Logo
image

থানা দাহৰ আঁৰত থকা দুৰ্ধৰ্ষ ছাদ্দাম এতিয়া সন্ধানহীন

অভিযুক্তৰ ঘৰত আগ্নেয়াস্ত্ৰ উদ্ধাৰ

আমাৰ অসম, ২৪ মে’: বটদ্ৰৱা থানা আক্ৰমণৰ সৈতে জড়িত অন্যতম অভিযুক্ত ছাদ্দামৰ সন্ধান এই পৰ্যন্ত পোৱা নাই আৰক্ষীয়ে৷ শনিবাৰে বটদ্ৰৱা থানাত আক্ৰমণ আৰু অগ্নিসংযোগ কৰাৰ আৰত সক্ৰিয়ভাৱে জড়িত আছিল ছাদ্দাম৷ আৰক্ষীৰ দাবী -এইজন দুস্কৃতিকাৰীয়ে একাংশ উন্মত্ত প্ৰতিবাদকাৰীক থানাত অগ্নি সংযোগ আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিবলৈ আৰম্ভণিৰে পৰা উচতনি দি আছিল৷ উত্তেজিত প্ৰতিবাদকাৰী সকলে প্ৰথম অৱস্থাত ছফিকুল ইছলামৰ মৃতদেহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি থানাৰ সন্মুখতে প্ৰায় ২ ঘণ্টা ধৰি উত্তাল প্ৰতিবাদ কৰি থাকে৷ পিছত একাংশ প্ৰতিবাদকাৰী আৰক্ষীয়ে বাক বিতণ্ডাত লিপ্ত হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোক আৰক্ষীৰ ওপৰত জপিয়াই পৰে৷ আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ সংঘটিত কৰাৰ পিছতে এগৰাকী মহিলা আৰু এজনী যুৱতী প্ৰতিবাদকাৰীয়ে পেট্ৰ’ল ঢালি থানাখনৰ মালখানাৰ সন্মুখত থোৱা বাইকত অগ্নি সংযোগ কৰে৷ এই অগ্নিয়ে পৰৱৰ্তী সময়ত সমগ্ৰ মালখানা পুৰি ভষ্মীভূত কৰে৷ আৰক্ষীৰ দাবী এনে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ আৰত মূলতঃ জড়িত হৈ আছে ছাদ্দাম৷ ছাদ্দামে প্ৰতিবাদকাৰী সকলক হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ আৰম্ভণিৰে পৰা  প্ৰৰোচিত কৰি আহিছে বিভিন্ন অসামাজিক আৰু অপৰাধসূচক কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে অভিযুক্ত ছাদ্দাম৷ বিশেষকৈ ভুৱা চীম কাৰ্ডৰ বেহা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী ডকাইতি আৰু ড্ৰাগছ সৰবৰাহৰ দৰে বহু গুৰুতৰ অপৰাধৰ সৈতে জড়িত ছাদ্দাম৷ শনিবাৰৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ছাদ্দাম৷ আৰক্ষীয়ে ছাদ্দামক বিচাৰি ইতিমধ্যে ছালনাবড়ীত অভিযান চলাইছে যদিও একো শুংসূত্ৰ লাভ কৰা নাই৷ আৰক্ষীৰ সন্দেহ ছাদ্দাম ইতিমধ্যে জিলাখনৰ পৰা পলাই গৈ অন্য স্থানত আত্মগোপন কৰি আছে৷ ছাদ্দাম গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীয়ে শনিবাৰৰ ঘটনাৰ বহু তথ্য লাভ কৰিব বুলি আশা কৰিছে৷ আৰক্ষীৰ দাবী থানাত অগ্নি সংযোগ কৰা ঘটনাৰ ব্লুপ্ৰিণ্ট ছাদ্দামৰ উদ্যোগত বহু পূৰ্বতে চূড়ান্ত কৰা হৈছিল৷

বটদ্ৰৱা থানা জ্বলোৱা অভিযুক্তৰ ঘৰত উদ্ধাৰ হল পিস্তল, গুলী, নিচাযুক্ত টেবলেট

বটদ্ৰৱা আৰক্ষী থানাৰ আক্ৰমণ আৰু অগ্নি সংযোগৰ ঘটনাত জড়িত ইমান আলিৰ ঘৰৰ পৰা দেওবাৰে উদ্ধাৰ হয় এটা পিস্তলৰ লগতে চাৰি ৰাউণ্ড নাইন এম এমৰ গুলী৷ ইমান আলিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আলিৰ বাসগৃহ দেওবাৰে পুৱা ভাগত আৰক্ষীয়ে জেচিবি লগাই ভাঙি দিছিল৷ আৰক্ষীৰ অভিযানতে ইমানৰ ঘৰৰ পৰা পিস্তল, গুলি উদ্ধাৰ কৰা হয়৷ শনিবাৰৰ আক্ৰমণৰ ঘটনাৰে জড়িত মুজিবুৰ ৰহমান নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ মুজিবুৰৰ ঘৰৰ পৰা ৬৫০০ নিচায়ুক্ত টেবলেট উদ্ধাৰ কৰিছে অভিযানকাৰী আৰক্ষীয়ে৷ থানা আক্ৰমণৰে জড়িত মূল অভিযুক্ত সকল ভিতৰত ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে ৰফিকুল ইছলাম, মুজিবুৰ ৰহমান, আনোৱাৰ হুছেইন, ছবিনা খাতুন, ৰছিদা খাতুন, আনোৱাৰ হুছেইন৷ ইয়াৰ বাহিৰেও ১২জন লোকক আটক কৰি আৰক্ষীয়ে সোধপোচ চলাই আছে৷ বটদ্ৰবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ গগৈক নিলম্বিত কৰাৰ পিছত এক নিৰ্দেশ যোগে সঞ্জীৱ লাহনক বটদ্ৰবাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিয়ুক্তি দিয়া হৈছে৷ লগতে বটদ্ৰবাৰ সকলো বিষয়া কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছত নতুন ষ্টাফ নিয়োগ কৰা হৈছে৷

আৰক্ষী আক্ৰমণকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ পিষ্টল, গুলী, ড্ৰাগ্‌

নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা এদল দুস্কৃতিকাৰীয়ে জ্বলাই চাৰখাৰ কৰা ঘটনাৰ লগত জড়িত ২০জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে ছজন লোকক ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ ১২জনক আটক কৰি সোধা-পোছাৰ অন্তত এৰি দিয়া হৈছে৷ গ্ৰেপ্তাৰ কৰা অপৰাধীকেইজনক ইতিমধ্যে নগাঁৱৰ আদালতত হাজিৰ কৰোৱা হয়৷ আৰক্ষীয়ে তেওঁলোকক পোন্ধৰ দিনৰ জিম্মাত বিচাৰে যদিও আদালতে পাঁচদিনৰ জিম্মাত দিয়ে৷ বটদ্ৰৱা কাণ্ডৰ তদন্ত যিমান আগবাঢ়িছে সিমান নতুন নতুন তথ্য ওলাই আছে৷ আজি নগাঁৱত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে আৰক্ষী অধীক্ষক লানা দলেই৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, এই ঘটনাৰ লগত জড়িত যিসকলক চিনাক্ত কৰা হৈছে তেওঁলোকৰ ঘৰবোৰত বে-আইনী কাৰ্যকলাপ চলি থাকে৷ সন্দেহজনক মানুহৰ অহা-যোৱা চলে৷ মানুহ গোট খাই মিটিং হয়৷ গাঁৱৰ মানুহে খবৰ দিছে এইসকল লোক অপৰাধমূলক কাৰ্যকলাপত সক্ৰিয়৷ তেওঁ কয়, আমাৰ তদন্তত নিশ্চিত হৈছোঁ যে এইটো তৎক্ষণাৎ হোৱা ঘটনা নহয়৷ পূৰ্বপৰিকল্পিতভাৱে প্ৰস্তুতহৈ আহিছিল পুলিচক আক্ৰমণ কৰিবলৈ৷ তেওঁলোকে হাতত পেট্ৰ’ল আছিল৷ আকস্মিকভাৱে হোৱা ঘটনা নহয়৷ আমি ভাবিছোঁ, তেওঁলোকৰ এটা উদেশ্য আছিল যে থানাৰ ৰেকৰ্ডসমূহ ধংস কৰিলে তেওঁলোকৰ বিৰুদ্ধে থকা তথ্য নাইকিয়া হ’ব৷ আমাৰ সন্দেহ অপৰাধীসকলৰ ৰেকৰ্ড থানাত আছিল৷ আৰক্ষী অধীক্ষক দলেই আৰু কয়, আমাৰ সন্দেহ হৈছে যে বৰদোৱা, ধিং অঞ্চলত বহু ভূমিত বেদখল আছে৷ আমি জিলা উপায়ুক্তক অনুৰোধ কৰিছোঁ এটা ছাৰ্ভে কৰিবৰ বাবে৷ তাত বে-আইনীভাৱে বাস কৰা বা বেদখল কৰা মানুহ আছে নেকি আমি সেইটো চাই আছোঁ৷  আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, এই ঘটনাৰে জড়িত লোকসকলৰ কাৰ্যকলাপ আমি যেতিয়া পৰীক্ষা কৰিছোঁ, তেতিয়া আমি জানিব পাৰিছোঁ যে এই অপৰাধীসকলৰ ঘৰত বহু বে-আইনী কাৰ্যকলাপ চলি আহিছে৷ সেয়েহে এইসকল অপৰাধীৰ আনচাৰুল্লা, বাংলা টীমৰ দৰে নিষিদ্ধ সংগঠনৰ লগত কিবা লিংক আছে নেকি সেইটো তদন্ত কৰি আছোঁ৷ কাৰণ এই অপৰাধীসকলৰ ঘৰলৈ বহু সন্দেহজনক মানুহৰ আহ-যাহ আছে৷ ইফালে, বটদ্ৰবা আৰক্ষী থানাত অগ্নিসংযোগৰ ঘটনাৰ লগত জড়িত ইমান আলি নামৰ এজন লোকৰ ঘৰৰ পৰা এটা হস্তনিৰ্মিত পিষ্টলৰ লগতে চাৰি ৰাউণ্ড নাইন এম এমৰ গুলী উদ্ধাৰ হৈছে৷  ইমান আলিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আলিৰ বাসগৃহ দেওবাৰে পুৱা আৰক্ষীয়ে জেচিবি লগাই ভাঙিছিল৷ আৰক্ষীৰ অভিযানত লোকজনৰৰ ঘৰৰ পৰা পিষ্টল আৰু গুলী উদ্ধাৰ কৰা হয়৷ আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰে জড়িত মুজিবুৰ ৰহমান নামৰ আন এজন অভিযুক্ত ঘৰৰ পৰা ৬৫০০ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিছে অভিযানকাৰী আৰক্ষীয়ে৷ মজিবুৰক ঘটনাৰ নিশাই গ্ৰেপ্তাৰ কৰা হৈছিল৷ গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে ৰফিকুল ইছলাম, মুজিবুৰ ৰহমান, আনোৱাৰ হুছেইন, ছবিনা খাতুন, ৰছিদা খাতুন, আনোৱাৰ হুছেইন৷ আনহাতে, বটদ্ৰবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন কৰাৰ পাছত সঞ্জীৱ লাহনক বটদ্ৰবাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিয়ুক্তি দিয়া হৈছে৷  বটদ্ৰৱা থানাৰ সকলো বিষয়া-কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছত নতুন লোকক নিয়োগ কৰা হৈছে৷ 

নগাঁৱৰ উপ-আৰক্ষী অধীক্ষকক বদলি

নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰি জ্বলাই দিয়া ঘটনাই আৰক্ষীৰ দুৰ্বলতাক উদঙাই দিয়ে৷ আৰক্ষীৰ চকুৰ সন্মুখতে কিদৰে এখন থানাত অগ্নিসংযোগ কৰা হ’ল তাক লৈ বৰ্তমান তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ঘটনা সংঘটিত হোৱাৰ দিনা সন্ধিয়া বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ কুমাৰ গগৈক নিলম্বন কৰা হয়৷ ইফালে, আজি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালীক বদলি কৰা হৈছে৷ আৰক্ষীৰ বিশেষ শাখাৰ দায়িত্বত থকা দিপ্তী মালীৰ স্থানত নগাঁৱত নিযুক্তি দিয়া হৈছে ১৭নং অসম আৰক্ষী বাহিনীৰ উপ-আৰক্ষী অধীক্ষক বাবুধৰ দেউৰীক৷ উল্লেখ্য যে, বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগৰ পূৰ্বে প্ৰায় এঘণ্টা উন্মত্ত জনতা আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছিল৷ কিন্তু সেই সময়তো খবৰ পোৱা নাছিল নগাঁও আৰক্ষীৰ উচ্ছস্তৰীয় মহলে৷ সাধাৰণতে এনে আৰক্ষী থানাসমূহত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে লগে লগে সদৰৰ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয়৷ বটদ্ৰৱা আৰক্ষী নগাঁও মহকুমাৰ অন্তৰ্গত হোৱাৰ বাবে নগাঁও সদৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাং সেই স্থানত উপস্থিত হোৱাৰ প্ৰয়োজন আছিল যদিও তেওঁ ঘটনা সংঘটিত হোৱাৰ পাছত বহু পলমকৈ বটদ্ৰৱা থানাত উপস্থিত হৈছিল৷ একেদৰে নগাঁও আৰক্ষীৰ চোৰাংচোৱা বিভাগেও এনে এক ভয়াৱহ ষড়যন্ত্ৰৰ কোনো উমঘামেই পোৱা নাছিল৷  আজি অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই চোৰাংচোৱাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক দিপ্তী মালীক বদলিৰ নিৰ্দেশ দিছে৷ অৱশ্যে আৰক্ষীৰ এক সূত্ৰ মতে, উপ-আৰক্ষী অধীক্ষক মালিক নিয়মমাফিক বদলি কৰা হৈছে বটদ্ৰৱা থানাৰ ঘটনাৰ লগত এই বদলিৰ কোনো সম্পৰ্ক নাই৷

বটদ্ৰৱাত কংগ্ৰেছৰ ৭ জনীয়া কমিটী

দেশ কঁপোৱা বটদ্ৰৱা থানা আক্ৰমণ, জ্বলোৱা কাণ্ডৰ আজি তৃতীয় দিনাও বটদ্ৰৱাত উত্তেজনা অব্যাহত আছে৷ শনিবাৰৰ নিশাৰ পৰা বটদ্ৰৱালৈ ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে আহি তদন্ত ঘোষণা কৰাৰ পাছত আজি অগ্নিকাণ্ড সংঘটিত কৰা স্থানসমূহ নিৰীক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে আজি বটদ্ৰৱাত উপস্থিত হয় কংগ্ৰেছৰ জ্জজনীয়া বিশেষ কমিটী৷ বটদ্ৰৱা থানাৰ লংকা কাণ্ড সন্দৰ্ভত চৰজমিন তদন্তৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে গঠন কৰা কংগ্ৰেছৰ প্ৰতিনিধিৰ দলত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, বিধায়ক আব্দুল বাতিন, নেতা সুৰেশ বৰা, আব্দুল কাদিৰকে আদি কৰি সমিতিয়ে জ্বলি ছঁাই হোৱা থানা পৰিদৰ্শন কৰাৰ পাছত ৰাণা গোস্বামীয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি কয় যে সকলোপক্ষকে লগ কৰিব কংগ্ৰেছৰ এই কমিটীয়ে৷ ‘যিমান ডাঙৰ অপৰাধী নহওক, পুলিচ জিম্মাত মৰাটো সহজ কথা নহয়’৷ এই ঘটনা গ্ৰহণযোগ্য নহয়৷ আইনে যি ৰায় দিব আমি গ্ৰহণ কৰিম বুলি মন্তব্য কৰাৰ লগতে কমিটীৰ সভাপতি ৰাণা গোস্বামীয়ে ইয়াৰ উপৰিও তেওঁ কয়, পুলিচৰ জিম্মাত মৰা এয়াই শেষ ঘটনা হওক৷ যিকোনো চৰকাৰী সা-সম্পত্তি অনিষ্ট কৰাটো বেয়া, উচিত নহয়৷ চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এজন ন্যায়াধীশক তদন্তৰ দায়িত্ব দিয়ক৷ আৰক্ষীয়ে জেহাদী ধৰিছে, কিন্তু চোৰাংচোৱা ক’ত গ’ল? প্ৰশ্ন ৰাণা গোস্বামীৰ৷ চোৰাংচোৱা বিফল হৈছে৷ চৰকাৰে উচ্ছেদ কৰিব পাৰে, কিন্তু উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ মতে কৰিব লাগে৷ প্ৰথমে উচ্ছেদিত লোকৰ সংস্থাপনৰ ব্যৱস্থা কৰি, জাননী দি পাছত উচ্ছেদ কৰা নিয়ম৷ ইফালে আৰক্ষীৰ ভূমিকা সম্পৰ্কে ক’বলৈ গৈ তেওঁ কয়, যদি কোনোবাই মাটিৰ তলত অস্ত্ৰ লুকুৱাই থৈছে তেতিয়াহ’লে খান্দক৷ কিন্তু অসম চৰকাৰে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ আৰ্হি লৈছে৷ আনহাতে, এ আই ইউ ডি এফ দলৰ হৈ ধিঙৰ বিধায়ক আমিনুল ইছলাম বটদ্ৰৱাত উপস্থিত হৈ বটদ্ৰৱা কাণ্ডক ধিক্কাৰ দিছোঁ বুলি কয়৷ সঠিক তদন্তৰ আহ্বান জনায়৷ বটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিসংযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয় ‘বিষয়টোক লৈ ৰাজনীতি কৰা হৈছে৷ বিশেষকৈ শাসকীয় দল বিজেপিয়ে৷ এ আই ইউ ডি এফৰ বিধায়কজনৰ মতে, সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা ৰহস্যজনক৷ আক্ৰমণকাৰীক প্ৰথমে আৰক্ষীয়ে কিয় বাধা নিদিলে আৰু সময়মতেই আৰক্ষীৰ উচ্ছপদস্থ বিষয়াক অৱগত কিয় নকৰিলে বুলি প্ৰশ্ন বিধায়ক আমিনুলৰ৷  ইফালে অগপ দলৰ হৈ নেত্ৰী মামনি বৰা উপস্থিত হৈ বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাক নিন্দা কৰে৷ আক্ৰমণকাৰীসকলক কঠোৰতম শাস্তিৰ পোষকতা কৰে৷ ইফালে, বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ তৃতীয় দিনা বটদ্ৰৱাত আছুৰ সংবাদ মেল অনুষ্ঠিত হয়৷ সংবাদ মেলত বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই৷ সুৰাপায়ী এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আৰক্ষী থানা আক্ৰমণৰ ঘটনা গৰিহনাৰ যোগ্য৷ ছালনাবড়িৰ পৰা আহি থানা জ্বলোৱা অপৰাধীক কঠোৰ হাতেৰে দমন কৰিব লাগে৷ গুৰুজনাৰ জন্মস্থানৰ আৰক্ষী থানা আক্ৰমণৰ ঘটনা অসমীয়াৰ জাতীয় জীৱনত আঘাত বুলি অভিহিত কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে৷ নগাঁও আজুৰ সমিতিয়ে বটদ্ৰৱা থানা পৰিদৰ্শন কৰে অপূৰ্ব হাজৰিকা, প্লাবিতা হাজৰিকা, নীলৰঞ্জন শৰ্মাৰ দলে ঘটনাৰ দোষীক শাস্তি প্ৰদান কৰক বুলি মন্তব্য প্ৰদান কৰে৷