঠতে পাঁচজন প্ৰযোজকে প্ৰযোজনা কৰা বুম্বা ৰাইডে কান ছবি মহোৎসৱৰ মাক্‌ছে ডু ফিল্মছত  চিত্ৰায়নৰ সুযোগ লাভ কৰি অসমৰ ছবি জগতত নতুন ইতিহাসৰ সৃষ্টি কৰিছে৷ ছবিখনৰ আন কেইজন প্ৰযোজক আছিল কৌশিক হাজৰিকা, বিনোদলাল দাস, বিশ্বজিৎ বৰা আৰু অসীম কুমাৰ শইকীয়া [কাৰ্যবাহী প্ৰযোজক]৷ জীৱনত কোনোদিনে মুভি কেমেৰা আনকি ম’বাইল ফোনক কেমেৰাও দেখি নোপোৱা আৰু অভিনয় কি সেয়া বুজি নোপোৱা ৯ বছৰীয়া শিশু ইন্দ্ৰজিৎ পেগু আচলতে হৈছে বুম্বা ৰাইড৷ নাম ভূমিকাত অভিনয় কৰা ইন্দ্ৰজিৎ পেগুৰ নামেৰেই এতিয়া প্ৰকৃততে ধন্য হৈছে অসমৰ ছবিজগত৷ প্ৰাপ্তবয়স্ক নোহোৱাৰ বাবেই ছবিৰ বুম্বা ৰাইড আৰু বাস্তৱৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ মিছিং শিশু ইন্দ্ৰজিৎ পেগুৱে কানলৈ যোৱাৰ অনুমতি পোৱা নাছিল৷ অৱশ্যে কাননো কি তাকো নাজানে ইন্দ্ৰজিৎ পেগুৱে৷ পিছে বুম্বা ৰাইড নামৰ ছবিখনক ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ জৰিয়তে এন এফ ডি চিয়ে কানলৈ প্ৰেৰণ কৰাৰ সুযোগত এই ছবিৰ পৰিচালক বিশ্বজিৎ বৰা আৰু অন্যতম প্ৰযোজক লুইত কুমাৰ বৰ্মন কানত ছবিখনৰ স্ক্ৰীণিঙৰ সময়ত উপস্থিত আছিল৷ তেওঁলোকক কান চলচ্ছিত্ৰ মহোৎসৱৰ মাক্‌ছে ডু ফিল্মছৰ এই অনুষ্ঠানলৈ ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে পঠিয়াইছিল৷ ভাৰতৰ প্ৰতিনিধি হিচাপে দুয়ো সেই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে ছ’চিয়েল মিডিয়াত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে কানৰ মূল মহোৎসৱলৈ আমন্ত্ৰিত হৈ তেওঁলোকৰ ছবি আহিলে অধিক সুখী হ’ব বুলি মন্তব্য কৰে৷  লুইত কুমাৰ বৰ্মনে লিখিছে– ‘বাই বাই কান ফিল্ম ফেষ্টিভেল৷ আমাৰ ছবিখন অলিম্পিয়া থিয়েটাৰত প্ৰদৰ্শিত হ’ল৷ আমাৰ ছবিখন ইয়ালৈ নিৰ্বাচন কৰাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনাইছো৷ আমি আশা কৰো, কোনোবা এদিন কানত আমাৰ ছবি  ‘অফিচিয়েলি’ নিৰ্বাচিত হ’ব, ভাৰতৰ নিৰ্বাচন নহয়৷ আমাৰ প্ৰদৰ্শনৰ সময়ত ভাৰতৰ পৰা অহা বিষয়ববীয়াসকল উপস্থিত থাকিব বুলি আশা কৰিছিলো৷ কিন্তু সম্ভৱতঃ তেওঁলোক আন কামত ব্যস্ত থকাৰ বাবে সময় উলিয়াব নোৱাৰিলে৷ সকলোলৈকে ধন্যবাদ৷’

ইপিনে অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ নেতৃত্বত অসমৰ চাৰিজনীয়া এটা প্ৰতিনিধি দলো কান চলচ্ছিত্ৰ মহোৎসৱত উপস্থিত আছে৷ ছবি জগতৰ সৈতে সম্পৰ্ক থকা ব্যক্তি হিচাপে অসমক কানত প্ৰতিনিধিত্ব কৰিছে গায়ক, শিল্পী অংগৰাগ পাপন মহন্তই৷ আনহাতে দুগৰাকী অসামৰিক বিষয়া ক্ৰমে লয়া মাধুৰী আৰু মণিদীপা বৰকটকী অসমৰ চাৰিজনীয়া দলটোক প্ৰতিনিধিত্ব কৰিছে৷ কানৰ পৰা অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে কানৰ পৰা ‘আমাৰ অসম’ক জনায় যে, অসমৰ প্ৰতিনিধি দলটোৱে কানৰ ভাৰতীয় পেভিলিয়নত ইতিমধ্যে দুখন বৈঠক অনুষ্ঠিত কৰিছে৷ সেই বৈঠকত দেশৰ হিন্দী ছবি জগতৰ লগতে দক্ষিণ ভাৰতৰ ছবি জগতৰ পৰিচালক, প্ৰযোজক, বিতৰক, চিনেমাটোগ্ৰাফাৰ ইত্যাদিয়ে ভাগ লয়৷ এই দুয়োটা ছেছনতে ফৰাচী, ব্ৰিটিছ, সংযুক্ত আৰব আমিৰশ্বাহীৰ কেইবাজনো পৰিচালক, প্ৰযোজক, বিতৰক আৰু চিনেমাটোগ্ৰাফাৰ তথা চলচ্ছিত্ৰ নিৰ্মাণৰ সৈতে অংগাংগীভাৱে জড়িত থকা কাৰিকৰী কুশীলবে অংশগ্ৰহণ কৰে৷ তেওঁলোকক অসমৰ প্ৰতিনিধি দলটোৱে ৰাজ্যখনৰ ছবি নিৰ্মাণৰ বাবে থকা বিভিন্ন প্ৰাকৃতিকভাৱে সুন্দৰ আৰু স্বয়ংসম্পূৰ্ণ লোকেশ্বন সম্পৰ্কে অৱগত কৰায়৷ অসমৰ দলটোৱে ছবিৰ শ্বুটিং লোকেশ্বনৰ ক্ষেত্ৰত  হিল ষ্টেছন হিচাপে হাফলং, অৰণ্যানিৰূপে কাজিৰঙা, মানাহ, নদী আৰু বালিচৰ হিচাপে ব্ৰহ্মপুত্ৰ, মানাহ নদী, চাহবাগিচাৰ লোকেশ্বন হিচাপে উজনি অসমৰ অধিকাংশ চাহবাগিচা, ডিগবৈ-যোৰহাটৰ গ’ল্ফ ক’ৰ্চ ইত্যাদিৰ বিনন্দীয়া ৰূপ প্ৰদৰ্শন কৰে৷ কোৱা বাহুল্য মাথোঁ, অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্যত সকলো প্ৰযোজক-পৰিচালকেই মোহিত হৈছে৷ ইপিনে ছবি প্ৰদৰ্শনৰ কাৰিকৰী ব্যুৎপত্তি থকা এটা ফৰাচী কোম্পানীৰ সৈতে অসমৰ প্ৰতিনিধি দলটোৰ আলোচনা হোৱা বুলি সীমান্ত শেখৰে প্ৰকাশ কৰিছে৷ তেওঁ কয় যে, এই কোম্পানীটোৰ স্বত্বাধিকাৰী ফ্ৰান্সত থকা প্ৰবাসী ভাৰতীয়৷ এই কোম্পানীটোৰ এনে প্ৰযুক্তি আছে, যাৰ জৰিয়তে যিকোনো স্থানতে ছবি প্ৰদৰ্শনৰ আন্তঃগাঁথনি নাথাকিলেও তেওঁলোকে ছবিৰ প্ৰদৰ্শন কৰিব পাৰে৷ ইয়াৰ জৰিয়তে অসমৰ ছবিঘৰ নথকা স্থানত, গাঁৱে-ভূঞে ছবি প্ৰদৰ্শন কৰাৰ সুযোগ ওলাব৷ এই কোম্পানীটোৰ প্ৰতিনিধিৰ সৈতে অসমৰ দলটোৰ বিস্তৃত আলোচনা হৈছে আৰু তেওঁলোকে এমাহমানৰ ভিতৰতে এই সংক্ৰান্তত অসম ভ্ৰমণ কৰিবলৈ সন্মত হৈছে৷ যদিহে সকলো সুকলমে আগবাঢ়ে তেন্তে এই কোম্পানীটোৰ সৈতে ছবি প্ৰদৰ্শনৰ প্ৰযুক্তি ক্ৰয় বা ব্যৱহাৰৰ ক্ষেত্ৰত অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ চুক্তি হ’ব পাৰে বুলি সীমান্ত শেখৰে জনাইছে৷ উল্লেখ্য, অসমৰ প্ৰতিনিধি দলটোৱে কান চলচ্ছিত্ৰ মহোৎসৱৰ ভাৰতীয় পেভিলিয়নত মঙলবাৰে তৃতীয়টো ছেছনত দেশ আৰু বিদেশৰ ছবি নিৰ্মাতা তথা পৰিচালকৰ সৈতে মিলিত হ’ব৷

‘কান’ চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱা

বিশ্ব চলচ্ছিত্ৰ জগতৰ অতি সন্মানজনক ‘কান’ চলচ্ছিত্ৰ মহোৎসৱত অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা ছবি নিৰ্মাতা আইমী বৰুৱাৰ বহুল চৰ্চিত ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিল আন্তৰ্জাতিক সংবাদ মাধ্যম তথা বিশ্বৰ চলচ্ছিত্ৰ অনুৰাগী৷ তাৎপৰ্যপূৰ্ণভাৱে ‘কান’ চলচ্ছিত্ৰ মহোৎসৱৰ ‘কাণ্ট্ৰী অব অ’নাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই ‘চেমখৰ’ সন্দৰ্ভত ১০ মিনিট সময় উজ্জীৱিত ভাষণেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখে উপস্থিত বিশ্বৰ চলচ্ছিত্ৰপ্ৰেমীৰ লগতে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিনিধিক৷ এই অনুষ্ঠানত প্ৰদৰ্শন কৰা ‘চেমখৰ’ৰ ট্ৰেইলৰেও মুগ্ধ কৰে উপস্থিত বিশ্বৰ সংবাদ মাধ্যমক৷ লক্ষণীয় বিষয় এয়ে যে অসমৰ এটা ক্ষুদ্ৰ জনগোষ্ঠী হিচাপে চিহ্নিত ডিমাছা ভাষাত নিৰ্মিত ‘চেমখৰ’ৰ বিভিন্ন কথা জানিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল ‘কান’ চলচ্ছিত্ৰত মহোৎসৱত উপস্থিত আন্তৰ্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্ছিত্ৰ জগতৰ বিভিন্ন দিশৰ ভালেসংখ্যক খ্যাতনামা ব্যক্তি৷ বিশেষকৈ ‘চেমখৰ’ নিৰ্মাণ কৰা ধাৰণাটো কেনেকৈ, কিয় আৰু ক’ৰ পৰা আহিল, ‘চেমখৰ’ৰ নিৰ্মাণৰ ক্ষেত্ৰত কি কি প্ৰত্যাহ৩ান আৰু এইসমূহ কেনেকৈ পাৰ হ’ল, অসমত এনেকুৱা এখন ঠাই এতিয়াও আছেনে নাই ইত্যাদি এশ এটা প্ৰশ্ন সাংবাদিক তথা চলচ্ছিত্ৰ অনুৰাগীয়ে সুধিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক৷ উল্লেখ্য, কান চলচ্ছিত্ৰ মহোৎসৱৰ সৈতে সংলগ্ন এখন মঞ্চত চলচ্ছিত্ৰ নিৰ্মাতা অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে এক ছেকেণ্ড বক্তব্য ৰখাৰ সুবিধা পোৱাটো পৰম সৌভাগ্যৰ কথা৷ প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে ভাৰতত ৰাষ্ট্ৰীয় চলচ্ছিত্ৰৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাক সৰ্বোচ্ছ স্থান দিয়া হয়৷ বিগত বৰ্ষত ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ অনুষ্ঠিত নোহোৱা বাবে ভাৰতীয় পেনোৰামাৰ শ্ৰেষ্ঠ চলচ্ছিত্ৰৰ সন্মান আঁজুৰি অনা ‘চেমখৰ’ সন্দৰ্ভত কান চলচ্ছিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক বাছনি কৰা হৈছিল৷ ইপিনে এই অনুষ্ঠানতে আইমী বৰুৱাৰ নতুন তথ্যচিত্ৰ ‘স্ক্ৰিমিং বাটাৰফ্লাইছ’ৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়৷ অগন্তক ২৯ মে’ত মুম্বাইৰ আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাবে ইতিমধ্যে নিৰ্বাচিত ‘স্ক্ৰিমিং বাটাৰফাইছ’ৰ পোষ্টাৰ মুকলি কৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰাই৷ ইপিনে কান চলচ্ছিত্ৰ মহোৎসৱত ‘চেমখৰ’ৰ বিষয়ে বক্তব্য দিয়াৰ সুবৰ্ণ সুযোগ লাভ কৰা সন্দৰ্ভত অভিমত জানিব বিচৰাত আইমী বৰুৱাই কয়– সঁচা অৰ্থত মই অভিভূত হৈ পৰিছো৷ ৱল্ডৰ্ মিডিয়া তথা বিশ্বৰ চলচ্ছিত্ৰ সমাজৰ সন্মুখত ‘চেমখৰ’ৰ বিষয়ে ক’বলৈ পাই মই যি সুখ অনুভৱ কৰিছো তাতকৈ বেছি আচৰিত হৈছো বিশ্ব সমাজে ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ প্ৰকাশ কৰা প্ৰবল আগ্ৰহত৷ এটা নতুন ভাষা, নতুন কথা, নতুন পৰম্পৰা, নতুন ঠাই আদিৰ বিষয়ে জানিবলৈ তেওঁলোকে যি ধৰণৰ উৎসুকতা প্ৰকাশ কৰিলে সেয়া মোৰ বাবে আছিল সপোনৰো অগোচৰ৷ অসমত এতিয়াও এনেকুৱা ঠাই আছেনে নাই সেই বিষয়ে জানিবলৈ তেওঁলোকৰ যি আগ্ৰহ সেয়া সঁচা অৰ্থত ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ আমাৰ বাবে এয়াই হৈছে সৰ্বশ্ৰেষ্ঠ সন্মান, সৰ্বোচ্ছ উপহাৰ৷’