Logo
image

ৰঙা দলিচাৰ ইতিকথা

কাণে কাণে ‘কান’ৰ কথা

আমাৰ অসম, ২৬ মে’: দিনৰ পাহাৰ, ৰাতিৰ জুই, তাক নেখেদি থাকিবা শুই৷ আগৰ দিন হোৱা হ’লে অসমৰ পৰা বুঢ়া-মেথাৰ এই উপদেশ মানি বিশেষকৈ ৰাজধানী গুৱাহাটীৰ পৰা ৭,৬৩৩ কিলোমিটাৰ দূৰলৈ জপিয়াই কানত কি হৈছে, নহৈছে, কোন আয়োজকৰ পৰা আমন্ত্ৰণ পাইছে-নাপাইছে সেয়া খবৰ নকৰাকৈ সকলো শুই থাকিলহেঁতেন৷ কিন্তু ৱল্ডৰ্ ৱাইড ৱেবৰ [ডব্লিউ ডব্লিউ ডব্লিউ] মকৰাৰ জালখন এতিয়া বহু বহুল, দিগন্ত বিস্তৃত৷ সেয়ে ঘৰতে বহি হাতত মোবাইলটো লৈ এই জালেৰে নিমিষতে বগাই এতিয়া পৃথিৱীৰ ইমুৰ সিমুৰ পাবগৈ পাৰি৷ এই জালৰ আশ্ৰয় লৈয়েই অসমৰ অত্যুৎসাহী এচামে দিনৰ পাহাৰ আৰু ৰাতিৰ জুই খেদি ঘৰতে থাকি সন্ধান উলিয়াইছে ফ্ৰান্সৰ কানত চলি থকা বিশ্বৰ প্ৰাচীনতম আৰু সবাটোকৈ মৰ্যাদাসম্পন্ন চলচ্ছিত্ৰ মহোৎসৱখনৰ দেশৰ আৰু ৰাজ্যৰ কোনে কি ভূমিকা পালন কৰিছে৷ প্ৰকৃততে অসমৰ পৰা কানলৈ যোৱা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে কানত কি কৰিছে বা কেনে মৰ্যাদা লাভ কৰিছে অথবা দেশক প্ৰতিনিধিত্ব কৰি যোৱা সকলে কেনে অভ্যৰ্থনা পাইছে সেয়া তেওঁলোকে নিজে মূলসূঁতি আৰু ছ’ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰায় সঠিকভাৱে প্ৰকাশ কৰি আছে৷ সমস্যাৰ উদ্ভৱ হৈছে এচাম অতুৎসাহী অনুৰাগী আৰু সাংবাদিক সৰ্বজান্তাৰ আবিৰ্ভাবে সৃষ্টি কৰা বিভ্ৰান্তিত৷ মূলতঃ ছ’চিয়েল মিডিয়া আৰু কম-বেছি পৰিমাণে মূলসূঁতিৰ সংবাদ মাধ্যমত সৃষ্টি হোৱা বিভ্ৰান্তি মঙলবাৰে নিশাৰ পৰা ইমানেই বৃদ্ধি হয় যে, বুধবাৰৰ সম্পূৰ্ণ দিনটো ৰাজ্যৰ ছ’ছিয়েল মিডিয়াৰ নেটিজেনৰ মাজত সৰ্বোচ্ছ চৰ্চাৰ বিষয়টো আছিল কান৷ ৭,৬৩৩ কিলোমিটাৰ দূৰত অৱস্থিত কানৰ আয়োজকো ছাগৈ বিমূঢ় হ’ব অসমত কান চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰসাৰ আৰু তাৰ প্ৰতি আকৰ্ষণ দেখি৷ সন্দেহাতীতভাৱে এই আলোচনাৰ মূল বিষয় আছিল কানৰ ৰেড কাৰ্পেট আৰু সঁচাকৈ কানলৈ  কোন আৰু কেনেকৈ আনুষ্ঠানিক প্ৰতিনিধি হিচাপে যায়৷ 

বিশ্বৰ সকলো চলচ্ছিত্ৰ তাৰকা আৰু ছবিজগতৰ সৈতে জড়িত তাৰকা-মহাতাৰকা প্ৰত্যেকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে কান চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট৷ জীৱনত এবাৰ, এবাৰৰ বাবে হ’লেও তাৰকাৰ ৰূপেৰে সাজি এই ৰেড কাৰ্পেটত পদ সঞ্চাৰ কৰিবলৈ সকলো অভিনেতা-অভিনেত্ৰীয়েই উদগ্ৰীৱ হৈ থাকে৷ কানৰ ৰেড কাৰ্পেটত প্ৰকৃততে কোনে খোজ কাঢ়িবলৈ সুবিধা পায়–এই মুহূৰ্তত এয়াই অসমত সৰ্বাধিক চৰ্চিত প্ৰশ্ন৷ কানৰ ‘গ্ৰেণ্ড থিয়েটাৰ লুমিয়ে’ [Lumiere] নামৰ মূল ছবি ঘৰটোৰ সন্মুকত পাৰি থোৱা ৩০ মিটাৰ ‘ৰেড কাৰ্পেট ৰানৱে’ত কি সকলোৱে খোজ কঢ়াৰ সুযোগ  লাভ কৰে? প্ৰকৃততে সেই কাৰ্পেটৰ ওপৰেৰে অনেকেই পদচালনা কৰে, কিন্তু সেয়া গুৰুত্বপূৰ্ণ নহয়৷ কিয়নো ১২ দিনীয়া এই চলচ্ছিত্ৰ মহোৎসৱখনত দৈনিক প্ৰায় দুবাৰকৈ গ্ৰেণ্ড লুমিয়ে থিয়েটাৰত ছবি প্ৰদৰ্শিত হয়, যিটো ছবিঘৰৰ দৰ্শকাসন ২,০০০ জনৰ৷ অৰ্থাৎ প্ৰতিদিনে প্ৰায় ৪,০০০ দৰ্শকে গ্ৰেণ্ড লুমিয়েত ছবি উপভোগ কৰাৰ সুযোগ পায়৷ গড়ে দৈনিক দৰ্শকৰ  সংখ্যা হয় ৩,০০০৷ সেই প্ৰত্যেকজন দৰ্শকেই বাৰটা দিনত গ্ৰেণ্ড লুমিয়েৰ সন্মুখত পাতি থোৱা ৩০ মিটাৰ দীঘল ৰেড কাৰ্পেটৰ ওপৰেৰে অহা যোৱা কৰে৷ অৰ্থাৎ দহ দিনৰ প্ৰায় ৩০,০০০ অভ্যাগতে খোজ কাঢ়ে কানৰ সেই বিশেষ ৰেড কাৰ্পেটত৷ কিন্তু সেই প্ৰত্যেক ৩০,০০০ জন অভিনেতা-অভিনেত্ৰী, প্ৰযোজক-পৰিচালক, চিত্ৰগ্ৰহণকাৰী-কাৰিকৰী শিল্পীৰ প্ৰতি ৰেড কাৰ্পেটৰ কাষে কাষে খাপ পিটি থকা ফটোগ্ৰাফাৰ আকৰ্ষিত নহয়৷ অথবা আয়োজকেও তেওঁলোকক গুৰুত্ব নিদিয়ে৷ তদুপৰি সেই স্থানত কোনেও মোবাইল কেমেৰা ব্যৱহাৰ কৰি ফটো বা ভিডিঅ’ ল’ব নোৱাৰে৷ ফটোগ্ৰাফাৰ আকৰ্ষিত হয় বিশেষ একাংশ তাৰকাৰ প্ৰতি আৰু আয়োজকেও সেয়া উপলব্ধি কৰি তেওঁলোকক বিশেষ সময়ত, ঘাইকৈ বিয়লিৰ প্ৰদৰ্শনীৰ পূৰ্বে বা একে সময়তে ছবিৰ প্ৰদৰ্শনী নোহোৱাকৈয়ো ৰেড কাৰ্পেটত খোজ খঢ়াৰ সুযোগ দিয়ে৷ বহুতৰ বাবে সেয়া হয় ‘লাইফ টাইম এক্সপেৰিয়েন্স’ বা বহুবাৰ খোজ কাঢ়িলেও প্ৰায় সকলো তাৰকা অভিনেতা-অভিনেত্ৰীয়ে সেই গ্লেমাৰ উপভোগ কৰে৷ 

ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ সুযোগ পায় অভিনেতা-অভিনেত্ৰী, পৰিচালক, প্ৰযোজক, বিনিযোগকাৰী, ছবিৰ ধন ধাৰে দিওতা আৰু জুৰীৰ সদস্য তথা সাংবাদিকেও৷ ৰেড কাৰ্পেটত খোজ কাঢ়িবৰ বাবে পুৰুষে ক’লা ছুট-টাই, ছামৰাৰ ফৰ্মেল জোতা, মহিলাই গাউন বা ড্ৰেছ, হাইহিল পৰিধান কৰাটো বাধ্যতামূলক৷ ফ্লেট চেন্দেল পিন্ধা অভিনেত্ৰীক ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ দিয়া নহয়৷ 

প্ৰথমতে, তেওঁলোকে সুবিধা পায়, যি অভিনেতা-অভিনেত্ৰী, প্ৰযোজক-পৰিচালক, বিনিযোগকাৰী-ছবিৰ বাবে ঋণ দিওতাৰ ছবি গ্ৰেণ্ড লুমিয়েও প্ৰদৰ্শিত হয়৷ দ্বিতীয়তে, কানত পঞ্জীয়ন কৰা ছবিৰ পেছাদাৰে যদি আবেদন জনায় আৰু টিকট কিম্বা আমন্ত্ৰণী পত্ৰ লাভ কৰে তেওঁলোকে খোজ কাঢ়িবলৈ সুবিধা পায়৷ পঞ্জীয়নৰ সময়তে তেওঁলোকক এটা বেজ আৰু ক’ড দিয়া হয়. যাৰ বেজ যিমান ওপৰৰ, তেওঁলোকে তাৰ বাবে অটোমেটিক মেশ্বিনত গ্ৰেণ্ড লুমিয়েৰ টিকট অগ্ৰাধিকাৰ ভিত্তিত কাটি ল’ব পাৰে৷ সেয়ে সকলো পঞ্জীয়নকাৰীয়েই ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ সুবিধা নাপায়৷ চতুৰ্থতে, যিখন ছবি গ্ৰেণ্ড লুমিয়েত প্ৰদৰ্শিত হয়, তাৰ জুৰীৰ সদস্যই ৰেড কাৰ্পেটত খোজ কঢ়াৰ সুবিধা পায়৷ পঞ্চমতে কান মহোৎসৱৰ চৰকাৰী স্পনছৰ যেনে অলংকাৰ, প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড এম্বাছাদৰে ৰেড কাৰ্পেটত খোজ কঢ়াৰ সুবিধা পায়৷ মূলতঃ কান মহোৎসৱৰ আয়োজকে তেনে তাৰকা অভিনেতা-অভিনেত্ৰী, ছছিয়েলাইট আদিক বিয়লিৰ মূল সময়চোৱাত ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ আমন্ত্ৰণ জনায়৷ মহোৎসৱত ছবি প্ৰদৰ্শন নোহোৱাকৈয়ো তাৰকা অভিনেত্ৰী যেনে স্কাৰলেট জোহানছন, ইভা লংগৰিয়া, ছছিয়েলাইট যেনে পেৰিছ হিল্‌টনৰ দৰে গ্লেমাৰাছ নায়িকা বা নায়কক মূল সময়খিনিত ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ আমন্ত্ৰণ জনায়৷ জুৰী হিচাপে কানত এইবাৰ ৰেড কাৰ্পেটত ভাৰতৰ দীপিকা পাডুকন, অলংকাৰ-প্ৰসাধন কোম্পানীৰ ব্ৰেণ্ড এম্বাছাডৰ হিচাপে এইবাৰ ৰেড কাৰ্পেটত খোজ কাঢ়িছে ভাৰতৰ বিশ্ব সুন্দৰী-অভিনেত্ৰী, নীলনয়না ঐশ্বৰ্য ৰায় বচ্ছনে৷ তেনে আমন্ত্ৰিত তাৰকাক ওচৰৰে সমীপৱৰ্তী পঞ্চতাৰকা হোষ্টলত সাজপাৰ, প্ৰসাধনৰ সুযোগ দি লিমুজিন বা তেনে গাড়ীৰে ৰেড কাৰ্পেটৰ সমীপলৈ গাড়ীৰ কাৰাভানেৰে অনা হয় আৰু তেওঁলোকে লাস্যময়ী ভংগীৰে খোজ দি উপস্থিত সকলোকে চাক্ষুস তৃপ্তি প্ৰদান কৰে৷ নিতৌ বিয়লি বা সন্ধ্যা এনে এটা ৰেড কাৰ্পেট ৱাক হয়, যি হৈছে কানৰ সবাতোকৈ আকৰ্ষণীয় গ্লেমাৰপূৰ্ণ ইভেণ্ট৷ এই ৰেড কাৰ্পেট ৱাকৰ ফটো. ভিডিঅ’ বিশ্বজুৰি প্ৰচাৰ হয়৷ অন্যান্যসকলে তাত উপস্থিত ফটোগ্ৰাফাৰৰ পৰা বৃহৎ অংকৰ ইউৰোৰ বিনিময়ত নিজৰ ছবি ক্ৰয় কৰে৷ মহা তাৰকাসকলৰ ৰেড কাৰ্পেটৰ ছবি কানৰ আয়োজকে আনুষ্ঠানিকভাৱে, উপস্থিত সংবাদ মাধ্যমৰ ফটোগ্ৰাফাৰে নিজস্ব এজেন্সি যেনে এ এফ পি, এপি, ৰয়টাৰ্ছ আদিৰ জৰিয়তে বিশ্বজুৰি প্ৰচাৰ কৰে৷

কান চলচ্ছিত্ৰ মহোৎসৱত প্ৰকৃততে কি কি হয় আৰু কোনো আমন্ত্ৰণ লাভ কৰে সেই লৈয়ো সম্প্ৰতি অসমত তুমুল বিতৰ্ক আৰু বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ কান চলচ্ছিত্ৰ মহোৎসৱৰ ভাগ কেইবাটাও৷ তাৰে প্ৰথমটো ভাগ হৈছে প্ৰগ্ৰেম বা কাৰ্যসূচী, দ্বিতীয়টো ভাগ হৈছে ইভেণ্ট্‌ছ৷ ইয়াৰে প্ৰগ্ৰেম বা মূল কাৰ্যসূচীত কেইবাটাও ভাগ থাকে৷ তাৰ প্ৰথমটো ভাগ হৈছে অফিচিয়েল ছিলেকছন৷ এয়াই হৈছে কান মহোৎসৱৰ মূল শিতান৷ ইয়াত প্ৰতিযোগিতাৰ এটা শিতান আছে৷ তাত মুঠতে ২১ খন ছবিয়ে সৰ্বোচ্ছ সন্মান ‘পাম ডউৰ’ [Plam d'Or] লাভ কৰাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে৷ একে প্ৰতিযোগিতাৰ দ্বিতীয় বঁটাটো হৈছে ‘এই চেখ্‌টে ৰিগাৰ্ড’ [Un Certain Regard]৷ এই শিতানত পূৰ্ণদৈৰ্ঘ্যৰ ছবিয়ে ভাগ ল’ব পাৰে আৰু সেই ছবি প্ৰতিযোগিতাৰ বাবে আয়োজকে নিৰ্বাচিত কৰে৷ দ্বিতীয় শিতান হৈছে ‘আউট অব্‌ কম্পিটিছন’ বা অপ্ৰতিযোগিতা৷ সেই ছবিসমূহ গ্ৰেণ্ড লিমিয়ে ছবি ঘৰত প্ৰদৰ্শিত হয়৷ একেটা শিতানতে আয়োজকে ‘স্পেচিয়েল স্ক্ৰীণিঙ’ৰ বাবে পৰিৱেশ সম্পৰ্কীয় ছবি নিৰ্বাচিত কৰে৷ তাৰে আন এটা ভাগ হৈছে ‘চিনেফণ্ডেশ্বন’৷ এই শাখাত প্ৰায় পোন্ধৰখন ছুটি আৰু মজলীয়া দৈৰ্ঘ্যৰ ছবি প্ৰদৰ্শিত হয়৷ ‘ছেল বুনুৱেল’ নামৰ ছবি ঘৰত এই ছবিসমূহ প্ৰদৰ্শিত হয়৷ প্ৰতিযোগিতামূলক শিতানৰ আন এটা ভাগ হৈছে ছুটি ছবি৷ এই বিভাগত ছুটি ছবিৰ ‘পাম ডউৰ’ অৰ্থাৎ সৰ্বোচ্ছ সন্মানৰ বাবে প্ৰতিযোগিতা হয় আৰু ছবিসমূহ বুনুৱেল তথা ডুবিছি থিয়েটাৰ নামৰ ছবি ঘৰত প্ৰদৰ্শিত হয়৷ এই শিতানত প্ৰায় দহখনমান ছবিয়ে ভাগ লোৱাৰ সুযোগ পায়৷ কান মহোৎসৱৰ আন এটা ভাগ হৈছে ‘কান ক্লাছিক্‌ছ’, এই শিতানত বহু পুৰণা ছবি, আনকি কোনো সময়ত ক’লা-বগা ছবি, নষ্টপ্ৰায় হৈ যোৱা ছবিও প্ৰদৰ্শিত হয়৷ এয়া অপ্ৰতিযোগিতামূলক শিতান৷ সেই শিতানৰে আন এটা ভাগ হৈছে ‘চিনেমা ডি লা প্লাজ’৷ এই শাখাত বিশ্বৰ যিকোনো জনপ্ৰিয় ছবিৰ মাজৰ পৰা কিছুসংখ্যক ছবি আয়োজকে কেৱল প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰি নিয়ে৷ তাৰে আন এটা ভাগ হৈছে ‘পেৰেলেল চেকছনছ’, য’ত ছবিৰ ভিন্নসূৰী উপস্থাপনক গুৰুত্ব দিয়া হয় তেনে ছবিয়ে এই শাখাত স্থান পায়৷ ইয়াৰে আন এটা ভাগ হৈছে ‘ইণ্টাৰনেশ্বনেল ক্ৰিটিক্স উইক’৷ ১৯৬২ চনৰ পৰা নতুন প্ৰতিভাৱান তাৰকাৰ উন্মেষ ঘটা ছবি নিৰ্মাতাৰ প্ৰথম বা দ্বিতীয়খন ছবি এই শাখাত প্ৰদৰ্শিত হয়৷ আন এটা ভাগ হৈছে ‘ডাইৰেক্টৰছ ফ’ৰ্টনাইট’৷ এই বিভাগ ১৯৬৯ চনৰ পৰা আৰম্ভ হৈছে৷ এই শাখাত বিখ্যাত পৰিচালকৰ কিছুমান ছবি প্ৰদৰ্শন কৰা হয়৷ কানৰ অপ্ৰতিযোগিতামূলক শিতানৰ আন এটা বিভাগ হৈছে ‘টু লে চিনেমা ডু মণ্ডে’৷ এই বিভাগত সমগ্ৰ বিশ্বৰ বৈচিত্ৰ্যপূৰ্ণ ছবিৰ প্ৰদৰ্শন কৰা হয়৷ তদুপৰি অপ্ৰতিযোগিতামূলক শিতানত এ চি আই ডি বা ‘এছোচিয়েছন ফৰ ইণ্ডিপেণ্ডেণ্ট চিনেমা এণ্ড ইটছ ডিষ্ট্ৰিবিউছন’ নামৰ এটা ভাগ আছে৷

কান ছবি মহোৎসৱৰ দ্বিতীয় শিতান বা অধ্যায় হৈছে ইভেণ্টছ বা ঘটনাক্ৰম বা আয়োজন৷ এই শিতানত ‘মাখ্‌ছে ডু ফিল্ম’ নামৰ এটা ভাগত পৃথিৱীৰ বিভিন্ন দেশৰ ছবি সেই সেই দেশে প্ৰেৰণ কৰিব পাৰে৷ চলিত মহোৎসৱত এই শিতানত অসমৰ বুম্বা ৰাইড প্ৰদৰ্শিত হৈছে৷ ইয়াৰ উপৰি ইফেণ্ট্‌ছ শিতানত ‘মাষ্টাৰক্লাছেছ’, ‘ট্ৰিবিউটছ’, ‘প্ৰডিউছাৰ্ছ নেটৱৰ্ক’ আৰু ‘এক্সিবিছন’ নামৰ ভাগ আছে৷ এই সকলোবোৰ ভাগতে বিশ্বৰ বিভিন্ন দেশৰ ছবি প্ৰদৰ্শন কৰা হয় যদিও সেই ছবিসমূহক কান চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজকে নিৰ্বাচিত নকৰে আৰু আমন্ত্ৰণো নজনায়৷ সংশ্লিষ্ট দেশে এই শিতানলৈ নিজ নিজ দেশৰ ছবি অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰি প্ৰেৰণ কৰে৷ এই ছবিসমূহ মূল প্ৰেক্ষাগৃহত প্ৰদৰ্শিত নহয় যদিও কান চলচ্ছিত্ৰ মহোৎসৱৰ বৃহত্তৰ এলেকাৰ ভিতৰতে থকা আন আন ছবিঘৰত প্ৰদৰ্শিত হয়৷