Logo
image

‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মালৈ ‘মহৰ্ষি নাৰদ জয়ন্তী বঁটা’

আমাৰ অসম, ২৪ মে’: দেশ তথা সমাজৰ প্ৰতিকুল পৰিস্থিতিত ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যমে৷ বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক মহৰ্ষি নাৰদ মহাপ্ৰভুৱেও সমাজক সজাগ, সচেতন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷ এনে এক ভাবাদৰ্শৰে বিশ্ব সংবাদ কেন্দ্ৰ, অসমে প্ৰতিবছৰে মহৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এগৰাকী বিশিষ্ট সাংবাদিকক ‘মহৰ্ষি নাৰদ জয়ন্তী বঁটা’, দুই-চাৰিগৰাকী সাংবাদিকক ৰাজহুৱাভাবে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে৷ এই উদ্দেশ্য আগত ৰাখি এইবেলি মহৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২২ বৰ্ষৰ বাবে নিৰ্বাচিত হয় ‘আমাৰ অসম’ কাকতৰ ডেপুটী এডিটৰ, বিশিষ্ট সাংবাদিক গৌতম শৰ্মা৷ আনহাতে, নাৰদ জয়ন্তী উপলক্ষে অসমৰ তিনিগৰাকী সাংবাদিকক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা ঘোষণা কৰিছে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে৷ এক প্ৰেছ বাৰ্তা যোগে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিয়া অনুসৰি, নাৰদ জয়ন্তী উপলক্ষে বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া তিনিগৰাকী সাংবাদিক ক্ৰমে ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰুৱা, ‘অসমীয়া খবৰ’ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক অৰুণিমা কলিতা আৰু ‘অসমীয়া প্ৰতিদিন’ কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপ’ৰ্টাৰ হেমেন বৰ্মন৷ আনহাতে, মহৰ্ষি নাৰদৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ উদ্যোগত ২ জুন, বৃহস্পতিবাৰে আবেলি ৩ বজাত গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত আয়োজন কৰা হৈছে এক বক্তৃতানুষ্ঠান৷ উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ‘সাপ্তাহিক অৰ্গেনাইজাৰ’ৰ সম্পাদক প্ৰফুল্ল কেটকাৰ৷ উক্ত অনুষ্ঠানতে নাৰদ জয়ন্তী বঁটা-২০২২ প্ৰদান কৰাৰ লগতে আন তিনিগৰাকী সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব৷ উল্লেখ্য, মহৰ্ষি নাৰদ জয়ন্তী বঁটাত নগদ ধনৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব বুলি বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিছে৷