Logo
image

ফ’ৰলেনত সৰু গাড়ীৰ সৰ্বাধিক গতিবেগ ঘণ্টাত ১০০ কিলোমিটাৰ

আমাৰ অসম, ২৪ মে’: অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, পৌৰ এলেকাৰ বাট-পথত ক’ত সুৰক্ষিত যাত্ৰাৰ বাবে কিমান সৰ্বোচ্ছ গতিবেগত কি শ্ৰেণীৰ যান-বাহন চলাচল কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সোমবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি চাৰিলেনযুক্ত পথত ৮খন আসনযুক্ত বাহনৰ সৰ্বোচ্ছ গতিবেগ প্ৰতি ঘণ্টাত ১০০ কিঃ মিঃ ৰাজ্যিক বা আন পথত ৭০ কিঃ মিঃ আৰু পৌৰ এলেকাৰ পথত ৬০ কিঃ মিঃ গতিবেগ চলাচল কৰিব পাৰিব৷ তেনেদৰে যাত্ৰীবাহী বাহন চাৰিলেনযুক্ত পথত প্ৰতিঘণ্টাত সৰ্বোচ্ছ ৮০ কিঃ মিঃ, ৰাজ্যিক বা আন পথত ৭০ কিঃ মিঃ আৰু পৌৰ এলেকাত ৬০ কিঃ মিঃ গতিবেগত চলাচল কৰিব পাৰিব৷ মালবাহী যান-বাহনে চাৰিলেনযুক্ত পথত প্ৰতিঘণ্টাত সৰ্বোচ্ছ ৭০ কিঃ মিঃ ৰাজ্যিক বা আন পথত ৬০ কিঃ মিঃ আৰু পৌৰ এলেকাত ৪০ কিঃ মিঃ গতিবেগত চলাচল কৰিব পাৰিব৷ আনহাতে, তিনিচকীয়া বাহনে চাৰিলেনযুক্ত, ৰাজ্যিক বা আন পথত প্ৰতিঘণ্টাত সৰ্বোচ্ছ ৫০- কিঃ মিঃ আৰু পৌৰ এলেকাত ৪০ কিঃ মিঃ গতিবেগত চলাচল কৰিব পাৰিব৷ উল্লেখ্য ইয়াৰ পূৰ্বৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰি ৰাজপথত যাতে সকলোৱে  নিৰাপদে চলাচল কৰিব পাৰে, তাৰ বাবে পৰৱৰ্তী কেবিনেট বৈঠকত যান-বাহনৰ চলাচলৰ গতিবেগৰ সৰ্বোচ্ছ সীমা নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰিছিল৷  অৱশ্যে এই ঘোষণা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হ’ব সেই বিষয়ে এই পৰ্যন্ত আৰক্ষী বা পৰিবহণ বিভাগলৈ কোনো নিৰ্দেশনা প্ৰেৰণ কৰা হোৱা নাই৷ আনহাতে, আজিৰ কেবিনেটত অন্য কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কাঠামো নিৰ্ধাৰণ কৰা হয় বৈঠকত৷ সকলো স্নাতক, স্নাতকোত্তৰ পাঠ্যক্ৰম বা ৩+২১ বৰ্তমানৰ আৰ্হি অন্য অনুৰূপ পাঠ্যক্ৰমৰ বাবে বা যিকোনো সংহত আৰ্হিৰ বাবে প্ৰযোজ্য হ’ব৷ ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ মূল্যাংকন ব্যৱস্থাৰ পুনৰীক্ষণ কৰা হ’ব৷ শাখা, পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ, বৃত্তিমূলক আৰু শৈক্ষিক ক্ষেত্ৰত কোনো কঠিন পৃথকীকৰণ নহয়৷ ৩ বা ৪ বছৰৰ সময়সীমাৰ স্নাতক ডিগ্ৰী পাঠ্যক্ৰমত ৰ বছৰ [২ ষান্মাসিক] সম্পূৰ্ণ কৰাৰ পাছত এখন প্ৰমাণপত্ৰ, ২ বছৰৰ পাছত [৪ ষান্মাসিক] ডিপ্ল’মা, তিনি বছৰীয়া পাঠ্যক্ৰমৰ পাছত স্নাতক ডিগ্ৰী [৬ ষান্মাসিক], চাৰি বছৰীয়া পাঠ্যক্ৰমৰ পাছত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্ৰী [৮ ষান্মাসিক], জটিল গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰা শিক্ষাৰ্থীয়ে চাৰিবছৰীয়া পাঠ্যক্ৰমৰ পাছত গৱেষণাৰ সৈতে স্নাতক ডিগ্ৰী আৰু তিনি বছৰত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাসকলৰ বাবে ৰ বছৰৰ পাঠ্যক্ৰমৰ পাছত নিৰ্দিষ্ট শাখাত স্নাতকোত্তৰ ডিপ্ল’মা লাভ কৰিব৷ দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম, য’ত দ্বিতীয় বৰ্ষটি গৱেষণাৰ বাবে নিৰ্দিষ্ট থাকিব৷ [তিনিবছৰীয়া স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে], চাৰিবছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰমৰ ব্যৱস্থা হ’ব৷ জোৱাৰ খেতিৰ প্ৰসাৰৰ বাবে ২০২২-২৩ বৰ্ষৰ পৰা ৭ বছৰৰ ভিতৰত ‘অসম জোৱাৰ মিছন’ গঠনত অনুমোদন জনায় কেবিনেটে৷ শিশুৰ বাবে পুষ্টিকৰ আহাৰ হিচাপে ইয়াক ব্যৱহাৰৰ প্ৰতি গুৰুত্ব ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷ মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত জোৱাৰ অন্তৰ্ভুক্তকৰণ আৰু সংহত শিশু উন্নয়ন সেৱাৰ অন্তৰ্ভুক্ত জিলাসমূহৰ উপৰি সকলো জিলাতে জোৱাৰ আৰু জোৱাৰজাত সামগ্ৰীৰ যোগান আৰু সজাগতা সৃষ্টিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ শিক্ষক বদলি প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ [নিযুক্তি আৰু বদলিৰ নিয়মাৱলী] নিয়ম, ২০২২ত অনুমোদন জনায় আজিৰ কেবিনেটে৷ ইয়াৰ জৰিয়তে প্ৰাথমিক, মাধ্যমিক, সৰ্বশিক্ষা শিক্ষকৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলকো ট্ৰেন্সফাৰ প’ৰ্টেলৰ জৰিয়তে অনলাইন পদ্ধতিত জিলা, আন্তঃজিলা আৰু পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰা হ’ব৷ কম্পিউটাৰ অপাৰেটৰক ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰলৈ উন্নীতকৰণৰ বাবে যোগ্যতাসম্পন্ন সেৱাৰ সময়সীমা বৰ্তমানৰ ৪ বছৰৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰাৰ বাবে অসম সচিবালয়ৰ অধীনস্থ সেৱাৰ নিয়ম সংশোধনত অনুমোদন জনোৱা হয়৷ ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰক কনিষ্ঠ প্ৰশাসনিক সহায়কলৈ পদোন্নতিৰ বাবে যোগ্যতাসম্পন্ন সেৱাৰ সময়সীমা বৰ্তমানৰ চাৰি বছৰৰ পৰা তিনি বছৰলৈ হ্ৰাস কৰাৰ বাবে নিয়ম সংশোধনতো কেবিনেটে অনুমোদন জনায়৷ অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি ব’ৰ্ডক কৰ্তব্য পালন কৰিবলৈ ক্ষমতা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম কাৰিকৰী শিক্ষা সেৱাৰ নিয়মাৱলী, ১৯৮১ সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনায় আজিৰ কেবিনেটে৷ ইয়াৰ ফলত উচ্ছ শিক্ষা বিভাগৰ অধীনত থকা কাৰিকৰী প্ৰতিষ্ঠানসমূহত নিয়মমাফিক কেডাৰৰ প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়া সবল হ’ব৷