Logo
image

‘কান’ৰ ৰেড কাৰ্পেটত খোজ কাঢ়িছিলোঁ

আমাৰ অসম, ২৬ মে’: বিশ্বৰ প্ৰাচীনতম আৰু সবাতোকৈ ঐতিহ্যবাহী কান চলচ্ছিত্ৰ মহোৎসৱৰ সৰ্বাধিক গ্লেমাৰপূৰ্ণ ৰেড কাৰ্পেটৰ মূল ইভেণ্টত এতিয়ালৈকে আনুষ্ঠানিকভাৱে খোজকঢ়া একমাত্ৰ অসমীয়া অভিনেত্ৰীগৰাকী হৈছে দেশৰ স্বনামধন্য অভিনেত্ৰী সীমা বিশ্বাস৷ ২০১৬ চনৰ ১৮ মে’ত অসমৰ অভিনেত্ৰী সীমা বিশ্বাসে কান চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটৰ ৩০ মিটাৰ ৰানৱেত পদসঞ্চাৰ কৰিছিল৷ স্বাভাৱিকতে সেয়া আছিল অসমৰ ছবি জগতৰ বাবে ঐতিহাসিক ক্ষণ৷ এতিয়ালৈকে একমাত্ৰ সীমা বিশ্বাসেই অসমীয়া অভিনেত্ৰী হিচাপে কান চলচ্ছিত্ৰ মহোৎসৱৰ সবাতোকৈ গ্লেমাৰাছ ইভেণ্ট ৰেড কাৰ্পেটত আয়োজকৰ পৰা আমন্ত্ৰণ লাভ কৰি খোজকঢ়াৰ মৰ্যাদা লাভ কৰিছে৷ অৱশ্যে কোনো অসমীয়া বা ভাৰতীয় ছবিত অভিনয়ৰ সূত্ৰে সীমা বিশ্বাসে এই সুযোগ লাভ কৰা নাছিল৷ তেওঁ সুযোগ লাভ কৰিছিল ‘এ ইয়েল্ল’ বাৰ্ড’ নামৰ ছিংগাপুৰত নিৰ্মিত এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ জৰিয়তে৷ সেই ছবিখনৰ পৰিচালক আছিল ছিংগাপুৰ নিবাসী প্ৰবাসী ভাৰতীয় শিৱ কুমাৰ পালাকৃষ্ণণ৷ অনেকেই ছ’চিয়েল মিডিয়াত ভুলভাৱে ‘দ্য আননউন গাৰ্ল’ ছবিখনত অভিনয়ৰ সূত্ৰে সীমা বিশ্বাসে প্ৰথম আৰু একমাত্ৰ অভিনেত্ৰী হিচাপে কানৰ ৰেড কাৰ্পেটত খোজকঢ়া বুলি প্ৰচাৰ কৰিছে৷ পিছে সেই তথ্য শুদ্ধ নহয়৷ সম্প্ৰতি কোলহাপুৰত এখন হিন্দী ছবিৰ শ্বুটিঙত ব্যস্ত থকা সীমা বিশ্বাসৰ সৈতে যোগাযোগ কৰাত তেওঁ ক’লে– ‘হয়, মই ২০১৬ চনত ‘এ ইয়েল্ল’ বাৰ্ড’ নামৰ ছবিখনত অভিনয়ৰ সূত্ৰে কান চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজকৰ আমন্ত্ৰণমৰ্মে গ্লেমাৰপূৰ্ণ ৰেড কাৰ্পেট ইভেণ্টত খোজকঢ়াৰ সুযোগ পাইছিলো৷ সেয়া আছিল অতি সুন্দৰ অভিজ্ঞতা৷ মোৰ সৈতে ৰেড কাৰ্পেটত একেলগে পৰিচালক শিৱ কুমাৰ পালাকৃষ্ণণেও খোজকাঢ়িছিল৷ মই ঐতিহ্যপূৰ্ণ কান চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজকাঢ়িবলৈ পোৱা সেই মৰ্যাদাৰ সৈতে কাৰো তুলনা কৰিবলৈ কেতিয়াও নিবিচাৰো৷ তদুপৰি ময়েই প্ৰথমে অসমীয়া অভিনেত্ৰী হিচাপে কানৰ ৰেড কাৰ্পেটত খোজকাঢ়িছো নে মোৰ আগে-পিছে আন কোনো অসমীয়া অভিনেত্ৰীয়ে কানৰ ৰেড কাৰ্পেটৰ মূল ইভেণ্টত খোজকঢ়াৰ সুযোগ পাইছে সেই বিষয়ে মই নাজানো৷ আচলতে মই এই বিষয়টোক লৈ কোনো বিতৰ্কৰ অৱতাৰণা হোৱাটো নিবিচাৰো৷’

সম্প্ৰতি দাক্ষিণাত্যৰ এখন ছবিৰ হিন্দী ৰিমেকৰ শ্বুটিঙক লৈ মুম্বাইৰ সমীপৱৰ্তী কোলহাপুৰৰ শ্বুটিং স্থলীত ব্যস্ত হৈ আছে অসমৰ অভিনেত্ৰী সীমা বিশ্বাস৷ তেওঁৰ পৰিয়ালৰ এজন ঘনিষ্ঠ ব্যক্তিৰ আকস্মিক মৃত্যুৰ বাবে সীমা বিশ্বাস ব্যথিত৷ সেয়ে তেওঁ এনে বিষয়ত বিস্তৃতভাৱে আজি কথা পাতিবলৈ ইচ্ছা নথকা বুলিও ক’লে৷ তথাপি তাৰ মাজতে তেওঁ জনালে যে, দক্ষিণৰ এখন জনপ্ৰিয় ছবিৰ যি হিন্দী ৰিমেক হৈ আছে সেই ছবিত বলীউডৰ তাৰকা অভিনেতা অক্ষয় কুমাৰেও অভিনয় কৰিছে৷ সীমা বিশ্বাসৰ ভূমিকা হৈছে অক্ষয় কুমাৰৰ মাতৃৰ৷ ছবিখন হিন্দীতো জনপ্ৰিয় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ এতিয়ালৈকে ছবিখনৰ নাম স্থিৰ হোৱা নাই বুলি জনালে অভিনেত্ৰীগৰাকীয়ে৷ আজি বুধবাৰে শোকাভিভূত হৈ থকাৰ বাবে তেওঁ শ্বুটিংস্থলীত থাকিও পূৰ্ণৰূপত শ্বুটিং কৰিব পৰা নাই বুলিও ক’লে৷

প্ৰসঙ্গতঃ উল্লেখযোগ্য ‘এ ইয়েল্ল’ বাৰ্ড’ নামৰ যিখন ছবিৰ জৰিয়তে সীমা বিশ্বাসে কানৰ ৰেড কাৰ্পেটত প্ৰথম অসমীয়া অভিনেত্ৰী হিচাপে খোজকাঢ়ি ইতিহাস গঢ়িছিল সেই ছবিত তেওঁ অভিনয় কৰিছিল মূল ভূমিকাত৷ সীমা বিশ্বাসৰ উপৰি ছবিখনত অভিনয় কৰিছিল বিদেশী অভিনেত্ৰী লু গুৱাং-উদয়া সৌন্দৰী, বিদেশী অভিনেতা নিথিয়া ৰাও, ইন্দ্ৰা চন্দন, মাৰ্কাছ মক, উইলছন ইত্যাদিয়ে৷ সেই ছবিখনত সীমা বিশ্বাসে তেওঁৰ নিজৰ পৰিয়ালটোৰ মাজৰ সম্পৰ্ক পুনৰ স্থাপিত কৰি একগোট কৰিবলৈ প্ৰয়াস চলাইছিল৷ ছবিখনে ইংৰাজী, মান্দাৰিন ভাষাৰ উপৰি তামিল ভাষাতো মুক্তি পাইছিল৷